--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভপাত কৰাটো সম্ভৱ নহ’ল। অৱশেষত  কন্যা সন্তান জন্ম দিলে ধৰ্ষণৰ বলি হোৱা নাবালিকাই। নাবালিকাগৰাকীৰ কথা চিন্তা কৰিয়েই ২১ আগষ্টত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সব্যসাচী ভট্টাচাৰ্যই নাবাল্কাগৰাকীৰ  গৰ্ভপাত কৰোৱাৰ  নিৰ্দেশ দিছিল। নাবালিকাগৰাকীক সেইমৰ্মে  কলকাতাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। অৱশ্যে চিকিৎসালয়ৰ চিকিৎসকসকলে শাৰীৰিক পৰীক্ষাৰ পিছত জানিব পাৰিছিল যে নাবালিকাগৰাকীৰ গৰ্ভপাত কৰাটো সম্ভৱ নহয়। কাৰণ তেতিয়ালৈকে ভ্ৰূণটো চাৰে ছয় মাহৰ হৈছিল।


পূব মেদিনীপুৰত নাবালিকাগৰাকীক   তিনিজন কিশোৰে  দলবদ্ধ ধৰ্ষণ কৰিছিল। কলকাতা  উচ্চ ন্যায়ালয়ে নাবালিকাগৰাকীৰ  শাৰীৰিক পৰীক্ষা আৰু গৰ্ভপাতৰ নিৰ্দেশ দিছিল। অৱশ্যে,  গৰ্ভপাত কৰাটো সম্ভৱ নোহোৱাত  ছোৱালীজনীয়ে কলকাতাৰ এখন চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিয়ে।  ধৰ্ষণৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজন কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে। 


 চিকিৎসকে কৈছিল যে যদি ভ্ৰূণটো চিজাৰিয়ান চেক্সনৰ দ্বাৰা শৰীৰৰ পৰা পৃথক কৰা হয়, তেন্তে ভৱিষ্যতে নাবালিকাগৰাকীৰ সমস্যা হ'ব পাৰে।  গতিকে চিকিৎসকসকলে স্বাভাৱিক প্ৰসৱৰ বিষয়ত  নিৰ্ভৰ কৰিছিল। ছোৱালীজনীয়ে কৈছে  যে যদি কোনোবাই তাইৰ সন্তানৰ যত্ন ল'ব বিচাৰে তেন্তে তেওঁৰ  কোনো আপত্তি নাই। শিশুটোৰ প্ৰকৃত পিতৃ চিনাক্ত কৰিবলৈ  শিশুটি আৰু তিনিজন কিশোৰৰ ডিএনএ পৰীক্ষা কৰোৱা হ’ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস