--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চোৰাং বেহা তথা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবে নিৰাপদ পথত পৰিণত হৈছে নেকি বিমানবন্দৰ সমূহ? দেখাত কটকটীয়া যেন লাগিলেও বিমানবন্দৰত নিয়োজিত নিৰাপত্তা ব্যৱস্থাত আছে নেকি বৃহৎ সুৰুঙা বা কেৰোণ ? শেহতীয়া কিছুমান কৰ্মকাণ্ডৰ প্ৰশ্ন ব্যাপক ৰূপত উত্থাপন হ'বলৈ ধৰিছে। কিছুদিন পূৰ্বে শতাধিক বন্য জীৱ-জন্তুৰ সৈতে বেংককৰ এটা বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এটা ভাৰতীয় দম্পতী। বেগৰ ভিতৰত সোমোৱাই অনা এই জীৱ-জন্তু সমূহৰ সৈতে দম্পতীহাল চেন্নাই অভিমুখী বিমানত উঠাৰ আগে আগে গ্ৰেপ্তাৰ হৈছিল।

তাৰ কিছুদিন পূৰ্বে দেশৰে এটা বিমানবন্দৰৰ বন্য জন্তসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এহাল দম্পতীৰ বেগত ওলাইছিল ৪৫ টা বন্দুক।
এইবাৰ চেন্নাইৰ বিমানবন্দৰত এগৰাকী বিদেশী নাগৰিকৰ পৰা শুল্ক বিভাগে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ সামগ্ৰী। বৃহস্পতিবাৰে বিমানবন্দৰৰ বিভাগীয় কৰ্তৃপক্ষই তাঞ্জানিয়াৰ এজন নাগৰিকৰ পৰা ৮.৮৬ কোটি টকাৰ এক কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ হেৰোইন জব্দ কৰিছে।

শুল্ক আয়ুক্ত কে আৰ উদয় ভাস্কৰে এক বিজ্ঞপ্তিত উল্লেখ কৰা মতে গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ আধাৰত শুল্ক বিভাগৰ বিষয়াসকলে উগাণ্ডাৰ এণ্টেবেৰ পৰা অহা যাত্ৰীজনক বাধা দিয়ে আৰু কেপচুলৰ ৰূপত থকা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰে।

তেওঁ সদৰি কৰা মতে যাত্ৰীগৰাকীয়ে ৮৬ টা কেপচুলৰ ভিতৰত ভৰাই অনা এই ড্ৰাগছখিনি বিভাগৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে গিলি পেলাইছিল। কিন্তু পৰীক্ষাত এই ড্ৰাগছখিনিৰ উপস্থিতি ধৰা পৰাৰ পিছত নিষ্কাশনৰ জৰিয়তে ১.২৬ কিলোগ্ৰাম ওজনৰ এই নিষিদ্ধ ড্ৰাগছখিনি উদ্ধাৰ কৰে। আন্ত: ৰাষ্ট্ৰীয় বজাৰত এই ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৮.৮৬ কোটি টকা হ’ব বুলি বিভাগীয় বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

শীৰ্ষ বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰা মতে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইন, ১৯৮৫ আৰু শুল্ক আইন, ১৯৬২-ৰ অধীনত এই ড্ৰাগছখিনি জব্দ কৰা হৈছিল। ইতিমধ্যে ড্ৰাগছ সৰবৰাহ কৰা তাঞ্জানিয়াৰ যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত তদন্ত চলি আছে আছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

উল্লেখ্য যে যোৱা মে’ মাহতো শুল্ক বিভাগে ৬.৫৮ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰোইন উদ্ধাৰ কৰিছিল। বিভাগটোৱে উগাণ্ডাৰ এগৰাকী নাগৰিকক ভাৰতলৈ এই নিষিদ্ধ দ্ৰব্যৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

শাৰজাহৰ পৰা উপস্থিত হোৱা এই যাত্ৰীজনেও বিভাগৰ পৰা ৰক্ষা পাবলৈ সৰবৰাহৰ বাবে হেৰোইন ভৰ্তি ৮০ টা কেপচুল গিলি পেলাইছিল। অৱশ্যে এক্স-ৰে’ পৰীক্ষণৰ সময়ত শুল্ক বিভাগে এই অভিনৱ কায়দাক ধৰা পেলাবলৈ সক্ষম হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?