ডিজিটেল ডেস্ক
দীপাৱলীৰ আনন্দত ডুব গৈ আছে সমগ্ৰ দেশ৷ ইয়াৰ মাজতে চৰ্চালৈ আহিছে দশানন ৰাৱণ৷ কেইবছৰমান পূৰ্বে শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় ৰামায়ণ গৱেষণা কেন্দ্ৰ আৰু তাত পৰ্যটন মন্ত্ৰালয়ে ৰামায়ণৰ কাহিনীৰ সৈতে সংগতি থকা প্ৰায় ৫০টা স্থান আৱিষ্কাৰ কৰিছিল। ৰামায়ণত স্পষ্টকৈ এই ঠাইবোৰৰ বিষয়ে উল্লেখ কৰা গৈছে ৷ইয়াৰে এক উল্লেখযোগ্য ঠাই হৈছে শ্ৰীলংকাৰ ৰাগলা অৰণ্য৷ এই অৰণ্যৰ মাজত আছে এক প্ৰকাণ্ড গুহা৷
কিংবদন্তী অনুসৰি এই গুহাতেই বহু বছৰ ধৰি তপস্যা কৰিছিল ৰাৱণে৷আনকি আজিও একেটা গুহাতে ৰাৱণৰ মৃতদেহ সুৰক্ষিত ৰখা হৈছে বুলি অনুমান কৰা হয়৷
এই বিশেষ ঠাই টুকুৰালৈ কোনো মানুহ সততে নাযায়৷ এই ঠাই দুৰ্গম হোৱাৰ লগতে বহু হিংস্ৰ জীৱ-জন্তুৰ বাসস্থান। ৰাগলাৰ অঞ্চলত ৮০০০ ফুট উচ্চতাত ১৭ ফুট দীঘল এটা কফিনত ৰাৱণৰ মৃতদেহ থোৱা হৈছে বুলি অনুমান কৰা হৈছে৷
এই কফিনৰ তলত ৰাৱণৰ বহুমূলীয়া কিছু সম্পদ আছে। এই সম্পদক এডাল সাপ আৰু এটা ভয়ংকৰ জন্তুৱে পহৰা দিয়ে বুলি বিশ্বাস কৰা হয়৷ ড°ঢ়
লগতে কোৱা হয় যে এই কফিনৰ তলত ৰাৱণৰ বহুমূলীয়া সম্পদ আছে। এই সম্পদক এডাল সাপ আৰু এটা ভয়ংকৰ জন্তুৱে পহৰা দিয়ে।
ৰাৱণক বধ কৰাৰ পিছত ৰামে শেষ ৰীতি-নীতিৰ বাবে তেওঁৰ মৃতদেহ বিভীষণৰ হাতত তুলি দিছিল বুলি বিশ্বাস কৰা হয়। কিন্তু বিভীষণে খৰখেদাকৈ ৰাৱণৰ শেষ ৰীতি-নীতি নকৰি দেহটো যিদৰে আছে তেনেকৈয়ে এৰি থৈ গৈছিল।
ইয়াৰ পিছত নাগকুলৰ লোকসকলে ৰাৱণৰ মৃতদেহটো লগত লৈ গৈছিল। কাৰণ সেইসকল লোকে বিশ্বাস কৰিছিল যে ৰাৱণৰ মৃত্যু ক্ষমাযোগ্য আৰু তেওঁ পুনৰ জীয়াই থাকিব। ইয়াৰ পিছত তেওঁলোকে ৰাৱণৰ মৃতদেহটো সংৰক্ষণ কৰি এই গুহাট ৰাখিছিল৷