--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলাডাখত চীনৰ আগ্ৰাসনে ভাৰতক যথেষ্ট চাপৰ মাজত ৰাখিছে। দুৰ্গম এলেকাটোত দিনে- নিশাই ভাৰতীয় সেনাই নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি দেশবাসীক চীনৰ আগ্ৰাসী সেনাৰ পৰা সুৰক্ষা দি আহিছে। ৭৬ তম স্বাধীনতা দিৱসত চীনে নিজৰ বুলি দাবী কৰি অহা লাডাখৰ  পাংগং হ্ৰদৰ কাষেৰে গৌৰৱেৰে ত্ৰিৰংগা উৰুৱাই আগুৱাই যায় ভাৰতীয় সেনা।অদূৰত ভেবা লাগি চাই ৰয় চীনৰ সেনাই। 

চীনৰ সেনালৈ এক সমুচিৎ প্ৰত্যুত্তৰ দি ইণ্ডো-তিব্বেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানে  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) কাষত সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতাত স্বাধীনতা দিৱস উদযাপন কৰে।

উল্লেখ্য সোমবাৰে সমগ্ৰ দেশতে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। কৰোনা সংকট অতিক্ৰম কৰি ভাৰতৰ ইতিহাসৰ আটাইতকৈ গৌৰৱান্বিত দিনটো উদযাপন কৰিবলৈ কোনেও অৱহেলা কৰা নাই। সাধাৰণ মানুহৰ পৰা সীমান্তত নিয়োজিত সৈনিকলৈকে সকলোৱে স্বাধীনতা দিৱসৰ আনন্দত মতলীয়া হৈ পৰিছে। ইয়াৰ মাজতে পাংগং হ্ৰদৰ (পাংগং টছ' ) কাষত পতাকা উত্তোলন কৰি সম্প্ৰসাৰণবাদী চীনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে ভাৰতীয় জোৱানে । 

২০২০ চনত চীনা সেনাই লাডাখৰ গালোৱান উপত্যকাত ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাইছিল। এই আক্ৰমণত কমেও কুৰি জন ভাৰতীয় সেনা জোৱা নিহত হৈছিল। একেদৰে ভাৰতীয় সেনাৰ আক্ৰমণত কেইবাজনো চীনৰ সেনা নিহত হৈছিল যদিও চীনে সেই কথা বহু দিনলৈ লুকুৱাই ৰাখিছিল। তেতিয়াৰ পৰা গালোৱানত চীনৰ ,সেনাৰ সৈতে ভাৰতীয় সেৱাৰ সংঘাত চলি আছে। লাডাখ সংকটকলৈ চীন-ভাৰতৰ মাজত ১১ লানি আলোচনা হৈছে যদিও প্ৰতিবাৰেই চীনে লাডাখৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব বুলি কথা দিও কথা ৰখা নাই।

 ইয়াৰ বিপৰীতে চীনৰ সেনাই মাজতে গালোৱানত চীনৰ পতাকাহে উৰুৱাইছিল। সেই সময়ত ভাৰতীয় সেনায়ো ত্ৰিৰংগা উৰুৱাই চীনক প্ৰত্যাহ্বান জনাইছিল। ভাৰতীয় সেনাই এতিয়াও ফিংগাৰ ১ ৰ পৰা ফিংগাৰ  ৮ লৈ পেংগং হ্ৰদৰ কাষত টহল দি আছে। শেহতীয়া তথ্য অনুসৰি, গালওৱানৰ পৰা ৰেড পাংগং হ্ৰদলৈ চীনৰ ৰেড আৰ্মীয়ে   বৃহৎ সংখ্যক সৈন্য মোতায়েন কৰিছে।ভাৰতেও সেই স্থানত অত্যাধুনিক যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ