--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১৫ আগষ্টত দেশে পালন কৰিব স্বাধীনতাৰ ৭৫ টা বছৰৰ বৰ্ষপূৰ্তি। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ বৰ্ষপূৰ্তিৰ বাবে মহা আড়ম্বৰেৰে আয়োজন কৰিছে ‘আজাদী কা অমৃত মহোৎসৱ’ শেহতীয়াকৈ এটা বিৰাট দেশপ্ৰেমমূলক পদক্ষেপ গ্ৰহণ কৰিছে। আজাদী কা অমৃত মহোৎসৱৰ সমসাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিবলৈ আন এক পদক্ষেপো গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপ অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিটো প্ৰান্তৰে প্ৰতিঘৰ মানুহকে জাতীয় পতাকা বিলোৱাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপৰ নাম দিয়া হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা’। দেশবাসীক দেশপ্ৰেমৰ এক এক নজিৰ সৃষ্টিৰে প্ৰতি ঘৰে ঘৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে এই ‘হৰ ঘৰ ত্ৰিৰংগা’ পদক্ষেপক সফল কৰি তুলিবলৈ সকলোৰে অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে।

‘হৰ ঘৰ ত্ৰিৰংগা’ৰ সমসাময়িকভাৱে মোদী চৰকাৰে আন এক পদক্ষেপো হাতত লৈছে। ভাৰতীয় পৰম্পৰাগত জাতীয় পতাকা নিৰ্মাণৰ শৈলী ত্যাগ কৰি এতিয়াৰে পৰা পলিষ্টাৰ কাপোৰেৰেও জাতীয় পতাকা প্ৰস্তুত কৰিব পাৰিব বুলি সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই সিদ্ধান্তক বাস্তৱায়িত কৰি তুলিবলৈ সংশোধন কৰা হৈছে ২০০২ চনৰ ফ্লেগ ক’ড (2002 Flag Code) ।

উল্লেখ্য যে স্বাধীন ভাৰতৰ চিৰপৰিচিত জাতীয় পতাকাখন পৰম্পৰাগতভাৱে খাদী কাপোৰেৰে প্ৰস্তুত কৰি অহা হৈছিল। মোদী চৰকাৰে নিজ সিদ্ধান্তক সাকাৰ ৰূপ দিবলৈ সংশোধন কৰা ২০০২ চনৰ ফ্লেগ ক’ডত জাতীয় পতাকাক কেৱল শিপিনীৰ হাতে বোৱা কাপোৰেৰে প্ৰস্তুত কৰাৰ কথা স্পষ্টকৈ উল্লেখ আছে। এই হাতে বোৱা জাতীয় পতাকাৰ বাবে ব্যৱহাৰ কৰা কাপোৰসমূহ হৈছে খাদী, কপাহী, ঊল আৰু পাটকাপোৰ। কিন্তু ফ্লেগ ক’ৰ্ডৰ সংশোধনৰ জৰিয়তে পৰম্পৰাগত এই ব্যৱস্থাটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছে। ই কেৱল দেশৰ ঐতিহাসিক পৰম্পৰাকে ভংগ কৰা নাই, সমানে ক্ষতিগ্ৰস্ত কৰি তুলিছে দেশৰ হস্ত নিৰ্মিত বস্ত্ৰ উদ্যোগো।

এই নতুন সংশোধনীৰ ফলত দেশৰ গ্ৰাম্যাঞ্চলত বাস কৰা লাখ লাখ শিপিনীৰ জীৱিকাক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিয়া হৈছে। এই শিপিনীসকলেই মূলতঃ দেশৰ জাতীয় পতাকা প্ৰস্তুত কৰি আহিছে। জানিব পৰা মতে, প’লিষ্টাৰ কাপোৰৰ অনুমতি দিয়াৰ পাছতে খাদী পতাকাৰ বজাৰখনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে। সমাদৰ কমি আহিছে কপাহী, খাদী পতাকাৰ। এনেদৰে ফ্লেগ ক’ডৰ সংশোধনীৰ জৰিয়তে বিজেপি চৰকাৰখনে গ্ৰাম্য অৰ্থনীতিত এক বৃহৎ ঋণাত্মক প্ৰভাৱ সৃষ্টি কৰিছে।

সমান্তৰালভাৱে কেন্দ্ৰৰ এই সিদ্ধান্তক লৈ আন এক সন্দেহৰো অৱতাৰণা হৈছে। বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এই নীতিৰ আঁৰত দলটোৰ ঘনিষ্ঠ আৰু প্ৰিয় পুঁজিপতি মুকেশ আম্বানীৰ প্ৰতি থকা দৰদ লুকাই আছে বুলি অভিযোগ উত্থাপন হৈছে। তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সকেত গোখলেই মুকলি কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত থকা আম্বানী প্ৰীতি। গোখলেই টুইটাৰত শেহতীয়াকৈ এক লানি টুইটেৰে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰৰ স্বাৰ্থান্বেষী চক্ৰান্তক ফাদিল কৰিছে। গোখলেই অভিযোগ কৰিছে যে নিজৰ কৰ্পৰেট বন্ধুসকলক সহায় কৰিবলৈকে প্ৰধানমন্ত্ৰীয়ে ফ্লেগ ক’ড সংশোধন কৰিছে। ইয়াক তেওঁ potential scam হিচাপেও আখ্যা দিছে।

উল্লেখযোগ্য যে ভাৰতত প’লিষ্টাৰ কাপোৰৰ বজাৰখন আছে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ড্ৰাষ্টিজৰ দখলত। ভাৰতৰ উপৰিও সমগ্ৰ বিশ্ব জুৰি ৰিলায়েন্সে প’লিষ্টাৰৰ বজাৰত তীব্ৰ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈ আছে। বছৰি ৰিলায়েন্সে ২.৫ মিলিয়ন টন প’লিষ্টাৰ প্ৰস্তুত কৰি আহিছে। অৰ্থাৎ গোখলেৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ফ্লেগ ক’ডৰ সংশোধনীৰ জৰিয়তে মুকলি কৰি দিছে আম্বানীৰ বাবে মুনাফা অৰ্জনৰ এক সুষম পথ। পলিষ্টাৰৰ বজাৰত আম্বানীৰ লাভালাভৰ বাবেই মোদী চৰকাৰে ফ্লেগ ক’ডৰ দৰে এটা সাংবিধানিক নিয়মাৱলীকে সংশোধন কৰি পেলাইছে বুলি অভিযোগ উত্থাপন কৰিছে গোখলেই।

অৰ্থাৎ মোদী চৰকাৰে ৰাষ্ট্ৰীয়তাবাদ, দেশপ্ৰেমৰ নামত এইদৰে জনসাধাৰণক অন্ধকাৰত ৰাখি পুঁজিপতি বন্ধু আম্বানীৰ মুনাফা অৰ্জনৰ বাবে গঢ়ি তুলিছে এখন বৃহৎ বজাৰ। দেশবাসীৰ গৌৰৱ আৰু সন্মানৰ প্ৰতীক ‘ত্ৰিৰংগা'ক লৈয়ো এইদৰে মোদী চৰকাৰে জনচক্ষুৰ আঁৰত আম্বানীৰ সম্পত্তি আহৰণৰ সহযোগী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে। ইয়াৰ বাবে কাঢ়ি অনা হৈছে গ্ৰামাঞ্চলৰ দৰিদ্ৰ শিপিনীসকলৰ জীৱন-জীৱিকাক। 

স্বাভাৱিকতেই এই অভিযোগে সম্প্ৰতি দেশৰ ৰাজনীতিত তোলপাৰ লগাইছে। দেশবাসীক ৰাষ্ট্ৰীয়তাবাদ, দেশপ্ৰেমৰ পাঠ পঢ়োৱা বিজেপিয়ে এই কাৰচাজিৰ দ্বাৰা নিজৰ নিকৃষ্ট অৰ্থলোভী মানসিকতাক প্ৰতিফলিত কৰিছে বুলি সমালোচনাত মুখৰ হৈ পৰিছে ৰাজনৈতিক বিৰোধী তথা সচেতন জনসাধাৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কিয় প্ৰতিদিনে কৰা উচিত সূৰ্য নমস্কাৰ? ইয়াৰ লাভালাভ জানিলে আচৰিত হ’ব
শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত দ্য গ্ৰেট খালি; দুটা দিন বানাক্ৰান্ত ৰাইজক আগবঢ়াব সাহায্য
বাক্সাৰ বিদ্যালয়ত ২২ ছাত্ৰীৰ অস্বাভাৱিক আচৰণক লৈ ৰহস্য! ভূতৰ আতংকত কম্পমান অঞ্চলবাসী
ট্ৰাম্প-নাটালিক লৈ তুংগত চৰ্চা! কোন এই নাটালি, যিয়ে কম সময়তে লাভ কৰিলে ৰাষ্ট্ৰপতিৰ ঘনিষ্ঠ মহলত বিশেষ স্থান?
লং খায়নে? এই মছলাবিধৰ আছে নানা উপকাৰী গুণাগুণ
চেন্নাইস্থিত চিএছআইআৰ-এছইআৰচি ভ্ৰমণ অসমৰ সংবাদ মাধ্যমৰ সম্পাদক-প্ৰতিনিধি দলৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ
সৰুপথাৰত মৰ্মান্তিক ঘটনা; মুকলিকৈ পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন; লালকিল্লাত বিস্ফোৰণ ঘটাইছিল আল-কায়দাই
গ্রাহকলৈ ‘ৰিলায়েন্স ডিজিটেল’ৰ বিশেষ অফাৰ
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে