--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ যোশীমঠবাসীৰ জীৱনলৈ নামি আহিছে ভাবুকি। মধ্য হিমালয়ৰ নিস্তব্ধ উপত্যকাত শান্তিৰে সন্তানৰ উন্নত ভৱিষ্যতৰ সপোন দেখি থকা যোশিমঠৰ বহু পৰিয়াল এতিয়া দুৰ্যোগৰ কৱলত। চহৰখনৰ প্ৰায় প্ৰতিটো বাসভৱনতে ফাট মেলিছে,  ডাঙৰ ডাঙৰ ফাট মেলিছে ৰাষ্ট্ৰীয় ঘাইপথসমূহো। চৰকাৰক সকাহ বিচাৰি ৰাইজে কাতৰ আহ্বান জনাইছে। অৱশ্যে চৰকাৰে  তেওঁলোকৰ সতৰ্কবাণীক তথা আহ্বানকো আওকাণ কৰা বুলিও স্থানীয় ৰাইজৰ ক্ষোভৰ সৃষ্টি হৈছে।

আচলতে যোশীমঠ ভগৱান বদ্ৰীবিশালৰ প্ৰৱেশদ্বাৰ। চীন সীমান্তৰ শেষ চহৰ বুলিও ক’ব পাৰি। হিমালয়ৰ পাদদেশৰ তীৰ্থভূমি বদ্রীনাথৰ ঠিক তলতে অৱস্থিত যোশীমঠ এখন অতি গুৰুত্বপূৰ্ণ সৰু চহৰ। সমূদ্রপৃষ্ঠৰ পৰা ৬,১৫০ ফুট উচ্চতাত অৱস্থিত ১৬,৭০৯জন বাসিন্দাৰে যোশীমঠ হৈছে বদ্রীনাথলৈ যোৱাৰ পথত তীর্থযাত্ৰীৰ আশ্রয়স্থল।

তথ্য অনুসৰি স্বামী অবিমুখেশ্বৰানন্দ সৰস্বতীৰ হৈ উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি যোশীমঠ সংকটক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰিবলৈ দাবী জনাইছে। আবেদনত কোৱা হৈছে যে বৃহৎ পৰিসৰত উদ্যোগীকৰণৰ বাবেই এই ঘটনা সংঘটিত হৈছে আৰু উত্তৰাখণ্ডৰ জনসাধাৰণক শীঘ্ৰে আৰ্থিক সাহায্য আৰু ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনোৱা হৈছে।

বিষয়াসকলে জনোৱা মতে, শনিবাৰে যোশীমঠত আৰু ১১টা পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় আৰু মহানগৰীত ফাটত আক্ৰান্ত ঘৰৰ সংখ্যা ৬০৩টালৈ বৃদ্ধি পাইছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী শনিবাৰে যোশীমঠ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ এদিন পূৰ্বে তেওঁ প্ৰায় ৬০০ ক্ষতিগ্ৰস্ত পৰিয়ালক তৎকালীনভাৱে সুৰক্ষিত স্থানলৈ পঠিয়াবলৈ নিৰ্দেশ দিছিল।

আনহাতে, চলি থকা বৃহৎ পৰিসৰৰ নিৰ্মাণ কাৰ্যকলাপৰ বাবে অট্টালিকাত ফাট মেলাৰ সতৰ্কবাণীক আওকাণ কৰা চৰকাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই অৱস্থাৰ বাবে মূলতঃ ৰাষ্ট্ৰীয় তাপ শক্তি নিগম লিমিটেডৰ তপোৱন-বিষ্ণুগড় প্ৰকল্পক জগৰীয়া কৰিছে।

যোশিমঠ বচাও সংঘৰ্ষ সমিতিৰ সমন্বয়ক অতুল সতিয়ে কয়, ‘বিগত ১৪ মাহ ধৰি আমি কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আহিছো, কিন্তু আমাৰ কথাটো আওকাণ কৰা হ’ল। এতিয়া পৰিস্থিতি হাতৰ পৰা ওলাই অহাৰ লগে লগে তেওঁলোকে বিষয়সমূহৰ মূল্যায়নৰ বাবে বিশেষজ্ঞৰ দল এটা পঠিয়াইছে।আমাৰ কথাটো সময়ত যত্ন লোৱা হ’লে যোছিমাথৰ পৰিস্থিতি ইমান চিন্তনীয় নহ’লহেঁতেন।’

বদ্ৰীনাথ মন্দিৰৰ প্ৰাক্তন ধৰ্মাধিকাৰীয়ে ভুৱন চন্দ্ৰ উনিয়ালেও অট্টালিকাসমূহত ফাট মেলাৰ বাবে এন টি পি চি প্ৰকল্পক জগৰীয়া কৰে। তেওঁ কয়, ‘তপোৱন-বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগ যোশীমঠৰ ঠিক তলত অৱস্থিত। ইয়াৰ নিৰ্মাণৰ বাবে ডাঙৰ ডাঙৰ ব’ৰিং মেচিন অনা হৈছিল, যিবোৰে যোৱা দুটা দশক ধৰি এই অঞ্চলত খান্দি আহিছে।

ইউনিয়ালে কয়, ‘সুৰংগ নিৰ্মাণৰ বাবে দৈনিক কেইবা টন বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে। এন টি পি চিয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক ব্যৱহাৰ কৰাৰ বাবে চলিত বৰ্ষৰ ৩ জানুৱাৰীত ভূমি ডুব যোৱাৰ গতি বৃদ্ধি পায়।

যোশীমঠলৈ যে এদিন এনে বিপর্যয় নামি আহিব সেয়া প্ৰশাসনক সতৰ্ক কৰা হৈছিল ১৯৭৬ চনতে।  ধ্বংসস্তুপৰ ওপৰত নিৰ্মাণ হোৱা চহৰ ওপৰত পূৰ্বতেই আশংকা কৰা হৈছিল। সেয়ে কেন্দ্ৰীয় চৰকাৰে যোশীমঠৰ বিষয়ে বিশ্লেষণ কৰিবলৈ মিশ্র আয়োগ নামৰ এটা আয়োগ গঠন কৰিছিল। সেই আয়োগে ১৯৭৬ চনত দাখিল কৰা প্ৰতিবেদনত চহৰখনৰ আয়ুসৰ লগতে প্রশাসনক সতৰ্ক কৰি কিছুমান পৰামৰ্শ আগবঢ়াইছিল। সেই মৰ্শৰ ভিতৰত মূল আছিল— নিৰ্মাণ বন্ধ কৰা। কিন্তু এই পৰামৰ্শ আওকাণ কৰি একাধিক জলবিদ্যুৎ প্রকল্প,হোটেল, আৰু বহু ঘৰ নিৰ্মাণ কৰা হ'ল । তাৰ ফলস্বৰূপে আজি গভীৰ সংকটত যোশীমঠৰ স্থায়ী বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে