--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হাৰিয়ানা সীমান্তত আন এজন আন্দোলনকাৰী কৃষকৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ খানাউৰী সীমান্তত অসুস্থ হৈ পৰে কৃষকজন। পাছত কৃষকজনৰ মৃত্যু হয়। আঠ লাখ টকাৰ ঋণৰ বোজা মূৰত লৈ আন্দোলনত কৃষকজনে যোগদান কৰিছিল।

মৃত কৃষকজনৰ নাম দৰ্শন সিং (৬২)। মৃত সিং পঞ্জাবৰ ভাটিন্দাৰ অমৰগড় গাঁৱৰ বাসিন্দা। ১৩ ফেব্ৰুৱাৰীৰ পৰা সীমান্তত বহি আছিল দৰ্শন সিং। সিঙে আন কৃষকৰ লগতে ‘দিল্লী চলো’ আন্দোলনত যোগদান কৰে। বৃহস্পতিবাৰে মাজনিশা কিছু সময়ৰ পূৰ্বে প্ৰতিবাদস্থলীত তেওঁ অসুস্থ হৈ পৰে। কৃষকজনী সংজ্ঞাও হেৰুৱাই পেলায়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পৰাই তেওঁক আন এখন চিকিৎসালয়লৈ বদলি কৰিবলৈ কোৱা হয়। সেইবাবে কৃষকজনক  পাটিয়ালাৰ ৰাজেন্দ্ৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।য’ত কৃষকজনৰ মৃত্যু হয়।

এই কৃষকজনৰ অমৰগড় গাঁৱৰ আঠ বিঘা মাটি আছিল। অৱশ্যে তেওঁৰ কমেও আঠ লাখ টকাৰ ঋণ আছিল। আন্দোলনকাৰী কৃষক সংগঠনসমূহে দৰ্শন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। একে সময়তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও ক্ষোভৰ সৃষ্টি হৈছে। কৃষকসকলে দাবী কৰে যে সীমান্তত আৰু বহু এনে কৃষকৰ মৃত্যু হ’ব পাৰে। মৃত্যুৰ পৰা হাত সাৰিবলৈ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱা উচিত।

শেহতীয়া কৃষক আন্দোলনত বুধবাৰে দেশত প্ৰথমটো মৃত্যু হয়। ২১ বছৰীয়া শুভকৰণ সিঙৰ খানাউৰী সীমান্তত মৃত্যু হয়। আৰক্ষীৰ সৈতে হোৱা কাজিয়াৰ সময়ত কৃষকজন মূৰত আঘাতপ্ৰাপ্ত হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

হাৰিয়ানাৰ পঞ্জাবৰ কেইবাটাও কৃষক সংগঠনে যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ‘দিল্লী চলো’আন্দোলনৰ আহ্বান জনাইছে। কৃষকসকলে দিল্লীত প্ৰৱেশৰ পূৰ্বে সীমান্তত আৰক্ষীৰ সৈতে প্ৰতিদিনে সংঘৰ্ষৰ সৃষ্টি হয়। আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিয়ে ইতিমধ্যে কেইবাবাৰো চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু