--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখৰ যাদু অনন্য। আঠৰ পৰা আশী সকলোৱে তেওঁৰ এই যাদুত মগ্ন। কিন্তু ইমান খ্যাতিৰ পাছতো শ্বাহৰুখৰ কোনো অহংকাৰ নাই। সেইবাবেই ৰাতি দুটা বজাতো অনুৰাগীক লগ কৰিলে বলিউডৰ বাদশ্বাহে।

জ্যোতিন গুপ্তা নামৰ ব্যক্তিজন শ্বাহৰুখ খানৰ অন্ধ অনুৰাগী। তেওঁ শ্বাহৰুখক লগ কৰিবলৈ উদ্বাউল হৈ আছিল। অৱশেষত এই সুযোগ লাভ কৰিলে তেওঁ।

ৰাতি দুবজাত হোটেলৰ কোঠাত লগ পায় বলিউডৰ বাদশ্বাহক। সমগ্ৰ মুহূৰ্তটোৰ ফটো জ্যোতিনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। শ্বাহৰুখক ধন্যবাদ জনাই তেওঁ লিখে, "ৰাতি দুটা বজাত হোটেলৰ পৰা ফোন আহিছিল। তেওঁৰ স’তে লগ হৈ বহুত কথা পাতিছিলো। কোনো চুপাৰষ্টাৰে অনুৰাগীসকলৰ বাবে এনে নকৰে।’’



জ্যোতিনে আৰু লিখে যে ইমান ৰাতি বলিউডৰ বাদশ্বাহক আমনি কৰাৰ বাবে তেওঁ দুঃখিত। কিন্তু তেওঁ শ্বাহৰুখক ভাল পায়।



উল্লেখ্য যে শ্বাহৰুখৰ অনুৰাগীসকল বৰ্তমান 'পাঠান' জ্বৰত ভুগি আছে। ছবিখনৰ আঢ়ৈ মিনিটৰ ট্ৰেইলাৰটোৱে ধুমুহাৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement