--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ জাৰ্চীত খেলা দেখা গৈছিল  মহেন্দ্ৰ সিং ধোনীক। তাৰ এবছৰ পিছত ২০২০ চনৰ ১৫ আগষ্টত ধোনীয়ে ঘোষণা কৰে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ধোনীৰ এই ঘোষণাত হতভম্ব হৈ পৰিছিল ক্ৰিকেট বিশ্ব। কিন্তু হতভম্ব হৈ পৰা নাছিল দুজন ব্যক্তি, ইয়াৰ কাৰণ হৈছে ধোনীয়ে তেওঁৰ সিদ্ধান্তৰ কথা ইতিপূৰ্বেই ব্যক্তি দুজনক জনাই থৈছিল।

তেওঁলোক হৈছে ঋষভ পন্ত আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ। দুয়োজনকে ধোনীয়ে বিশ্বকাপৰ ছেমি ফাইনেলৰ দিনা অৱসৰৰ বিষয়ে অৱগত কৰিছিল।

ইমান দিনৰ পিছত ফিল্ডিং প্ৰশিক্ষক শ্ৰীধৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয়- "এতিয়া মই ক'ব পাৰোঁ যে মই বহু দিনৰ আগতেই ধোনীৰ অৱসৰৰ বিষয়ে জানিছিলো। মই বুজি পাইছিলো যে বিশ্বকাপৰ ছেমি ফাইনেল তেওঁৰ অন্তিম খন খেল আছিল। অৱশ্যে ধোনীয়ে তেতিয়াই এই কথা ঘোষণা কৰা নাছিল। ছেমি ফাইনেলৰ দ্বিতীয় দিনা ৰাতিপুৱা মই আন সকলোৰে আগত ডাইনিং প্লেচলৈ গৈছিলো। মই কফি খাই আছিলো। তেতিয়াই ধোনী আৰু পন্ত আহিছিল। তেওঁলোকে মোৰ সৈতে মেজত বহিছিল। নিউজিলেণ্ডৰ বেটিং কৰিবলৈ দুটা অভাৰ বাকী আছিল। তাৰ পিছত আমি বেটিং কৰিম।’’ শ্ৰীধৰে কয় যে সেই সময়ত পন্তৰ এটা উত্তৰত ধোনীয়ে কৈছিল- "মই দলৰ সৈতে শেষবাৰ বাছত যাত্ৰা কৰিম।’’

শ্ৰীধৰে কয় যে যে তেওঁ ধোনীক একো কথা কোৱা নাছিল। শ্ৰীধৰে ধোনীৰ সিদ্ধান্তক সন্মান কৰিবলৈ কাৰো আগত ক্ৰিকেটাৰজনৰ বিষয়ে কোৱা নাছিল। শ্ৰীধৰে কয়- "ধোনীয়ে মোৰ সন্মুখত এইটো কৈছিল কাৰণ তেওঁ মোক বিশ্বাস কৰিছিল। ধোনীয়ে কোৱালৈকে মই এই বিষয়ে কাকো একো কোৱা নাছিলো। মই ৰবি শাস্ত্ৰী, ভাৰত অৰুণ বা মোৰ পত্নীক ধোনীৰ অৱসৰৰ বিষয়ে কোৱা নাছিলো।"

ভাৰত সেই ছেমি ফাইনেলত পৰাজিত হৈছিল। নিউজিলেণ্ডৰ হাতত ১৮ ৰাণত পৰাজিত হৈছিল টীম ইণ্ডিয়া। খেলখনৰ গুৰুত্বপূৰ্ণ সময়ত ধোনী ৰাণ আউট হৈছিল। যেতিয়া তেওঁ পেভিলিঅ’নলৈ উভতি আহিছিল, ভাৰতক ৯ টা বলত ২৪ ৰাণৰ প্ৰয়োজন আছিল।

উল্লেখ্য যে ভাৰতৰ অধিনায়ক ধোনীয়ে সকলো আইচিচি ট্ৰফী জিকিছে। তেওঁ ২০০৭ চনত টি-২০ বিশ্বকাপ জিকিছিল। ২০১১ চনত এদিনীয়া বিশ্বকাপ জিকিছিল। ২০১৩ চনত চেম্পিয়নছ ট্ৰফীও জিকিছিল। ভাৰত টেষ্টৰ এক নম্বৰ দল হৈছিল। ভাৰতে সকলো ধৰণৰ ক্ৰিকেটত ধোনীৰ নেতৃত্বত ট্ৰফী জিকিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু