--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ এজন প্ৰাক্তন পৰিচালকে লিয়োনেল মেছিৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। বাৰ্চিলোনাৰ কেইবাজনো ফুটবলাৰৰ চুক্তি সম্প্ৰসাৰণৰ বিষয়ে হোৱাটছএপত কথা পাতি থাকোতে তেওঁ মেছিক "নৰ্দমাৰ এন্দুৰ" বুলি অভিহিত কৰিছিল। ইউৰোপীয় সংবাদ মাধ্যমসমূহে এইদৰে দাবী কৰিছে। কেইবাখনো স্পেনিছ বাতৰি কাকতত দাবী কৰা হৈছে যে মেছিৰ সৈতে কোভিড-১৯ৰ সময়ছোৱাত চুক্তিৰ পৰিমাণক লৈ বাৰ্চিলোনাৰ তিক্ত সম্পৰ্কৰ সৃষ্টি হৈছিল।

ঘটনাটো বাৰ্চিলোনাৰ প্ৰাক্তন সভাপতি জোচেফ বাৰ্টোমেউৰ সময়ত সংঘটিত হৈছিল। বাৰ্টোমেউ ২০১৪ চনৰ পৰা ২০২০ চনলৈ স্পেনিছ ক্লাবটোৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকালৰ অন্তিম বছৰত কিছু ফুটবলাৰৰ সৈতে চুক্তি সম্প্ৰসাৰিত কৰাৰ বিষয়ে ক্লাবৰ পৰিচালকসকলৰ মাজত হোৱাটছএপ গ্ৰুপত আলোচনা হৈছিল। সেই আলোচনাত বাৰ্চিলোনাৰ আইন বিভাগৰ তদানীন্তন মুৰব্বী ৰোমান গোমেজ পণ্টিয়ে মেছিৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। তেওঁ মেছিক "নৰ্দমাৰ এন্দুৰ" বুলি উল্লেখ কৰিছিল। একে সময়তে তেওঁ মেছিৰ উচ্চতাৰ বিষয়ে কৈছিল, "হৰ্মোনেল সমস্যাৰ বাবে তেওঁ এজন বামণ।''

বাৰ্চিলোনাৰ পৰিচালক মণ্ডলীত থকা সময়ছোৱাত ৰোমান গোমেজ পণ্টি কেইবাটাও বিতৰ্কৰ মাজত আৱদ্ধ হৈ পৰিছিল। তেওঁ ফুটবলাৰসকলৰ বিষয়েও বেয়া মন্তব্য কৰিছিল। কিন্তু ব'ৰ্ডৰ বহুসদস্যই বিশ্বৰ এজন শ্ৰেষ্ঠ ফুটবলাৰৰ বিষয়ে তেওঁৰ এনে মন্তব্য গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁলোক আচৰিত হৈছিল।

যেতিয়া মেছিয়ে নতুন চুক্তিত স্বাক্ষৰ কৰিবলৈ আপত্তি কৰিছিল, তেতিয়া পণ্টি বিচলিত হৈছিল। তেওঁ পৰিচালক মণ্ডলীৰ আন এজন সদস্যলৈ লিখিছিল, "যদি আপুনি নৰ্দমাৰ এন্দুৰৰ সৈতে থাকে তেন্তে আপুনি কেতিয়াও ভাল ব্যক্তি হ'ব নোৱাৰে।’’ কিন্তু বাৰ্চিলোনাৰ তদানীন্তন সভাপতি বাৰ্টোমেউৱে পিছত মেছিৰ কথাই শুনিছিল।

উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০২১ চনলৈ মেছিয়ে বাৰ্চিলোনাৰ হৈ ৫২০ খন খেলত ৪৭৪ টা গ'ল কৰিছিল। বাৰ্চিলোনা এৰি তেওঁ পেৰিছ ছেইণ্ট জাৰ্মেইনত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু