--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
দীপাৱলীৰ আনন্দত ডুব গৈ আছে সমগ্ৰ দেশ৷ ইয়াৰ মাজতে চৰ্চালৈ আহিছে দশানন ৰাৱণ৷ কেইবছৰমান পূৰ্বে  শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় ৰামায়ণ গৱেষণা কেন্দ্ৰ আৰু তাত পৰ্যটন মন্ত্ৰালয়ে ৰামায়ণৰ কাহিনীৰ সৈতে সংগতি থকা প্ৰায়  ৫০টা স্থান আৱিষ্কাৰ কৰিছিল। ৰামায়ণত স্পষ্টকৈ এই ঠাইবোৰৰ বিষয়ে উল্লেখ কৰা গৈছে ৷ইয়াৰে এক উল্লেখযোগ্য ঠাই হৈছে  শ্ৰীলংকাৰ ৰাগলা অৰণ্য৷  এই অৰণ্যৰ মাজত আছে এক প্ৰকাণ্ড গুহা৷ 

 কিংবদন্তী অনুসৰি এই  গুহাতেই বহু বছৰ ধৰি তপস্যা কৰিছিল ৰাৱণে৷আনকি আজিও একেটা গুহাতে ৰাৱণৰ মৃতদেহ সুৰক্ষিত ৰখা হৈছে বুলি অনুমান কৰা হয়৷ 

এই বিশেষ ঠাই টুকুৰালৈ কোনো মানুহ সততে নাযায়৷ এই ঠাই দুৰ্গম হোৱাৰ লগতে বহু হিংস্ৰ জীৱ-জন্তুৰ বাসস্থান। ৰাগলাৰ অঞ্চলত ৮০০০ ফুট উচ্চতাত ১৭ ফুট দীঘল এটা কফিনত ৰাৱণৰ মৃতদেহ থোৱা হৈছে বুলি অনুমান কৰা হৈছে৷ 

  এই কফিনৰ তলত ৰাৱণৰ বহুমূলীয়া কিছু সম্পদ আছে। এই সম্পদক এডাল সাপ আৰু এটা ভয়ংকৰ জন্তুৱে পহৰা দিয়ে বুলি বিশ্বাস কৰা হয়৷ ড°ঢ়
লগতে কোৱা হয় যে এই কফিনৰ তলত ৰাৱণৰ বহুমূলীয়া সম্পদ আছে। এই সম্পদক এডাল সাপ আৰু এটা ভয়ংকৰ জন্তুৱে পহৰা দিয়ে।

 ৰাৱণক বধ কৰাৰ পিছত ৰামে  শেষ ৰীতি-নীতিৰ বাবে তেওঁৰ মৃতদেহ বিভীষণৰ হাতত তুলি দিছিল বুলি বিশ্বাস কৰা হয়। কিন্তু বিভীষণে খৰখেদাকৈ ৰাৱণৰ শেষ ৰীতি-নীতি নকৰি দেহটো যিদৰে আছে তেনেকৈয়ে এৰি থৈ গৈছিল।
 ইয়াৰ পিছত নাগকুলৰ লোকসকলে ৰাৱণৰ মৃতদেহটো লগত লৈ গৈছিল। কাৰণ সেইসকল লোকে বিশ্বাস কৰিছিল যে ৰাৱণৰ মৃত্যু ক্ষমাযোগ্য আৰু তেওঁ পুনৰ জীয়াই থাকিব। ইয়াৰ পিছত তেওঁলোকে ৰাৱণৰ মৃতদেহটো সংৰক্ষণ কৰি এই গুহাট ৰাখিছিল৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক