--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কৃষকৰ পৰিয়ালত বৈছে আনন্দৰ বন্যা। কৃষকৰ তিনি কন্যা বিহাৰ আৰক্ষীৰ পৰীক্ষাত একেলগে উত্তীৰ্ণ হৈছে। কৃষকগৰাকীৰ নাম ফুলেনা দাস। ফুলেনা দাসৰ তিনি কন্যা জ্যোতি কুমাৰী, চনি কুমাৰী আৰু মুন্নী কুমাৰীয়ে একেলগে বিহাৰ আৰক্ষীৰ আণ্ডাৰ ইন্সপেক্টৰৰ প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। এই খবৰে সমগ্ৰ গাওঁখনতে আনন্দৰ লহৰ তুলিছে। বুধবাৰে বিহাৰ আৰক্ষী আণ্ডাৰ চাৰ্ভিচ কমিছনে আৰক্ষী আণ্ডাৰ ইন্সপেক্টৰ (বিহাৰ পুলিচ এছআই পৰীক্ষা ২০২২)ৰ বাবে অনুষ্ঠিত যুটীয়া প্ৰাথমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। সফল হোৱা পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৩২১২২ জন আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ১৫৭৭৮ জন। এই পৰীক্ষাত মুঠ ৪৭৯০০ জন প্ৰাৰ্থীয়ে লাভ কৰিলে সফলতা। পৰীক্ষাটোত ৬ লাখ ৮৭ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। আৰক্ষী বিভাগৰ পৰীক্ষা যোৱা ২৬ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। এখন ঘৰৰ তিনি বাই-ভনী একেলগে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ লগে লগে গোটেই গাওঁখনত বনজুইৰ দৰে বিয়পি পৰে। বিহাৰৰ বেগুচৰাই নামৰ এখন পিছপৰা সৰু গাঁৱৰ এজন তেনেই সাধাৰণ কৃষকৰ ঘৰত জন্মগ্ৰহণ কৰা আৰু গ্ৰাম্য পৰিৱেশত ডাঙৰ দীঘল হোৱা আৰু গাঁৱৰ বিদ্যালয়ত শিক্ষা লাভ কৰা এই তিনি কন্যাই তেওঁলোকৰ সফলতাৰে গাঁও আৰু জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে। কৃষক ফুলেনা দাসৰ আছে পাঁচটা সন্তান। যাৰ ভিতৰত আছে চাৰিজনী কন্যা আৰু এজন পুত্ৰ। ফুলেনা দাসৰ বৰ জীয়ৰী জ্যোতি কুমাৰী,দ্বিতীয় কন্যা চনি কুমাৰী আৰু তৃতীয় কন্যা মুন্নী কুমাৰীয়ে এই আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। তিনিওকে শুভকামনা আৰু অভিনন্দন জনাবলৈ ফুলেনা দাসৰ ঘৰত ভিৰ কৰিছেহি অগণন লোকে। আৰু পঢ়কঃ আপুনি একে খাদ্য কিমান দিন খাব পাৰিব? ২৫ বছৰে একে খাদ্য খাই আছে ভিক্টোৰিয়াই

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক