--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৰ ঘৰ তিৰংগা অভিযানে আত্মনিৰ্ভৰ ভাৰত অভিযানক এক মাত্ৰা প্ৰদান কৰিলে। কাৰণ জাতীয় পতাকা বিক্ৰীয়ে বহুতৰো মুখত হাঁহি বিৰিঙাইছে। বস্ত্ৰ কলৰ মালিকৰ পৰা আৰম্ভ কৰি কাৰখানাৰ শ্ৰমিকলৈকে শ্ৰমৰ এটা উৎস প্ৰদান কৰিলে। সমগ্ৰ দেশতে প্ৰতিটো ঘৰুৱা ত্ৰিৰংগা ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছে, সেয়ে যোৱা ১৫দিন ধৰি হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিছে। দিল্লী-এনচিআৰৰ কথা ক’বলৈ গ’লে ১৫০-২০০ কোটি টকাৰ ব্যৱসায় হৈছে৷

 ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশ নৱজ্বলতাৰে সাজু হৈছে। এইবাৰ দেশজুৰি ৩০ কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে, এনচিআৰত ১০-১২ কোটি টকা ব্যৱসায়ৰ দাবী কৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে জনায় যে যোৱা ২০দিনৰ অভিলেখসংখ্যক ৩০ কোটিৰো অধিক ত্ৰিৰংগা প্ৰস্তুত কৰা হৈছে। পলিয়েষ্টাৰ আৰু মেচিনৰ পৰা পতাকা নিৰ্মাণৰ অনুমতি দিয়া পতাকা ক’ডৰ পৰিৱৰ্তনেও সমগ্ৰ দেশতে পতাকা সহজে উপলব্ধ কৰাত অৰিহণা যোগাইছে। পূৰ্বতে ভাৰতীয় ত্ৰিৰংগা কেৱল খাদী বা কাপোৰতহে বনাবলৈ অনুমতি দিয়া হৈছিল।

 ১. বিক্ৰী বহুগুণে বৃদ্ধি পালে-

বিগত বছৰবোৰৰ স্বাধীনতা দিৱসৰ তুলনাত বিক্ৰী বহুগুণে বৃদ্ধি পাইছে। বাৰ্ষিক পতাকা বিক্ৰী মাত্ৰ ১৫০-২০০ কোটি টকাত সীমাবদ্ধ আছিল। আনহাতে যোৱা পোন্ধৰ দিনত ৫০০ কোটিতকৈ অধিক টকা বিক্ৰী হৈছে যিটো ১৫ আগষ্টৰ ভিতৰত আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। একেদৰে যদি আমি দেখিবলৈ পাওঁ, তেন্তে কৰ্মসংস্থাপনৰো বৃদ্ধি হৈছে। ব্যৱসায়ীসকলে দাবী কৰিছে যে ৮-১০ কোটি লোকে কৰ্মসংস্থাপন লাভ কৰিছে।

২. এনচিআৰত পালে সৰ্বাধিক চাহিদা-

হৰ ঘৰ তিৰংগা অভিযানে অৰ্থনৈতিক ব্যৱস্থাক পুনৰ টনকিয়া কৰিলে। ১৫০-২০০ কোটি টকাৰ পতাকা বিক্ৰী হোৱা এনচিআৰত ১০-১৫ লাখ লোকক কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিলে। চিলাইকাৰীৰ কথা ক’বলৈ গ’লে যোৱা পোন্ধৰদিনৰ ভিতৰত অন্ততঃ ৫০ৰ পৰা ১,০০০,০০০ টকা উপাৰ্জন কৰিছে প্ৰতিজন শিল্পীয়ে। একেদৰে এই ব্যৱসায়ৰ লগত জড়িত আন আন কাৰখানাৰ শ্ৰমিক, বস্ত্ৰশিক্ষক, বিক্ৰেতাসকলেও কৰ্মসংস্থাপন লাভ কৰিছে। তেওঁ কয় যে দিল্লীৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়তকৈ বিক্ৰী হৈছে আজাদীৰ অমৃত মহোৎসৱত বুলি প্ৰকাশ কৰে গুলছান খুৰানা, সাধাৰণ সম্পাদক অল অভাৰ ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ’চিয়েছন।

 ৩. সকলোৱে পাঁচটাতকৈও অধিক ত্ৰিৰংগা কিনিলে-

স্বাধীনতা দিৱসৰ দিনা প্ৰত্যেক ঘৰত দেখা যাব ত্ৰিৰংগা। সদৰ বজাৰৰ ব্যৱসায়ী পৰমজিৎ সিং পাম্মাৰ মতে দেশপ্ৰেমৰ উৎসাহ ইমানেই বাঢ়িছে যে সকলোৱে কমেও পাঁচখন পতাকা কিনিছে। ঘৰৰ বাহিৰত কমেও পাঁচখন পতাকা স্থাপন কৰা হ’ব বুলিও প্ৰকাশ কৰিছে ক্ৰেতাসকলে। সেয়ে এই পতাকাৰ চাহিদা পাঁচশ গুণ বাঢ়িছে। প্ৰতিখন পাতাকাৰ মূল্য ১০ টকাৰ পৰা আৰম্ভ কৰি খুচুৰা বজাৰত এখন পতাকা ৩০-৬০ টকাত বিক্ৰী হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
টিংখাঙত পথ দুৰ্ঘটনাত এজন নিহত
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী