--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ এখন গভীৰ অৰণ্যত এগৰাকী মহিলা ক্ৰিকেটাৰৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছে। শুকুৰবাৰে কটক জিলাৰ আথাগড়ৰ ওচৰৰ এখন অৰণ্যৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে। মহিলা ক্ৰিকেটাৰগৰাকীক ২২ বৰ্ষীয়া ৰাজশ্ৰী সোয়াইন বুলি জানিব পৰা গৈছে। তেওঁ যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল।

আৰক্ষীসূত্ৰৰ মতে, ৰাজশ্ৰী পুৰী জিলাৰ বাসিন্দা। তেওঁ ১১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰত উপস্থিত থাকিবলৈ কটকলৈ গৈছিল তেওঁ। কটকৰ পেলেচ হোটেলত আছিল ক্ৰিকেটাৰগৰাকী।

ৰাজশ্ৰীৰ পৰিয়ালে অভিযোগ কৰিছে যে এগৰাকী ভাল ক্ৰিকেটাৰ হোৱা স্বত্বেও তেওঁক ইচ্ছাকৃতভাৱে ১০ দিনীয়া বাছনি ৰাউণ্ডৰ পৰা বাদ দিয়া হৈছিল। পৰিয়ালৰ সদস্যসকলে দাবী কৰিছে যে তেওঁ এই ক্ষেত্ৰত হতাশ হৈছিল।

ৰাজশ্ৰীৰ ভগ্নীয়ে উৰিষ্যাৰ সংবাদ মাধ্যমক কয়, "তেওঁ (ৰাজশ্ৰী) মোক কান্দি কান্দি ফোন কৰিছিল। তেওঁ কৈছিল যে তেওঁক দলৰ পৰা বাদ দিয়া হৈছে। মই শান্ত কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু ফোনটো তেওঁ কাটি পেলাইছিল। তেতিয়া মই মোৰ মাক কৈছিলো। কিন্তু তেতিয়াৰ পৰা তেওঁৰ ফোনটো বন্ধ হৈ আছিল।''

ৰাজশ্ৰীৰ মাতৃয়ে অভিযোগ কৰিছিল যে তেওঁৰ জীয়েক নিৰুদ্দেশ হোৱা স্বত্বেও ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰৰ আয়োজকসকলে তেওঁক একো কোৱা নাছিল।

ইয়াৰ পিছত উৰিষ্যা ক্ৰিকেট সংস্থাই মঙ্গলাবাগ আৰক্ষী থানাত এটা নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাজশ্ৰীয়ে আথাগড় অঞ্চলৰ এখন অৰণ্যৰ ওচৰত ফোনটো বন্ধ কৰি দিছিল। ক্ৰিকেটাৰজনৰ ম'বাইল নেটৱৰ্কৰ অন্তিম অৱস্থানৰ ভিত্তিত অৰণ্যখনত এটা অনুসন্ধান অভিযান চলোৱা হৈছিল। তাৰপিছতে তেওঁৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছিল।

প্ৰাৰম্ভিক অনুসন্ধানৰ পৰা জানিবলৈ পোৱা যায় যে ৰাজশ্ৰীয়ে আত্মহত্যা কৰিছিল। অৱশ্যে, আৰক্ষীসূত্ৰই ঘটনাটোৰ আঁৰত আন কোনো ৰহস্য আছে নেকি অনুসন্ধান কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক