--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৰ ঘৰ তিৰংগা অভিযানে আত্মনিৰ্ভৰ ভাৰত অভিযানক এক মাত্ৰা প্ৰদান কৰিলে। কাৰণ জাতীয় পতাকা বিক্ৰীয়ে বহুতৰো মুখত হাঁহি বিৰিঙাইছে। বস্ত্ৰ কলৰ মালিকৰ পৰা আৰম্ভ কৰি কাৰখানাৰ শ্ৰমিকলৈকে শ্ৰমৰ এটা উৎস প্ৰদান কৰিলে। সমগ্ৰ দেশতে প্ৰতিটো ঘৰুৱা ত্ৰিৰংগা ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছে, সেয়ে যোৱা ১৫দিন ধৰি হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিছে। দিল্লী-এনচিআৰৰ কথা ক’বলৈ গ’লে ১৫০-২০০ কোটি টকাৰ ব্যৱসায় হৈছে৷

 ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপনৰ বাবে সমগ্ৰ দেশ নৱজ্বলতাৰে সাজু হৈছে। এইবাৰ দেশজুৰি ৩০ কোটিৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হৈছে, এনচিআৰত ১০-১২ কোটি টকা ব্যৱসায়ৰ দাবী কৰে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে জনায় যে যোৱা ২০দিনৰ অভিলেখসংখ্যক ৩০ কোটিৰো অধিক ত্ৰিৰংগা প্ৰস্তুত কৰা হৈছে। পলিয়েষ্টাৰ আৰু মেচিনৰ পৰা পতাকা নিৰ্মাণৰ অনুমতি দিয়া পতাকা ক’ডৰ পৰিৱৰ্তনেও সমগ্ৰ দেশতে পতাকা সহজে উপলব্ধ কৰাত অৰিহণা যোগাইছে। পূৰ্বতে ভাৰতীয় ত্ৰিৰংগা কেৱল খাদী বা কাপোৰতহে বনাবলৈ অনুমতি দিয়া হৈছিল।

 ১. বিক্ৰী বহুগুণে বৃদ্ধি পালে-

বিগত বছৰবোৰৰ স্বাধীনতা দিৱসৰ তুলনাত বিক্ৰী বহুগুণে বৃদ্ধি পাইছে। বাৰ্ষিক পতাকা বিক্ৰী মাত্ৰ ১৫০-২০০ কোটি টকাত সীমাবদ্ধ আছিল। আনহাতে যোৱা পোন্ধৰ দিনত ৫০০ কোটিতকৈ অধিক টকা বিক্ৰী হৈছে যিটো ১৫ আগষ্টৰ ভিতৰত আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। একেদৰে যদি আমি দেখিবলৈ পাওঁ, তেন্তে কৰ্মসংস্থাপনৰো বৃদ্ধি হৈছে। ব্যৱসায়ীসকলে দাবী কৰিছে যে ৮-১০ কোটি লোকে কৰ্মসংস্থাপন লাভ কৰিছে।

২. এনচিআৰত পালে সৰ্বাধিক চাহিদা-

হৰ ঘৰ তিৰংগা অভিযানে অৰ্থনৈতিক ব্যৱস্থাক পুনৰ টনকিয়া কৰিলে। ১৫০-২০০ কোটি টকাৰ পতাকা বিক্ৰী হোৱা এনচিআৰত ১০-১৫ লাখ লোকক কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিলে। চিলাইকাৰীৰ কথা ক’বলৈ গ’লে যোৱা পোন্ধৰদিনৰ ভিতৰত অন্ততঃ ৫০ৰ পৰা ১,০০০,০০০ টকা উপাৰ্জন কৰিছে প্ৰতিজন শিল্পীয়ে। একেদৰে এই ব্যৱসায়ৰ লগত জড়িত আন আন কাৰখানাৰ শ্ৰমিক, বস্ত্ৰশিক্ষক, বিক্ৰেতাসকলেও কৰ্মসংস্থাপন লাভ কৰিছে। তেওঁ কয় যে দিল্লীৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়তকৈ বিক্ৰী হৈছে আজাদীৰ অমৃত মহোৎসৱত বুলি প্ৰকাশ কৰে গুলছান খুৰানা, সাধাৰণ সম্পাদক অল অভাৰ ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ’চিয়েছন।

 ৩. সকলোৱে পাঁচটাতকৈও অধিক ত্ৰিৰংগা কিনিলে-

স্বাধীনতা দিৱসৰ দিনা প্ৰত্যেক ঘৰত দেখা যাব ত্ৰিৰংগা। সদৰ বজাৰৰ ব্যৱসায়ী পৰমজিৎ সিং পাম্মাৰ মতে দেশপ্ৰেমৰ উৎসাহ ইমানেই বাঢ়িছে যে সকলোৱে কমেও পাঁচখন পতাকা কিনিছে। ঘৰৰ বাহিৰত কমেও পাঁচখন পতাকা স্থাপন কৰা হ’ব বুলিও প্ৰকাশ কৰিছে ক্ৰেতাসকলে। সেয়ে এই পতাকাৰ চাহিদা পাঁচশ গুণ বাঢ়িছে। প্ৰতিখন পাতাকাৰ মূল্য ১০ টকাৰ পৰা আৰম্ভ কৰি খুচুৰা বজাৰত এখন পতাকা ৩০-৬০ টকাত বিক্ৰী হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ