--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ বাবে এক দুখবৰ। বলীউডৰ বিখ্যাত অভিনেতা আৰু চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু ঘটিছে। অভিনেতাজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগত উঠিছে শোকৰ ঢৌ। আজি ১১ এপ্ৰিল তাৰিখে পুৱতি নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ। মুম্বাইৰ বাসগৃহত মৃত্যু হয় তেখেতৰ। শিৱ কুমাৰৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

ভাৰতীয় চিনেমা জগত আৰু বহুকেইখন ধাৰাবহিকত কাম কৰা অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ অনুৰাগীসকলক। বহু কেইখন চিনেমাত পিতৃৰ অভিনয়েৰে নিজ অভিনয় দক্ষতাৰ পৰিচয় দিছিল শিৱ কুমাৰ সুব্ৰমণিয়ামে। শিৱ কুমাৰ সুব্ৰমনিয়ামক শেষবাৰৰ বাবে যোৱা বছৰৰ ছবি 'মীনাক্ষী সুন্দৰেশ্বৰ'ত দেখা গৈছিল। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সান্যা মালহোত্ৰাই। 

ইয়াৰ উপৰিও অভিনেতাজনে বহুতো চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকতো অভিনয় কৰিছে। তেওঁ কিছুমান চলচ্চিত্ৰৰ চিত্ৰনাট্যও লিখিছে। অভিনেতাজনে বিধু বিনোদ চোপ্ৰাৰ 'পৰিন্দা' আৰু সুধীৰ মিশ্ৰৰ 'হাজৰো খ্বাহিছে এইছি'ৰ চিত্ৰনাট্য লিখিছিল। 'টু ষ্টেট' ছবিত আলিয়াৰ পিতৃৰ চৰিত্ৰ ৰূপায়িত কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াৰ উপৰিও 'কমিনে', 'তিন পট্টী', 'প্ৰহাৰ', ৰাণী মুখাৰ্জী অভিনীত 'হিচকি' আদিৰ লগতে বহু কেইখন ছবিত কাম কৰিছিল শিৱ কুমাৰ সুব্ৰমণিয়ামে।

তেওঁৰ সুন্দৰ কেৰিয়াৰত, তেওঁক 'পৰিন্দা'ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ফিল্মফেয়াৰ বঁটা আৰু 'হাজৰো খ্বাহিছে এইছি'ৰ বাবে শ্ৰেষ্ঠ কাহিনী প্ৰদান কৰা হৈছিল। শিৱ কুমাৰ সুব্ৰমনিয়ামে টিভি অনুষ্ঠান 'মুক্তি বন্ধন'ত কাম কৰিছিল।উল্লেখ্য যে মাত্ৰ দুমাহ পূৰ্বে শিৱ কুমাৰ সুব্ৰমণিয়ামৰ ১৬ বছৰীয়া পুত্ৰৰ মৃত্যু হৈছিল। ব্ৰেইন টিউমাৰ হৈছিল পুত্ৰৰ। সোমবাৰে পুৱা ১১ বজাত মোক্ষধাম হিন্দু শ্মশানত সুব্ৰমনিয়ামৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক