--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলাডাখত চীনৰ আগ্ৰাসনে ভাৰতক যথেষ্ট চাপৰ মাজত ৰাখিছে। দুৰ্গম এলেকাটোত দিনে- নিশাই ভাৰতীয় সেনাই নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি দেশবাসীক চীনৰ আগ্ৰাসী সেনাৰ পৰা সুৰক্ষা দি আহিছে। ৭৬ তম স্বাধীনতা দিৱসত চীনে নিজৰ বুলি দাবী কৰি অহা লাডাখৰ  পাংগং হ্ৰদৰ কাষেৰে গৌৰৱেৰে ত্ৰিৰংগা উৰুৱাই আগুৱাই যায় ভাৰতীয় সেনা।অদূৰত ভেবা লাগি চাই ৰয় চীনৰ সেনাই। 

চীনৰ সেনালৈ এক সমুচিৎ প্ৰত্যুত্তৰ দি ইণ্ডো-তিব্বেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানে  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) কাষত সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতাত স্বাধীনতা দিৱস উদযাপন কৰে।

উল্লেখ্য সোমবাৰে সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। কৰোনা সংকট অতিক্ৰম কৰি ভাৰতৰ ইতিহাসৰ আটাইতকৈ গৌৰৱান্বিত দিনটো উদযাপন কৰিবলৈ কোনেও অৱহেলা কৰা নাই। সাধাৰণ মানুহৰ পৰা সীমান্তত নিয়োজিত সৈনিকলৈকে সকলোৱে স্বাধীনতা দিৱসৰ আনন্দত মতলীয়া হৈ পৰিছে। ইয়াৰ মাজতে পাংগং হ্ৰদৰ (পাংগং টছ' ) কাষত পতাকা উত্তোলন কৰি সম্প্ৰসাৰণবাদী চীনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে ভাৰতীয় জোৱানে । 

২০২০ চনত চীনা সেনাই লাডাখৰ গালোৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত কমেও কুৰি জন ভাৰতীয় সেনা জোৱা নিহত হৈছিল। একেদৰে ভাৰতীয় সেনাৰ আক্ৰমণত কেইবাজনো চীনৰ সেনা নিহত হৈছিল যদিও চীনে সেই কথা বহু দিনলৈ লুকুৱাই ৰাখিছিল। তেতিয়াৰ পৰা গালোৱানত চীনৰ ,সেনাৰ সৈতে ভাৰতীয় সেৱাৰ সংঘাত চলি আছে। লাডাখ সংকটকলৈ চীন-ভাৰতৰ মাজত ১১ লানি আলোচনা হৈছে যদিও প্ৰতিবাৰেই চীনে লাডাখৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব বুলি কথা দিও কথা ৰখা নাই।

 ইয়াৰ বিপৰীতে চীনৰ সেনাই মাজতে গালোৱানত চীনৰ পতাকাহে উৰুৱাইছিল। সেই সময়ত ভাৰতীয় সেনায়ো ত্ৰিৰংগা উৰুৱাই চীনক প্ৰত্যাহ্বান জনাইছিল। ভাৰতীয় সেনাই এতিয়াও ফিংগাৰ ১ ৰ পৰা ফিংগাৰ  ৮ লৈ পেংগং হ্ৰদৰ কাষত টহল দি আছে। শেহতীয়া তথ্য অনুসৰি, গালওৱানৰ পৰা ৰেড পাংগং হ্ৰদলৈ চীনৰ ৰেড আৰ্মীয়ে   বৃহৎ সংখ্যক সৈন্য মোতায়েন কৰিছে।ভাৰতেও সেই স্থানত অত্যাধুনিক যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু