--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  খাদ্যৰ ক্ষেত্ৰত উপযুক্ত মনোযোগৰ অভাৱ আৰু দুৰ্বল জীৱনশৈলীৰ বাবে আজিকালি মানুহৰ মাজত কলেষ্টেৰলৰ সমস্যা বাঢ়িছে। শিৰাত কলেষ্টেৰল জমা হোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন আৰু অক্সিজেন যোগানত প্ৰভাৱ পৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। আৰম্ভণিতে যদি এই সমস্যাৰ যত্ন লোৱা নহয়, তেন্তে মানুহৰ জীৱনো হেৰাই যাব পাৰে। আজি আমি আপোনালোকক এনে কিছুমান ঘৰুৱা উপায়ৰ কথা ক'ম, যিবোৰ ব্যৱহাৰ কৰি আপুনি এই ৰোগক আপোনাৰ শৰীৰৰ পৰা আঁতৰাই ৰাখিব পাৰিব।

ৰাতিপুৱা খালী পেটত এইবোৰ সেৱন কৰিব লাগে

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপুনি শৰীৰত কলেষ্টেৰলৰ ভাৰসাম্য ৰক্ষা কৰিব বিচাৰে তেন্তে ৰাতি এক চামুচ মেথি গুটি খাব লাগে। ৪টা আলমণ্ড, আধা বাটি ওটছ, এচামুচ ফ্লেক্স, এচামুচ সূৰ্য্যমুখী গুটি আৰু ১০টা কিচমিচ তিয়াই লওক। পুৱা সাৰ পোৱাৰ পাছত খালী পেটত এইবোৰ খাব লাগে। কোৱা হয় যে এইবোৰ সেৱনৰ ফলত শৰীৰৰ ধমনীত থকা ফ্ৰ’জেন ফেট লাহে লাহে গলিবলৈ আৰম্ভ কৰে আৰু তেজৰ যোগান সম্পূৰ্ণ স্বাভাৱিক হৈ পৰে।

কিচমিচ আৰু সূৰ্য্যমুখীৰ গুটিয়ে কলেষ্টেৰল গলাই দিয়ে

চিকিৎসকৰ মতে কিচমিচত ভিটামিন, প্ৰটিন, ফাইবাৰ, পটাছিয়াম, কাৰ্বহাইড্ৰেট আৰু কেলচিয়াম আদি উপাদান পোৱা যায়, যাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ কাৰণে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকে। একে সময়তে সূৰ্য্যমুখীৰ গুটিত প্ৰদাহ নিবাৰণকে ধৰি বহুতো প্ৰচণ্ড ঔষধি গুণ পোৱা যায়। ইয়াৰ বাবেই ই শৰীৰক ফিট কৰি ৰখাত সহায় কৰে।

মেথি, ফ্লেক্স আৰু আলমণ্ড আদিও উপকাৰী

এণ্টি অক্সিডেণ্ট আৰু ওমেগা-৩ ফেটি এচিড মেথি, ফ্লেক্স আৰু আলমণ্ডত ভাল পৰিমাণে পোৱা যায়। আনহাতে মেথিত ৰাইবোফ্লেভিন, ফলিক এচিড, ৰাইবোফ্লেভিন, ফলিক এচিড, কেলচিয়াম, তাম আৰু আইৰণ আদি অত্যাৱশ্যকীয় উপাদান থাকে। যাৰ বাবে শিৰাত কলেষ্টেৰল জমা নহয়। কলেষ্টেৰল আঁতৰোৱাতো আলমণ্ডক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন-ই, এন্টি-অক্সিডেন্ট আৰু ওমেগা-৩ ফেটি এচিড পোৱা যায়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু