--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্থিতিহীন হাগ্ৰামা মহিলাৰী! যেন ডলাৰ বগৰীৰ চৰিত্ৰ ধাৰণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ সৌসিদিনালৈকে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰী দলে বিপিএফে বিটিচি নিৰ্বাচনত বৰ বেয়াকৈ মুখথেকেচা খালে৷ বিটিএডিত ২০২০ত দীৰ্ঘদিনৰেপৰা শাসনৰ বাঘজৰী থকা বিপিএফৰ ছন্দপটন ঘটে৷ ১৭ বছৰ ধৰি শাসনত থকা বিপিএফক বিটিএডিত উৎখাত কৰে বিজেপি মিত্ৰজোঁট ইউপিপিএলে৷ তেতিয়াৰপৰা বিপিএফে বিটিএডিত বিৰোধী ভূমিকা পালন কৰি আহিছে৷ কিন্তু এতিয়াৰ পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে কোনো পধ্যেই বিৰোধীৰ আসনত বহিবলৈ প্ৰস্তুত নহয়, যাৰ বাবে হাগ্ৰামা এতিয়া বিজেপি দলৰ অংশীদাৰ হ’বলৈ মন মেলিছে৷ ইতিমধ্যে বিপিএফে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হ’বলৈ তেওঁলোকৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তেওঁলোকৰ এই প্ৰস্তাৱক বিজেপিয়েও ইতিবাচক সঁহাৰি জনাইছে৷ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে ভৱেশ কলিতাই সংবাদ মাধ্যমক উদ্যেশ্যি কয় যে, আমি কোনো আলহীক বিমোখ কৰিব নোৱাৰো আৰু বিপিএফৰ প্ৰস্তাৱক আমি পূৰ্বৰে পৰা ইতিবাচক সঁহাৰি জনাই আহিছো, কিন্তু বিপিএফৰ সৈতে মিত্ৰতা প্ৰসংগটো বিজেপিৰ মিত্ৰদল ইউপিপিএলে ঘোৰ বিৰোধিতা কৰিছে, আৰু তেওঁলোকৰ আপত্তিক উলাই কৰোটো বিজেপিৰ বাবে সহজ নহয়৷ যাৰ বাবে এতিয়া দুয়োটা দলৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কেইবালানি আলোচনাত মিলিত হৈছে৷ ইয়াৰ বিপৰীতে বিপিএফেও নিজৰ তৎপৰতা অব্যহত ৰাখিছে৷ চলে-বলে-কৌশলে বিপিএফে যেন শাসনাধীষ্ঠ বিজেপি দলৰ অংশীদাৰ হ’ব বিচাৰিছে৷ বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে কয় যে, ৰাজ্যৰ ৰাজনীতিত বিপিএফ দল বিজেপি দলৰ অংশীদাৰ হৈ থাকিব বিছাৰে৷ সেইবাবে বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰতেই হওক বিপিএফে বিজেপিক সদায় সমৰ্থন জনাই আহিছে৷ উল্লেখ্য যে বিটিএডিত ২০২০ বৰ্ষলৈ এক সবল জাতীয়তাবাদে গা কৰি আছিল, কিন্তু বিজেপি শাসনলৈ অহা পাছত বিটিএডিৰ জাতীয়তাবাদ ভাৰতীয় জাতীয়তাবাদলৈ পৰিণত হ’ল৷ ইতিমধ্যে বিজেপি-বিপিএফৰ মিত্ৰতা প্ৰসংগক লৈ এতিয়া তুংগত হৈ উঠিছে৷ তাকে লৈ এতিয়া বিপিএফৰ নেতাই মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি আলোচনাৰ বাট প্ৰশস্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু এতিয়া বিপিএফলৈ ‘ভাল খবৰ’ আহিব বুলি বিপিএফ নেতৃত্বই আশা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ