--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হাৰিয়ানা সীমান্তত আন এজন আন্দোলনকাৰী কৃষকৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ খানাউৰী সীমান্তত অসুস্থ হৈ পৰে কৃষকজন। পাছত কৃষকজনৰ মৃত্যু হয়। আঠ লাখ টকাৰ ঋণৰ বোজা মূৰত লৈ আন্দোলনত কৃষকজনে যোগদান কৰিছিল।

মৃত কৃষকজনৰ নাম দৰ্শন সিং (৬২)। মৃত সিং পঞ্জাবৰ ভাটিন্দাৰ অমৰগড় গাঁৱৰ বাসিন্দা। ১৩ ফেব্ৰুৱাৰীৰ পৰা সীমান্তত বহি আছিল দৰ্শন সিং। সিঙে আন কৃষকৰ লগতে ‘দিল্লী চলো’ আন্দোলনত যোগদান কৰে। বৃহস্পতিবাৰে মাজনিশা কিছু সময়ৰ পূৰ্বে প্ৰতিবাদস্থলীত তেওঁ অসুস্থ হৈ পৰে। কৃষকজনী সংজ্ঞাও হেৰুৱাই পেলায়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পৰাই তেওঁক আন এখন চিকিৎসালয়লৈ বদলি কৰিবলৈ কোৱা হয়। সেইবাবে কৃষকজনক  পাটিয়ালাৰ ৰাজেন্দ্ৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।য’ত কৃষকজনৰ মৃত্যু হয়।

এই কৃষকজনৰ অমৰগড় গাঁৱৰ আঠ বিঘা মাটি আছিল। অৱশ্যে তেওঁৰ কমেও আঠ লাখ টকাৰ ঋণ আছিল। আন্দোলনকাৰী কৃষক সংগঠনসমূহে দৰ্শন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও ক্ষোভৰ সৃষ্টি হৈছে। কৃষকসকলে দাবী কৰে যে সীমান্তত আৰু বহু এনে কৃষকৰ মৃত্যু হ’ব পাৰে। মৃত্যুৰ পৰা হাত সাৰিবলৈ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱা উচিত।

শেহতীয়া কৃষক আন্দোলনত বুধবাৰে দেশত প্ৰথমটো মৃত্যু হয়। ২১ বছৰীয়া শুভকৰণ সিঙৰ খানাউৰী সীমান্তত মৃত্যু হয়। আৰক্ষীৰ সৈতে হোৱা কাজিয়াৰ সময়ত কৃষকজন মূৰত আঘাতপ্ৰাপ্ত হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

হাৰিয়ানাৰ পঞ্জাবৰ কেইবাটাও কৃষক সংগঠনে যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ‘দিল্লী চলো’আন্দোলনৰ আহ্বান জনাইছে। কৃষকসকলে দিল্লীত প্ৰৱেশৰ পূৰ্বে সীমান্তত আৰক্ষীৰ সৈতে প্ৰতিদিনে সংঘৰ্ষৰ সৃষ্টি হয়। আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিয়ে ইতিমধ্যে কেইবাবাৰো চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement