--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ানাৰ পৰা পোহৰলৈ আহিছে এক অতি আচৰিত ঘটনা। ঘটনা অনুসৰি এটি ৬ মহীয়া কেঁচুৱাক জীৱিত অৱস্থাতে এন্দুৰৰ দলে চেঁপি ধৰে। শিশুটিয়ে নিজৰ দোলনাত আৰামত শুই আছিল। তেতিয়া এন্দুৰবোৰে শিশুটিক আক্ৰমণ কৰে। কোৱা হৈছে যে শিশুটিক এন্দুৰবোৰে ৫০ বাৰতকৈ অধিক কামোৰে৷ পিছদিনা ৰাতিপুৱা শিশুটিক তেজেৰে ভিজি থকা দেখি পিতৃ-মাতৃয়ে এই ঘটনাৰ বিষয়ে অৱগত হয়।
   
নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি এই ঘটনা বুধবাৰে সংঘটিত হয়৷ শিশুটিৰ পিতৃ-মাতৃ ডেভিদ আৰু এঞ্জেল শ্বোনাবামে যেতিয়া নিজৰ পুত্ৰক চাবলৈ গৈছিল, তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰিছিল। তেওঁলোকে দেখিলে যে তেওঁলোকৰ সন্তানৰ তেজ অবিৰতভাৱে ওলাই আছে। এই ঘটনাৰ কথা জানিব পৰাত আৰক্ষীয়েও সেই স্থানত উপস্থিত হৈ পিতৃ-মাতৃ দুয়োকে গ্ৰেপ্তাৰ কৰে। পিতৃ-মাতৃয়ে শিশুটিৰ সঠিক যত্ন নোলোৱা আৰু অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃ-মাতৃৰ উপৰিও এই কাণ্ডৰ অভিযুক্তৰ ভিতৰত শিশুটিৰ পেহীয়েক ডেলানিয়া থাৰ্মানৰো নাম উল্লেখ কৰা হৈছে। একেটা ঘৰতে থকা ডেলানিয়াকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰতিবেদন অনুসৰি শিশুটিৰ গাল, নাক, কপাল, ভৰি, বাহু, উৰু, হাত আৰু ভৰিৰ আঙুলিত এন্দুৰে কামোৰাৰ বহু চিন আছে, য’ৰ পৰা বহু পৰিমাণে ৰক্তক্ষৰণ হৈছিল। এই ঘটনাৰ পাছত লগে লগে শিশুটিক ইণ্ডিয়ানাপলিছৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷এই কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যে এই পৰিয়ালত ল’ৰাটোৰ তিনি আৰু ছয় বছৰ বয়সৰ ভাই-ভনী আছে। এই পৰিয়ালটোৱে থকা ঘৰখনৰ পৰিৱেশ লেতেৰা হৈ পৰিছিল। গোটেই ঘৰখন জাবৰ আৰু এন্দুৰৰ মলেৰে ভৰি পৰিছিল। শিশুটিৰ পিতৃয়ে জনোৱা মতে, এন্দুৰৰ বাবেই এই সমস্যা মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল। ঘৰৰ শিশুক এন্দুৰে কামোৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে ঘৰৰ আৰু দুটা শিশুক শুই থকা অৱস্থাত এন্দুৰক বেয়াকৈ কামুৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল