--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত সৃষ্টি হোৱা গোষ্ঠী সংঘৰ্ষৰ সময়ত ৰাজ্য খনত বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। বহু দিন ধৰি মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা। ইয়াৰ মাজতে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে যোৱা মাহত হিংসাপীড়িত মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে মণিপুৰ চৰকাৰৰ ইণ্টাৰনেটৰ ওপৰত আৰোপ কৰা  নিষেধাজ্ঞাই সংবাদ পৰিবেশনত ক্ষতিকাৰক  প্ৰভাৱ পেলাইছে।  

কিয়নো কোনো যোগাযোগ অবিহনে সংগ্ৰহ কৰা স্থানীয় বাতৰিয়ে পৰিস্থিতিৰ প্ৰকৃত ছবি খন দাঙি ধৰিব পৰা নাছিল।এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ এটা তথ্য অনুসন্ধানকাৰী দলে মণিপুৰত  হিংসাৰ সময়ত  সংবাদ মাধ্যমৰভূমিকা পৰীক্ষা কৰিবলৈ মণিপুৰ ভ্ৰমণ কৰিছিল। দলটোৱে এই সন্দৰ্ভত এখন  প্ৰতিবেদন প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰা হৈছে যে গোষ্ঠীগত  হিংসাৰ সময়ত "একপক্ষীয়" প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল আৰু ইণ্টাৰনেট নিষেধাজ্ঞাই "বিষয়টো অধিক বেয়া"ৰ দিশলৈ লৈ গৈছিল।  সীমা গুহ, ভাৰত ভূষণ আৰু সঞ্জয় কাপুৰক লৈ গঠিত তিনিজনীয়া দলটোৱে  ৭ ৰ পৰা ১০ আগষ্টলৈ মণিপুৰত আছিল। তেওঁলোকে প্ৰকাশ কৰা  ২৪ পৃষ্ঠাৰ  প্ৰতিবেদনত বিভিন্ন দিশ ফঁহিয়াই চোৱা হৈছে। 

প্ৰতিবেদনত কোৱা হৈছে, "মেইটেই মিডিয়াই নিৰাপত্তা বাহিনী, বিশেষকৈ অসম ৰাইফলছক গৰিহণা দিয়াৰ ক্ষেত্ৰত বিশেষ   পক্ষ লৈছিল। অসম ৰাইফলছৰ বিৰুদ্ধে অবিৰতভাৱে অপপ্ৰচাৰ চলাই যোৱা  হৈছিল।মিডিয়াই  তথ্যবোৰ পৰীক্ষা কৰাত আৰু তাৰ পিছত সেইবোৰৰ ভিত্তিত প্ৰতিবেদনত প্ৰস্তুত কৰাত ব্যৰ্থ হৈছিল।"
প্ৰতিবেদনখনত কোৱা হৈছে যে ৰাজ্য চৰকাৰেও মণিপুৰ আৰক্ষীক অসম ৰাইফলছৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ অনুমতি দি এই অপবাদক মৌনভাৱে সমৰ্থন জনাইছিল। 

দেশৰ অন্যতম পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ মাজত সংঘৰ্ষ অভূতপূৰ্ব ঘটনা।  অসম ৰাইফলছ  বিৰুদ্ধে মণিপুৰ আৰক্ষীয়ে  এজাহাৰত "কুকি উগ্ৰপন্থীসকলক পলাই যাবলৈ দিয়াৰ" অভিযোগ আনিছিল। অসম ৰাইফলছৰ সঞ্চালক প্ৰধান (ডিজি) লেফটেনেণ্ট জেনেৰেল পিচি নায়াৰে ১ ছেপ্টেম্বৰত কৈছিল যে মণিপুৰৰ পৰিস্থিতি অভূতপূৰ্বভাবে ভয়াৱহ হৈ পৰিছে।তেওঁ কৈছিল "মণিপুৰত আমি সন্মুখীন হৈ থকা পৰিস্থিতি অভূতপূৰ্ব। আমি ইতিহাসত কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। এয়া  আমাৰ বাবে নতুন, মণিপুৰৰ বাবেও নতুন," 

এডিটৰ্ছ গিল্ডৰ প্ৰতিবেদনত বাতৰিৰ ক্ৰছ-চেকিং আৰু নিৰীক্ষণ প্ৰভাৱিত কৰাত ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞাৰজাৰি কৰাকেই জগৰীয়া কৰা হৈছে।  চৰকাৰৰ এনে সিদ্ধান্তক  পোনপটীয়াভাবে  "ভুল" আৰু উৰাবাতৰি বিয়পাবলৈ সুবিধা কৰি দিয়াৰ উপায় বুলি কোৱা হৈছে।

উল্লেখ্য মণিপুৰত প্ৰথমবাৰৰ বাবে ৩ মে'ত ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছিল। সেই দিনটোতে  ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হৈছিল আৰু যোৱা চাৰি মাহ ধৰি সেয়া অব্যাহত আছে।  জুনৰ শেষৰ ফালে মণিপুৰত ইণ্টাৰনেটৰ  সীমিত ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল।

কোনো পৰিস্থিতিত ৰাজ্য চৰকাৰে অনুৰাধা ভাছিন গোচৰত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা নিৰ্দেশনাৰ বিপৰীতে যোৱা উচিত নাছিল বুলিও গীল্ডে কয়।
 প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে সংঘৰ্ষৰ সময়ত মণিপুৰৰ সংবাদ মাধ্যমৰ  গৰিষ্ঠসংখ্যকেই মেইটেই সম্প্ৰদায়ৰ সংবাদ মাধ্যম হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে