--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএন্ধাৰ জগতৰ গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা  ৰিয়াজ ভাটিক  মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।তেওঁ  এজন ব্যৱসায়ীৰ পৰা ২৪.৮৫ লাখ টকা দাবী  কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

ভাটিক  ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ভাটিক এই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰাই   এণ্টি-এক্সটৰ্চন চেলে বিচাৰি আছিল।  যোৱা বছৰৰ ২১ নৱেম্বৰত ভাৰ্ছোভা আৰক্ষী থানাই  এজন ব্যৱসায়ীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত ৫৪ বছৰীয়া ভাটিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে ভাটিয়ে হানি ট্ৰেপিঙৰ আশ্ৰয় লৈ  ২৪.৮৫ লাখ টকা সৰকাই নিছে। অভিযোগকাৰী লোক জন  এজন সোণৰ ব্যৱসায়ী ।  ভাটিয়ে এগৰাকী  যৌন কৰ্মীৰ জৰিয়তে তেওঁক  ব্লেক মেইলিং কৰাৰ চেষ্টা চলাইছিল বুলিও লোকজনে প্ৰকাশ কৰিছে। 

মহিলাগৰাকীয়ে লোকজনৰ সৈতে  অন্তৰংগ মুহূৰ্তৰ এটা ভিডিঅ' শ্বুট কৰিছিল  মানহানিৰ ভয়তলোক জনে ভাটিক  ২৪.৮৫  লাখ টকা পৰিশোধ কৰিছিল । অৱশ্যে, তেওঁ পিছত গম পাইছিল যে মহিলাগৰাকী যৌন কৰ্মী নাছিল,  তেওঁ ভাটিৰ  পত্নীহে আছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু