--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পৰৱৰ্তী মেচকেইখন খেলিব পাৰিবনে নেইমাৰে? সম্প্ৰতি এই লৈ তুমূল জল্পনা কল্পনাৰ সৃষ্টি হৈছে।

শুক্ৰবাৰে ৰাতি গ্ৰুপৰ অন্তিম মেচত কেমেৰুণৰ বিৰুদ্ধে নামিব ব্ৰাজিল। ব্ৰাজিলৰ সংবাদমাধ্যমৰ মতে, কেমেৰুণৰ স’তে খেলপথাৰত নানামে নেইমাৰে। কেৱল কেমেৰুণেই নহয়, বিশ্বকাপৰ কোনো মেচতে খেলিব পৰাকৈ সুস্থ নহয় নেইমাৰ।

উল্লেখ্য যে চাৰ্বিয়াৰ বিৰুদ্ধে প্ৰথমখন মেচত ভৰিত আঘাট লাভ কৰিছিল নেইমাৰে। তাৰপাছতে জনোৱা হৈছিল, গ্ৰুপ মেচকেই্খন খেলিব নোৱাৰিব তাৰকাগৰাকীয়ে। কিন্তু নকআউটত খেলপথাৰত দেখা যাব পাৰে।

কিন্তু এতিয়া মেচখনলৈ মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত জানিব পৰা গৈছে যে নেইমাৰে নকআউট পৰ্যায়তো খেলিব নোৱাৰিব। নেইমাৰৰ আঘাট ভবাতকৈ অধিক বেছি। এতিয়াও তেওঁৰ গোৰোহা ফুলি আছে।

এই সম্পৰ্কে ব্ৰাজিলৰ সহকাৰী প্ৰশিক্ষক ক্লেবাৰ জেভিয়াৰে কৈছে যে নেইমাৰে ধীৰে ধীৰে সুস্থ হৈ উঠিছে। কিন্তু নেইমাৰক লৈ নহয়, বৰঞ্চ দলে বৰ্তমান কেমেৰুণৰ স’তে খেলিব লগা মেচখনক লৈ ব্যস্ত হৈ আছে বুলি তেওঁ জনায়।

উল্লেখ্য যে আঘাট আৰু নেইমাৰৰ সম্পৰ্ক অতি পুৰণি। ২০১৪ চনতো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত কঁকালত আঘাট লাভ কৰি চেমি ফাইনেল খেলিব পৰা নাছিল তেওঁ। ২০১৮ চনতো বিশ্বকাপৰ মাজতে আঘাটপ্ৰাপ্ত হৈছিল তেওঁ।

এতিয়া ফুটবল কেৰিয়াৰৰ তৃতীয়খন বিশ্বকাপতো এইদৰে আঘাটৰ পুনৰাবৃত্তি হোৱাত হতাশ হৈ পৰিছে নেইমাৰৰ অনুৰাগীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব