--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষবাৰৰ বাবে ২০১৯ ৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ জাৰ্চীত খেলা দেখা গৈছিল  মহেন্দ্ৰ সিং ধোনীক। তাৰ এবছৰ পিছত ২০২০ চনৰ ১৫ আগষ্টত ধোনীয়ে ঘোষণা কৰে যে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ধোনীৰ এই ঘোষণাত হতভম্ব হৈ পৰিছিল ক্ৰিকেট বিশ্ব। কিন্তু হতভম্ব হৈ পৰা নাছিল দুজন ব্যক্তি, ইয়াৰ কাৰণ হৈছে ধোনীয়ে তেওঁৰ সিদ্ধান্তৰ কথা ইতিপূৰ্বেই ব্যক্তি দুজনক জনাই থৈছিল।

তেওঁলোক হৈছে ঋষভ পন্ত আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ। দুয়োজনকে ধোনীয়ে বিশ্বকাপৰ ছেমি ফাইনেলৰ দিনা অৱসৰৰ বিষয়ে অৱগত কৰিছিল।

ইমান দিনৰ পিছত ফিল্ডিং প্ৰশিক্ষক শ্ৰীধৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয়- "এতিয়া মই ক'ব পাৰোঁ যে মই বহু দিনৰ আগতেই ধোনীৰ অৱসৰৰ বিষয়ে জানিছিলো। মই বুজি পাইছিলো যে বিশ্বকাপৰ ছেমি ফাইনেল তেওঁৰ অন্তিম খন খেল আছিল। অৱশ্যে ধোনীয়ে তেতিয়াই এই কথা ঘোষণা কৰা নাছিল। ছেমি ফাইনেলৰ দ্বিতীয় দিনা ৰাতিপুৱা মই আন সকলোৰে আগত ডাইনিং প্লেচলৈ গৈছিলো। মই কফি খাই আছিলো। তেতিয়াই ধোনী আৰু পন্ত আহিছিল। তেওঁলোকে মোৰ সৈতে মেজত বহিছিল। নিউজিলেণ্ডৰ বেটিং কৰিবলৈ দুটা অভাৰ বাকী আছিল। তাৰ পিছত আমি বেটিং কৰিম।’’ শ্ৰীধৰে কয় যে সেই সময়ত পন্তৰ এটা উত্তৰত ধোনীয়ে কৈছিল- "মই দলৰ সৈতে শেষবাৰ বাছত যাত্ৰা কৰিম।’’

শ্ৰীধৰে কয় যে যে তেওঁ ধোনীক একো কথা কোৱা নাছিল। শ্ৰীধৰে ধোনীৰ সিদ্ধান্তক সন্মান কৰিবলৈ কাৰো আগত ক্ৰিকেটাৰজনৰ বিষয়ে কোৱা নাছিল। শ্ৰীধৰে কয়- "ধোনীয়ে মোৰ সন্মুখত এইটো কৈছিল কাৰণ তেওঁ মোক বিশ্বাস কৰিছিল। ধোনীয়ে কোৱালৈকে মই এই বিষয়ে কাকো একো কোৱা নাছিলো। মই ৰবি শাস্ত্ৰী, ভাৰত অৰুণ বা মোৰ পত্নীক ধোনীৰ অৱসৰৰ বিষয়ে কোৱা নাছিলো।"

ভাৰত সেই ছেমি ফাইনেলত পৰাজিত হৈছিল। নিউজিলেণ্ডৰ হাতত ১৮ ৰাণত পৰাজিত হৈছিল টীম ইণ্ডিয়া। খেলখনৰ গুৰুত্বপূৰ্ণ সময়ত ধোনী ৰাণ আউট হৈছিল। যেতিয়া তেওঁ পেভিলিঅ’নলৈ উভতি আহিছিল, ভাৰতক ৯ টা বলত ২৪ ৰাণৰ প্ৰয়োজন আছিল।

উল্লেখ্য যে ভাৰতৰ অধিনায়ক ধোনীয়ে সকলো আইচিচি ট্ৰফী জিকিছে। তেওঁ ২০০৭ চনত টি-২০ বিশ্বকাপ জিকিছিল। ২০১১ চনত এদিনীয়া বিশ্বকাপ জিকিছিল। ২০১৩ চনত চেম্পিয়নছ ট্ৰফীও জিকিছিল। ভাৰত টেষ্টৰ এক নম্বৰ দল হৈছিল। ভাৰতে সকলো ধৰণৰ ক্ৰিকেটত ধোনীৰ নেতৃত্বত ট্ৰফী জিকিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক