--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ত ৰাজ্য খনত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। বহু দিন ধৰি মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা। ইয়াৰ মাজতে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে যোৱা মাহত হিংসাপীড়িত মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে মণিপুৰ চৰকাৰৰ ইণ্টাৰনেটৰ ওপৰত আৰোপ কৰা  নিষেধাজ্ঞাই সংবাদ পৰিবেশনত ক্ষতিকাৰক  প্ৰভাৱ পেলাইছে।  

কিয়নো কোনো যোগাযোগ অবিহনে সংগ্ৰহ কৰা স্থানীয় বাতৰিয়ে পৰিস্থিতিৰ প্ৰকৃত ছবি খন দাঙি ধৰিব পৰা নাছিল।এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে মণিপুৰত  হিংসাৰ সময়ত  সংবাদ মাধ্যমৰভূমিকা পৰীক্ষা কৰিবলৈ মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে এই সন্দৰ্ভত এখন  প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰা হৈছে যে গোষ্ঠীগত  হিংসাৰ সময়ত "একপক্ষীয়" প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল আৰু ইণ্টাৰনেট নিষেধাজ্ঞাই "বিষয়টো অধিক বেয়া"ৰ দিশলৈ লৈ গৈছিল।  সীমা গুহ, ভাৰত ভূষণ আৰু সঞ্জয় কাপুৰক লৈ গঠিত তিনিজনীয়া দলটোৱে  ৭ ৰ পৰা ১০ আগষ্টলৈ মণিপুৰত আছিল। তেওঁলোকে প্ৰকাশ কৰা  ২৪ পৃষ্ঠাৰ  প্ৰতিবেদনত বিভিন্ন দিশ ফঁহিয়াই চোৱা হৈছে। 

প্ৰতিবেদনত কোৱা হৈছে, "মেইটেই মিডিয়াই নিৰাপত্তা বাহিনী, বিশেষকৈ অসম ৰাইফলছক গৰিহণা দিয়াৰ ক্ষেত্ৰত বিশেষ   পক্ষ লৈছিল। অসম ৰাইফলছৰ বিৰুদ্ধে অবিৰতভাৱে অপপ্ৰচাৰ চলাই যোৱা  হৈছিল।মিডিয়াই  তথ্যবোৰ পৰীক্ষা কৰাত আৰু তাৰ পিছত সেইবোৰৰ ভিত্তিত প্ৰতিবেদনত প্ৰস্তুত কৰাত ব্যৰ্থ হৈছিল।"
প্ৰতিবেদনখনত কোৱা হৈছে যে ৰাজ্য চৰকাৰেও মণিপুৰ আৰক্ষীক অসম ৰাইফলছৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অনুমতি দি এই অপবাদক মৌনভাৱে সমৰ্থন জনাইছিল। 

দেশৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ মাজত সংঘৰ্ষ অভূতপূৰ্ব ঘটনা।  অসম ৰাইফলছ  বিৰুদ্ধে মণিপুৰ আৰক্ষীয়ে  এজাহাৰত "কুকি উগ্ৰপন্থীসকলক পলাই যাবলৈ দিয়াৰ" অভিযোগ আনিছিল। অসম ৰাইফলছৰ সঞ্চালক প্ৰধান (ডিজি) লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে ১ ছেপ্টেম্বৰত কৈছিল যে মণিপুৰৰ পৰিস্থিতি অভূতপূৰ্বভাবে ভয়াৱহ হৈ পৰিছে।তেওঁ কৈছিল "মণিপুৰত আমি সন্মুখীন হৈ থকা পৰিস্থিতি অভূতপূৰ্ব। আমি ইতিহাসত কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। এয়া  আমাৰ বাবে নতুন, মণিপুৰৰ বাবেও নতুন," 

এডিটৰ্ছ গিল্ডৰ প্ৰতিবেদনত বাতৰিৰ ক্ৰছ-চেকিং আৰু নিৰীক্ষণ প্ৰভাৱিত কৰাত ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞাৰজাৰি কৰাকেই জগৰীয়া কৰা হৈছে।  চৰকাৰৰ এনে সিদ্ধান্তক  পোনপটীয়াভাবে  "ভুল" আৰু উৰাবাতৰি বিয়পাবলৈ সুবিধা কৰি দিয়াৰ উপায় বুলি কোৱা হৈছে।

উল্লেখ্য মণিপুৰত প্ৰথমবাৰৰ বাবে ৩ মে'ত ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছিল। সেই দিনটোতে  ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হৈছিল আৰু যোৱা চাৰি মাহ ধৰি সেয়া অব্যাহত আছে।  জুনৰ শেষৰ ফালে মণিপুৰত ইণ্টাৰনেটৰ  সীমিত ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল।

কোনো পৰিস্থিতিত ৰাজ্য চৰকাৰে অনুৰাধা ভাছিন গোচৰত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনাৰ বিপৰীতে যোৱা উচিত নাছিল বুলিও গীল্ডে কয়।
 প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে সংঘৰ্ষৰ সময়ত মণিপুৰৰ সংবাদ মাধ্যমৰ  গৰিষ্ঠসংখ্যকেই মেইটেই সম্প্ৰদায়ৰ সংবাদ মাধ্যম হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস