--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ানাৰ পৰা পোহৰলৈ আহিছে এক অতি আচৰিত ঘটনা। ঘটনা অনুসৰি এটি ৬ মহীয়া কেঁচুৱাক জীৱিত অৱস্থাতে এন্দুৰৰ দলে চেঁপি ধৰে। শিশুটিয়ে নিজৰ দোলনাত আৰামত শুই আছিল। তেতিয়া এন্দুৰবোৰে শিশুটিক আক্ৰমণ কৰে। কোৱা হৈছে যে শিশুটিক এন্দুৰবোৰে ৫০ বাৰতকৈ অধিক কামোৰে৷ পিছদিনা ৰাতিপুৱা শিশুটিক তেজেৰে ভিজি থকা দেখি পিতৃ-মাতৃয়ে এই ঘটনাৰ বিষয়ে অৱগত হয়।
   
নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি এই ঘটনা বুধবাৰে সংঘটিত হয়৷ শিশুটিৰ পিতৃ-মাতৃ ডেভিদ আৰু এঞ্জেল শ্বোনাবামে যেতিয়া নিজৰ পুত্ৰক চাবলৈ গৈছিল, তেতিয়া তেওঁলোক স্তম্ভিত হৈ পৰিছিল। তেওঁলোকে দেখিলে যে তেওঁলোকৰ সন্তানৰ তেজ অবিৰতভাৱে ওলাই আছে। এই ঘটনাৰ কথা জানিব পৰাত আৰক্ষীয়েও সেই স্থানত উপস্থিত হৈ পিতৃ-মাতৃ দুয়োকে গ্ৰেপ্তাৰ কৰে। পিতৃ-মাতৃয়ে শিশুটিৰ সঠিক যত্ন নোলোৱা আৰু অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে। পিতৃ-মাতৃৰ উপৰিও এই কাণ্ডৰ অভিযুক্তৰ ভিতৰত শিশুটিৰ পেহীয়েক ডেলানিয়া থাৰ্মানৰো নাম উল্লেখ কৰা হৈছে। একেটা ঘৰতে থকা ডেলানিয়াকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰতিবেদন অনুসৰি শিশুটিৰ গাল, নাক, কপাল, ভৰি, বাহু, উৰু, হাত আৰু ভৰিৰ আঙুলিত এন্দুৰে কামোৰাৰ বহু চিন আছে, য’ৰ পৰা বহু পৰিমাণে ৰক্তক্ষৰণ হৈছিল। এই ঘটনাৰ পাছত লগে লগে শিশুটিক ইণ্ডিয়ানাপলিছৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷এই কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে কয় যে এই পৰিয়ালত ল’ৰাটোৰ তিনি আৰু ছয় বছৰ বয়সৰ ভাই-ভনী আছে। এই পৰিয়ালটোৱে থকা ঘৰখনৰ পৰিৱেশ লেতেৰা হৈ পৰিছিল। গোটেই ঘৰখন জাবৰ আৰু এন্দুৰৰ মলেৰে ভৰি পৰিছিল। শিশুটিৰ পিতৃয়ে জনোৱা মতে, এন্দুৰৰ বাবেই এই সমস্যা মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল। ঘৰৰ শিশুক এন্দুৰে কামোৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে ঘৰৰ আৰু দুটা শিশুক শুই থকা অৱস্থাত এন্দুৰক বেয়াকৈ কামুৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা