--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভপাত কৰাটো সম্ভৱ নহ’ল। অৱশেষত  কন্যা সন্তান জন্ম দিলে ধৰ্ষণৰ বলি হোৱা নাবালিকাই। নাবালিকাগৰাকীৰ কথা চিন্তা কৰিয়েই ২১ আগষ্টত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সব্যসাচী ভট্টাচাৰ্যই নাবাল্কাগৰাকীৰ  গৰ্ভপাত কৰোৱাৰ  নিৰ্দেশ দিছিল। নাবালিকাগৰাকীক সেইমৰ্মে  কলকাতাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু শাৰীৰিক পৰীক্ষা কৰোৱা হৈছিল। অৱশ্যে চিকিৎসালয়ৰ চিকিৎসকসকলে শাৰীৰিক পৰীক্ষাৰ পিছত জানিব পাৰিছিল যে নাবালিকাগৰাকীৰ গৰ্ভপাত কৰাটো সম্ভৱ নহয়। কাৰণ তেতিয়ালৈকে ভ্ৰূণটো চাৰে ছয় মাহৰ হৈছিল।


পূব মেদিনীপুৰত নাবালিকাগৰাকীক   তিনিজন কিশোৰে  দলবদ্ধ ধৰ্ষণ কৰিছিল। কলকাতা  উচ্চ ন্যায়ালয়ে নাবালিকাগৰাকীৰ  শাৰীৰিক পৰীক্ষা আৰু গৰ্ভপাতৰ নিৰ্দেশ দিছিল। অৱশ্যে,  গৰ্ভপাত কৰাটো সম্ভৱ নোহোৱাত  ছোৱালীজনীয়ে কলকাতাৰ এখন চিকিৎসালয়ত এটি কন্যা সন্তান জন্ম দিয়ে।  ধৰ্ষণৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজন কিশোৰক গ্ৰেপ্তাৰ কৰা হৈছে। 


 চিকিৎসকে কৈছিল যে যদি ভ্ৰূণটো চিজাৰিয়ান চেক্সনৰ দ্বাৰা শৰীৰৰ পৰা পৃথক কৰা হয়, তেন্তে ভৱিষ্যতে নাবালিকাগৰাকীৰ সমস্যা হ'ব পাৰে।  গতিকে চিকিৎসকসকলে স্বাভাৱিক প্ৰসৱৰ বিষয়ত  নিৰ্ভৰ কৰিছিল। ছোৱালীজনীয়ে কৈছে  যে যদি কোনোবাই তাইৰ সন্তানৰ যত্ন ল'ব বিচাৰে তেন্তে তেওঁৰ  কোনো আপত্তি নাই। শিশুটোৰ প্ৰকৃত পিতৃ চিনাক্ত কৰিবলৈ  শিশুটি আৰু তিনিজন কিশোৰৰ ডিএনএ পৰীক্ষা কৰোৱা হ’ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ