--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কৃষকৰ পৰিয়ালত বৈছে আনন্দৰ বন্যা। কৃষকৰ তিনি কন্যা বিহাৰ আৰক্ষীৰ পৰীক্ষাত একেলগে উত্তীৰ্ণ হৈছে। কৃষকগৰাকীৰ নাম ফুলেনা দাস। ফুলেনা দাসৰ তিনি কন্যা জ্যোতি কুমাৰী, চনি কুমাৰী আৰু মুন্নী কুমাৰীয়ে একেলগে বিহাৰ আৰক্ষীৰ আণ্ডাৰ ইন্সপেক্টৰৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। এই খবৰে সমগ্ৰ গাওঁখনতে আনন্দৰ লহৰ তুলিছে। বুধবাৰে বিহাৰ আৰক্ষী আণ্ডাৰ চাৰ্ভিচ কমিছনে আৰক্ষী আণ্ডাৰ ইন্সপেক্টৰ (বিহাৰ পুলিচ এছআই পৰীক্ষা ২০২২)ৰ বাবে অনুষ্ঠিত যুটীয়া প্ৰাথমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। সফল হোৱা পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৩২১২২ জন আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ১৫৭৭৮ জন। এই পৰীক্ষাত মুঠ ৪৭৯০০ জন প্ৰাৰ্থীয়ে লাভ কৰিলে সফলতা। পৰীক্ষাটোত ৬ লাখ ৮৭ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। আৰক্ষী বিভাগৰ পৰীক্ষা যোৱা ২৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। এখন ঘৰৰ তিনি বাই-ভনী একেলগে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ লগে লগে গোটেই গাওঁখনত বনজুইৰ দৰে বিয়পি পৰে। বিহাৰৰ বেগুচৰাই নামৰ এখন পিছপৰা সৰু গাঁৱৰ এজন তেনেই সাধাৰণ কৃষকৰ ঘৰত জন্মগ্ৰহণ কৰা আৰু গ্ৰাম্য পৰিৱেশত ডাঙৰ দীঘল হোৱা আৰু গাঁৱৰ বিদ্যালয়ত শিক্ষা লাভ কৰা এই তিনি কন্যাই তেওঁলোকৰ সফলতাৰে গাঁও আৰু জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। কৃষক ফুলেনা দাসৰ আছে পাঁচটা সন্তান। যাৰ ভিতৰত আছে চাৰিজনী কন্যা আৰু এজন পুত্ৰ। ফুলেনা দাসৰ বৰ জীয়ৰী জ্যোতি কুমাৰী,দ্বিতীয় কন্যা চনি কুমাৰী আৰু তৃতীয় কন্যা মুন্নী কুমাৰীয়ে এই আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। তিনিওকে শুভকামনা আৰু অভিনন্দন জনাবলৈ ফুলেনা দাসৰ ঘৰত ভিৰ কৰিছেহি অগণন লোকে। আৰু পঢ়কঃ আপুনি একে খাদ্য কিমান দিন খাব পাৰিব? ২৫ বছৰে একে খাদ্য খাই আছে ভিক্টোৰিয়াই

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি