--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰ্চিলোনাৰ এজন প্ৰাক্তন পৰিচালকে লিয়োনেল মেছিৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। বাৰ্চিলোনাৰ কেইবাজনো ফুটবলাৰৰ চুক্তি সম্প্ৰসাৰণৰ বিষয়ে হোৱাটছএপত কথা পাতি থাকোতে তেওঁ মেছিক "নৰ্দমাৰ এন্দুৰ" বুলি অভিহিত কৰিছিল। ইউৰোপীয় সংবাদ মাধ্যমসমূহে এইদৰে দাবী কৰিছে। কেইবাখনো স্পেনিছ বাতৰি কাকতত দাবী কৰা হৈছে যে মেছিৰ সৈতে কোভিড-১৯ৰ সময়ছোৱাত চুক্তিৰ পৰিমাণক লৈ বাৰ্চিলোনাৰ তিক্ত সম্পৰ্কৰ সৃষ্টি হৈছিল।

ঘটনাটো বাৰ্চিলোনাৰ প্ৰাক্তন সভাপতি জোচেফ বাৰ্টোমেউৰ সময়ত সংঘটিত হৈছিল। বাৰ্টোমেউ ২০১৪ চনৰ পৰা ২০২০ চনলৈ স্পেনিছ ক্লাবটোৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকালৰ অন্তিম বছৰত কিছু ফুটবলাৰৰ সৈতে চুক্তি সম্প্ৰসাৰিত কৰাৰ বিষয়ে ক্লাবৰ পৰিচালকসকলৰ মাজত হোৱাটছএপ গ্ৰুপত আলোচনা হৈছিল। সেই আলোচনাত বাৰ্চিলোনাৰ আইন বিভাগৰ তদানীন্তন মুৰব্বী ৰোমান গোমেজ পণ্টিয়ে মেছিৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। তেওঁ মেছিক "নৰ্দমাৰ এন্দুৰ" বুলি উল্লেখ কৰিছিল। একে সময়তে তেওঁ মেছিৰ উচ্চতাৰ বিষয়ে কৈছিল, "হৰ্মোনেল সমস্যাৰ বাবে তেওঁ এজন বামণ।''

বাৰ্চিলোনাৰ পৰিচালক মণ্ডলীত থকা সময়ছোৱাত ৰোমান গোমেজ পণ্টি কেইবাটাও বিতৰ্কৰ মাজত আৱদ্ধ হৈ পৰিছিল। তেওঁ ফুটবলাৰসকলৰ বিষয়েও বেয়া মন্তব্য কৰিছিল। কিন্তু ব'ৰ্ডৰ বহুসদস্যই বিশ্বৰ এজন শ্ৰেষ্ঠ ফুটবলাৰৰ বিষয়ে তেওঁৰ এনে মন্তব্য গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁলোক আচৰিত হৈছিল।

যেতিয়া মেছিয়ে নতুন চুক্তিত স্বাক্ষৰ কৰিবলৈ আপত্তি কৰিছিল, তেতিয়া পণ্টি বিচলিত হৈছিল। তেওঁ পৰিচালক মণ্ডলীৰ আন এজন সদস্যলৈ লিখিছিল, "যদি আপুনি নৰ্দমাৰ এন্দুৰৰ সৈতে থাকে তেন্তে আপুনি কেতিয়াও ভাল ব্যক্তি হ'ব নোৱাৰে।’’ কিন্তু বাৰ্চিলোনাৰ তদানীন্তন সভাপতি বাৰ্টোমেউৱে পিছত মেছিৰ কথাই শুনিছিল।

উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০২১ চনলৈ মেছিয়ে বাৰ্চিলোনাৰ হৈ ৫২০ খন খেলত ৪৭৪ টা গ'ল কৰিছিল। বাৰ্চিলোনা এৰি তেওঁ পেৰিছ ছেইণ্ট জাৰ্মেইনত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক