--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘এয়া তুমি কি কৰিছিলা সমীৰ ডাউড ৱাংখেৰে ?’ এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক আৰু এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ মাজৰ যুঁজখন অন্ত পৰাৰ নামেই নোলোৱা হৈছে। ইটোৰ পাছত সিটো তথ্য প্ৰমাণেৰে ৱাংখেৰেক ব্যতিব্যস্ত কৰাত লাগিছে নৱাব মালিক। ধন দাবীৰ অভিযোগৰ পৰা ধৰ্মান্তৰকৰণলৈ বিভিন্ন বিষয় লৈ সমীৰ ৱাংখেৰেক তীব্ৰ আক্ৰমণ কৰি গৈছে নৱাব মালিকে। তেওঁ মালিকৰ সকলো অভিযোগ এৰাই চলাৰ চেষ্টা কৰিছে যদিও চাপৰিলেই মেঘ নাতৰা অৱস্থাত পৰিছে সমীৰ ৱাংখেৰে। ইতিমধ্যেই বিভাগীয় তদন্তৰ সন্মুখীন হৈ শলঠেকত পৰা এনচিবিৰ জ’নেল ডাইৰেক্টৰজনক এইবাৰ এখন আলোকচিত্ৰ প্ৰকাশেৰে আক্ৰমণ কৰিছে নৱাব মালিকে। আলোকচিত্ৰখন সমীৰ ৱাংখেৰেৰ নিকাহৰ বুলি দাবী কৰিছে নৱাব মালিকে।


দেওবাৰে নিশাৰ ভাগত পোষ্ট কৰা এই আলোকচিত্ৰখনৰ কেপচনত মালিকে লিখিছে, ‘কবুল হ্যে, কবুল হ্যে, কবুল হ্যে… এয়া তুমি কি কৰিলা সমীৰ ডাউড ৱাংখেৰে?’ মালিকে দাবী কৰি আহিছে যে, সমীৰ ৱাংখেৰে মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু সেইসূত্ৰে তেওঁ ইছলামধৰ্মী আছিল যদিও অসামৰিক সেৱাৰ পৰীক্ষাত সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ তেওঁ জালিয়াতিৰে জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিছিল। অনুসূচিত জাতিৰ (এছচি)প্ৰমাণপত্ৰ জালিয়াতি কৰি তেওঁ দাখিল কৰিছিল বুলি অভিযোগ কৰিছে মালিকে। অৱশ্যে সমীৰ ৱাংখেৰেৰ পৰিয়ালে এই অভিযোগ নস্যাত কৰিছে। কেৱল এয়াই নহয়, শনিবাৰেও মালিক আৰু তেওঁৰ কন্যা নীলোফাৰে সমীৰ ৱাংখেৰেৰ প্ৰথম বিবাহৰ প্ৰমাণপত্ৰ আৰু অভ্যৰ্থনাৰ নিমন্ত্ৰণী পত্ৰ টুইটাৰত শ্বেয়াৰ কৰিছিল। এই নথিত সমীৰ ৱাংখেৰেৰ পিতৃ-মাতৃৰ নাম ডাউড আৰু জাহিদা ৱাংখেৰে বুলি উল্লেখ আছে আৰু তেওঁৰ প্ৰথম পত্নীৰ নাম শ্বাবানা কুৰেশ্বী বুলি উল্লেখ আছে। নৱাব মালিকে সমীৰ ৱাংখেৰৰ পিতৃৰ নাম ডাউড বুলি দাবী কৰি আহিছে যদিও ৱাংখেৰে পৰিয়ালৰ মতে তেওঁৰ নাম দীনয়ানদেৱ ৱাংখেৰে।


শ্বাহৰুখ তনয় আৰিয়ানক ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰৰ পাছতে সমীৰৱাংখেৰেৰ বিৰুদ্ধে উঠি-পৰি লাগিছে নৱাব মালিক। মহাৰাষ্ট্ৰ চৰকাৰৰ পৰোক্ষ সমৰ্থনতে এনে বিস্ফোৰক অভিযোগ মালিকে কৰি অহা বুলি ধাৰণা কৰা হৈছে। ধন দাবী, আৰিয়ানক অপহৰণৰ পৰা তেওঁৰ বংশ পৰিচয়লৈ সকলো সাঙুৰি ব্যতিব্যস্ত কৰি তুলিছে মালিকে। উল্লেখ্য যে, ৱাংখেৰেই বলীউড তাৰকাসকলক তেওঁৰ সহজ লক্ষ্য কৰি লৈ মহাৰাষ্ট্ৰৰ বদনামী কৰি তোলাৰ চেষ্টা কৰিছে বুলি অভিযোগ তুলিছে শিৱসেনাৰো বিভিন্ন নেতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক