--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ বাবে এক দুখবৰ। বলীউডৰ বিখ্যাত অভিনেতা আৰু চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু ঘটিছে। অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগত উঠিছে শোকৰ ঢৌ। আজি ১১ এপ্ৰিল তাৰিখে পুৱতি নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ। মুম্বাইৰ বাসগৃহত মৃত্যু হয় তেখেতৰ। শিৱ কুমাৰৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

ভাৰতীয় চিনেমা জগত আৰু বহুকেইখন ধাৰাবহিকত কাম কৰা অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। বহু কেইখন চিনেমাত পিতৃৰ অভিনয়েৰে নিজ অভিনয় দক্ষতাৰ পৰিচয় দিছিল শিৱ কুমাৰ সুব্ৰমণিয়ামে। শিৱ কুমাৰ সুব্ৰমনিয়ামক শেষবাৰৰ বাবে যোৱা বছৰৰ ছবি 'মীনাক্ষী সুন্দৰেশ্বৰ'ত দেখা গৈছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সান্যা মালহোত্ৰাই। 

ইয়াৰ উপৰিও অভিনেতাজনে বহুতো চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো অভিনয় কৰিছে। তেওঁ কিছুমান চলচ্চিত্ৰৰ চিত্ৰনাট্যও লিখিছে। অভিনেতাজনে বিধু বিনোদ চোপ্ৰাৰ 'পৰিন্দা' আৰু সুধীৰ মিশ্ৰৰ 'হাজৰো খ্বাহিছে এইছি'ৰ চিত্ৰনাট্য লিখিছিল। 'টু ষ্টেট' ছবিত আলিয়াৰ পিতৃৰ চৰিত্ৰ ৰূপায়িত কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াৰ উপৰিও 'কমিনে', 'তিন পট্টী', 'প্ৰহাৰ', ৰাণী মুখাৰ্জী অভিনীত 'হিচকি' আদিৰ লগতে বহু কেইখন ছবিত কাম কৰিছিল শিৱ কুমাৰ সুব্ৰমণিয়ামে।

তেওঁৰ সুন্দৰ কেৰিয়াৰত, তেওঁক 'পৰিন্দা'ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ফিল্মফেয়াৰ বঁটা আৰু 'হাজৰো খ্বাহিছে এইছি'ৰ বাবে শ্ৰেষ্ঠ কাহিনী প্ৰদান কৰা হৈছিল। শিৱ কুমাৰ সুব্ৰমনিয়ামে টিভি অনুষ্ঠান 'মুক্তি বন্ধন'ত কাম কৰিছিল।উল্লেখ্য যে মাত্ৰ দুমাহ পূৰ্বে শিৱ কুমাৰ সুব্ৰমণিয়ামৰ ১৬ বছৰীয়া পুত্ৰৰ মৃত্যু হৈছিল। ব্ৰেইন টিউমাৰ হৈছিল পুত্ৰৰ। সোমবাৰে পুৱা ১১ বজাত মোক্ষধাম হিন্দু শ্মশানত সুব্ৰমনিয়ামৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু