--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰত নহৰুৰ দাম আকাশলংঘী। কেইবা সপ্তাহ ধৰি মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশত নহৰুৰ মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও কৃষকসকল ইয়াক লৈ সুখী। কিন্তু কৃষকসকলৰ আনন্দৰ লগতে উদ্বিগ্নতাও আছে।ইপিনে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে পথাৰত নহৰু চুৰি হোৱাৰ অভিযোগ কৰিছে কৃষকে। চুৰি ৰোধৰ বাবে বন্দুক লৈ ২৪ ঘণ্টা ধৰি নহৰুৰ পহৰা দি খেতিয়কসকলে পথাৰত বহি আছে। মধ্য প্ৰদেশৰ মংগোলা গাঁৱত বৰ্তমান এই পৰিস্থিতি সৃষ্টি হৈছে।

কেৱল বন্দুকৰ ওপৰত নিৰ্ভৰ কৰাই নহয়, কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ পথাৰত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। খেতিপথাৰৰ খেতি বচাবলৈ কুকুৰকো এৰি দিয়া হৈছে। 
শেহতীয়াকৈ মধ্য প্ৰদেশৰ উজ্জয়ন অঞ্চলৰ কলালিয়া গাঁৱৰ বাসিন্দা সঞ্জয় শ্বাহৰ ফাৰ্মৰ পৰা কেইটা বস্তা নহৰু চুৰি হৈছিল। এই ঘটনাৰ পাছত জীৱন সিং আৰু ভৰত সিং নামৰ দুজন কৃষকে নিৰাপত্তাৰ বাবে খেতি পথাৰ ঢাকি ৰাখিছে। পথাৰত পৃথকে পৃথকে স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা। পথাৰখন পহৰা দিবলৈ এজন চকীদাৰো নিযুক্তি দিয়া হৈছে। এজন চকীদাৰৰ লগত পহৰা দিয়াৰ বাবে কুকুৰ এটাও থাকে। 

জীৱনে কয় যে যোৱা বছৰ বিক্ৰী হোৱা নহৰুৰ মূল্য চলিত বৰ্ষত চাৰিগুণ বৃদ্ধি পাইছে। বতৰৰ পৰিস্থিতি আৰু নহৰুৰ দাম বৃদ্ধিৰ বাবে এই বছৰ নহৰু উৎপাদনৰ অভাৱ দেখা গৈছে। সেইবাবেই নহৰুৰ দাম বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ