--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰৱৰ্তী মেচকেইখন খেলিব পাৰিবনে নেইমাৰে? সম্প্ৰতি এই লৈ তুমূল জল্পনা কল্পনাৰ সৃষ্টি হৈছে।

শুক্ৰবাৰে ৰাতি গ্ৰুপৰ অন্তিম মেচত কেমেৰুণৰ বিৰুদ্ধে নামিব ব্ৰাজিল। ব্ৰাজিলৰ সংবাদমাধ্যমৰ মতে, কেমেৰুণৰ স’তে খেলপথাৰত নানামে নেইমাৰে। কেৱল কেমেৰুণেই নহয়, বিশ্বকাপৰ কোনো মেচতে খেলিব পৰাকৈ সুস্থ নহয় নেইমাৰ।

উল্লেখ্য যে চাৰ্বিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত ভৰিত আঘাট লাভ কৰিছিল নেইমাৰে। তাৰপাছতে জনোৱা হৈছিল, গ্ৰুপ মেচকেই্খন খেলিব নোৱাৰিব তাৰকাগৰাকীয়ে। কিন্তু নকআউটত খেলপথাৰত দেখা যাব পাৰে।

কিন্তু এতিয়া মেচখনলৈ মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত জানিব পৰা গৈছে যে নেইমাৰে নকআউট পৰ্যায়তো খেলিব নোৱাৰিব। নেইমাৰৰ আঘাট ভবাতকৈ অধিক বেছি। এতিয়াও তেওঁৰ গোৰোহা ফুলি আছে।

এই সম্পৰ্কে ব্ৰাজিলৰ সহকাৰী প্ৰশিক্ষক ক্লেবাৰ জেভিয়াৰে কৈছে যে নেইমাৰে ধীৰে ধীৰে সুস্থ হৈ উঠিছে। কিন্তু নেইমাৰক লৈ নহয়, বৰঞ্চ দলে বৰ্তমান কেমেৰুণৰ স’তে খেলিব লগা মেচখনক লৈ ব্যস্ত হৈ আছে বুলি তেওঁ জনায়।

উল্লেখ্য যে আঘাট আৰু নেইমাৰৰ সম্পৰ্ক অতি পুৰণি। ২০১৪ চনতো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত কঁকালত আঘাট লাভ কৰি চেমি ফাইনেল খেলিব পৰা নাছিল তেওঁ। ২০১৮ চনতো বিশ্বকাপৰ মাজতে আঘাটপ্ৰাপ্ত হৈছিল তেওঁ।

এতিয়া ফুটবল কেৰিয়াৰৰ তৃতীয়খন বিশ্বকাপতো এইদৰে আঘাটৰ পুনৰাবৃত্তি হোৱাত হতাশ হৈ পৰিছে নেইমাৰৰ অনুৰাগীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক