--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘এয়া তুমি কি কৰিছিলা সমীৰ ডাউড ৱাংখেৰে ?’ এনচিপি নেতা তথা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক আৰু এনচিবিৰ শীৰ্ষ বিষয়া সমীৰ ৱাংখেৰেৰ মাজৰ যুঁজখন অন্ত পৰাৰ নামেই নোলোৱা হৈছে। ইটোৰ পাছত সিটো তথ্য প্ৰমাণেৰে ৱাংখেৰেক ব্যতিব্যস্ত কৰাত লাগিছে নৱাব মালিক। ধন দাবীৰ অভিযোগৰ পৰা ধৰ্মান্তৰকৰণলৈ বিভিন্ন বিষয় লৈ সমীৰ ৱাংখেৰেক তীব্ৰ আক্ৰমণ কৰি গৈছে নৱাব মালিকে। তেওঁ মালিকৰ সকলো অভিযোগ এৰাই চলাৰ চেষ্টা কৰিছে যদিও চাপৰিলেই মেঘ নাতৰা অৱস্থাত পৰিছে সমীৰ ৱাংখেৰে। ইতিমধ্যেই বিভাগীয় তদন্তৰ সন্মুখীন হৈ শলঠেকত পৰা এনচিবিৰ জ’নেল ডাইৰেক্টৰজনক এইবাৰ এখন আলোকচিত্ৰ প্ৰকাশেৰে আক্ৰমণ কৰিছে নৱাব মালিকে। আলোকচিত্ৰখন সমীৰ ৱাংখেৰেৰ নিকাহৰ বুলি দাবী কৰিছে নৱাব মালিকে।


দেওবাৰে নিশাৰ ভাগত পোষ্ট কৰা এই আলোকচিত্ৰখনৰ কেপচনত মালিকে লিখিছে, ‘কবুল হ্যে, কবুল হ্যে, কবুল হ্যে… এয়া তুমি কি কৰিলা সমীৰ ডাউড ৱাংখেৰে?’ মালিকে দাবী কৰি আহিছে যে, সমীৰ ৱাংখেৰে মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু সেইসূত্ৰে তেওঁ ইছলামধৰ্মী আছিল যদিও অসামৰিক সেৱাৰ পৰীক্ষাত সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ তেওঁ জালিয়াতিৰে জাতিগত প্ৰমাণপত্ৰ দাখিল কৰিছিল। অনুসূচিত জাতিৰ (এছচি)প্ৰমাণপত্ৰ জালিয়াতি কৰি তেওঁ দাখিল কৰিছিল বুলি অভিযোগ কৰিছে মালিকে। অৱশ্যে সমীৰ ৱাংখেৰেৰ পৰিয়ালে এই অভিযোগ নস্যাত কৰিছে। কেৱল এয়াই নহয়, শনিবাৰেও মালিক আৰু তেওঁৰ কন্যা নীলোফাৰে সমীৰ ৱাংখেৰেৰ প্ৰথম বিবাহৰ প্ৰমাণপত্ৰ আৰু অভ্যৰ্থনাৰ নিমন্ত্ৰণী পত্ৰ টুইটাৰত শ্বেয়াৰ কৰিছিল। এই নথিত সমীৰ ৱাংখেৰেৰ পিতৃ-মাতৃৰ নাম ডাউড আৰু জাহিদা ৱাংখেৰে বুলি উল্লেখ আছে আৰু তেওঁৰ প্ৰথম পত্নীৰ নাম শ্বাবানা কুৰেশ্বী বুলি উল্লেখ আছে। নৱাব মালিকে সমীৰ ৱাংখেৰৰ পিতৃৰ নাম ডাউড বুলি দাবী কৰি আহিছে যদিও ৱাংখেৰে পৰিয়ালৰ মতে তেওঁৰ নাম দীনয়ানদেৱ ৱাংখেৰে।


শ্বাহৰুখ তনয় আৰিয়ানক ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰৰ পাছতে সমীৰৱাংখেৰেৰ বিৰুদ্ধে উঠি-পৰি লাগিছে নৱাব মালিক। মহাৰাষ্ট্ৰ চৰকাৰৰ পৰোক্ষ সমৰ্থনতে এনে বিস্ফোৰক অভিযোগ মালিকে কৰি অহা বুলি ধাৰণা কৰা হৈছে। ধন দাবী, আৰিয়ানক অপহৰণৰ পৰা তেওঁৰ বংশ পৰিচয়লৈ সকলো সাঙুৰি ব্যতিব্যস্ত কৰি তুলিছে মালিকে। উল্লেখ্য যে, ৱাংখেৰেই বলীউড তাৰকাসকলক তেওঁৰ সহজ লক্ষ্য কৰি লৈ মহাৰাষ্ট্ৰৰ বদনামী কৰি তোলাৰ চেষ্টা কৰিছে বুলি অভিযোগ তুলিছে শিৱসেনাৰো বিভিন্ন নেতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?