--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্থিতিহীন হাগ্ৰামা মহিলাৰী! যেন ডলাৰ বগৰীৰ চৰিত্ৰ ধাৰণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ সৌসিদিনালৈকে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰী দলে বিপিএফে বিটিচি নিৰ্বাচনত বৰ বেয়াকৈ মুখথেকেচা খালে৷ বিটিএডিত ২০২০ত দীৰ্ঘদিনৰেপৰা শাসনৰ বাঘজৰী থকা বিপিএফৰ ছন্দপটন ঘটে৷ ১৭ বছৰ ধৰি শাসনত থকা বিপিএফক বিটিএডিত উৎখাত কৰে বিজেপি মিত্ৰজোঁট ইউপিপিএলে৷ তেতিয়াৰপৰা বিপিএফে বিটিএডিত বিৰোধী ভূমিকা পালন কৰি আহিছে৷ কিন্তু এতিয়াৰ পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে কোনো পধ্যেই বিৰোধীৰ আসনত বহিবলৈ প্ৰস্তুত নহয়, যাৰ বাবে হাগ্ৰামা এতিয়া বিজেপি দলৰ অংশীদাৰ হ’বলৈ মন মেলিছে৷ ইতিমধ্যে বিপিএফে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হ’বলৈ তেওঁলোকৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তেওঁলোকৰ এই প্ৰস্তাৱক বিজেপিয়েও ইতিবাচক সঁহাৰি জনাইছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভৱেশ কলিতাই সংবাদ মাধ্যমক উদ্যেশ্যি কয় যে, আমি কোনো আলহীক বিমোখ কৰিব নোৱাৰো আৰু বিপিএফৰ প্ৰস্তাৱক আমি পূৰ্বৰে পৰা ইতিবাচক সঁহাৰি জনাই আহিছো, কিন্তু বিপিএফৰ সৈতে মিত্ৰতা প্ৰসংগটো বিজেপিৰ মিত্ৰদল ইউপিপিএলে ঘোৰ বিৰোধিতা কৰিছে, আৰু তেওঁলোকৰ আপত্তিক উলাই কৰোটো বিজেপিৰ বাবে সহজ নহয়৷ যাৰ বাবে এতিয়া দুয়োটা দলৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কেইবালানি আলোচনাত মিলিত হৈছে৷ ইয়াৰ বিপৰীতে বিপিএফেও নিজৰ তৎপৰতা অব্যহত ৰাখিছে৷ চলে-বলে-কৌশলে বিপিএফে যেন শাসনাধীষ্ঠ বিজেপি দলৰ অংশীদাৰ হ’ব বিচাৰিছে৷ বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে কয় যে, ৰাজ্যৰ ৰাজনীতিত বিপিএফ দল বিজেপি দলৰ অংশীদাৰ হৈ থাকিব বিছাৰে৷ সেইবাবে বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰতেই হওক বিপিএফে বিজেপিক সদায় সমৰ্থন জনাই আহিছে৷ উল্লেখ্য যে বিটিএডিত ২০২০ বৰ্ষলৈ এক সবল জাতীয়তাবাদে গা কৰি আছিল, কিন্তু বিজেপি শাসনলৈ অহা পাছত বিটিএডিৰ জাতীয়তাবাদ ভাৰতীয় জাতীয়তাবাদলৈ পৰিণত হ’ল৷ ইতিমধ্যে বিজেপি-বিপিএফৰ মিত্ৰতা প্ৰসংগক লৈ এতিয়া তুংগত হৈ উঠিছে৷ তাকে লৈ এতিয়া বিপিএফৰ নেতাই মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি আলোচনাৰ বাট প্ৰশস্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু এতিয়া বিপিএফলৈ ‘ভাল খবৰ’ আহিব বুলি বিপিএফ নেতৃত্বই আশা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু