--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ এখন গভীৰ অৰণ্যত এগৰাকী মহিলা ক্ৰিকেটাৰৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছে। শুকুৰবাৰে কটক জিলাৰ আথাগড়ৰ ওচৰৰ এখন অৰণ্যৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে। মহিলা ক্ৰিকেটাৰগৰাকীক ২২ বৰ্ষীয়া ৰাজশ্ৰী সোয়াইন বুলি জানিব পৰা গৈছে। তেওঁ যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল।

আৰক্ষীসূত্ৰৰ মতে, ৰাজশ্ৰী পুৰী জিলাৰ বাসিন্দা। তেওঁ ১১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰত উপস্থিত থাকিবলৈ কটকলৈ গৈছিল তেওঁ। কটকৰ পেলেচ হোটেলত আছিল ক্ৰিকেটাৰগৰাকী।

ৰাজশ্ৰীৰ পৰিয়ালে অভিযোগ কৰিছে যে এগৰাকী ভাল ক্ৰিকেটাৰ হোৱা স্বত্বেও তেওঁক ইচ্ছাকৃতভাৱে ১০ দিনীয়া বাছনি ৰাউণ্ডৰ পৰা বাদ দিয়া হৈছিল। পৰিয়ালৰ সদস্যসকলে দাবী কৰিছে যে তেওঁ এই ক্ষেত্ৰত হতাশ হৈছিল।

ৰাজশ্ৰীৰ ভগ্নীয়ে উৰিষ্যাৰ সংবাদ মাধ্যমক কয়, "তেওঁ (ৰাজশ্ৰী) মোক কান্দি কান্দি ফোন কৰিছিল। তেওঁ কৈছিল যে তেওঁক দলৰ পৰা বাদ দিয়া হৈছে। মই শান্ত কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু ফোনটো তেওঁ কাটি পেলাইছিল। তেতিয়া মই মোৰ মাক কৈছিলো। কিন্তু তেতিয়াৰ পৰা তেওঁৰ ফোনটো বন্ধ হৈ আছিল।''

ৰাজশ্ৰীৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁৰ জীয়েক নিৰুদ্দেশ হোৱা স্বত্বেও ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰৰ আয়োজকসকলে তেওঁক একো কোৱা নাছিল।

ইয়াৰ পিছত উৰিষ্যা ক্ৰিকেট সংস্থাই মঙ্গলাবাগ আৰক্ষী থানাত এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজশ্ৰীয়ে আথাগড় অঞ্চলৰ এখন অৰণ্যৰ ওচৰত ফোনটো বন্ধ কৰি দিছিল। ক্ৰিকেটাৰজনৰ ম'বাইল নেটৱৰ্কৰ অন্তিম অৱস্থানৰ ভিত্তিত অৰণ্যখনত এটা অনুসন্ধান অভিযান চলোৱা হৈছিল। তাৰপিছতে তেওঁৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা জানিবলৈ পোৱা যায় যে ৰাজশ্ৰীয়ে আত্মহত্যা কৰিছিল। অৱশ্যে, আৰক্ষীসূত্ৰই ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে নেকি অনুসন্ধান কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু