--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বজাৰত নহৰুৰ দাম আকাশলংঘী। কেইবা সপ্তাহ ধৰি মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্যপ্ৰদেশত নহৰুৰ মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও কৃষকসকল ইয়াক লৈ সুখী। কিন্তু কৃষকসকলৰ আনন্দৰ লগতে উদ্বিগ্নতাও আছে।ইপিনে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে পথাৰত নহৰু চুৰি হোৱাৰ অভিযোগ কৰিছে কৃষকে। চুৰি ৰোধৰ বাবে বন্দুক লৈ ২৪ ঘণ্টা ধৰি নহৰুৰ পহৰা দি খেতিয়কসকলে পথাৰত বহি আছে। মধ্য প্ৰদেশৰ মংগোলা গাঁৱত বৰ্তমান এই পৰিস্থিতি সৃষ্টি হৈছে।

কেৱল বন্দুকৰ ওপৰত নিৰ্ভৰ কৰাই নহয়, কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ পথাৰত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। খেতিপথাৰৰ খেতি বচাবলৈ কুকুৰকো এৰি দিয়া হৈছে। 
শেহতীয়াকৈ মধ্য প্ৰদেশৰ উজ্জয়ন অঞ্চলৰ কলালিয়া গাঁৱৰ বাসিন্দা সঞ্জয় শ্বাহৰ ফাৰ্মৰ পৰা কেইটা বস্তা নহৰু চুৰি হৈছিল। এই ঘটনাৰ পাছত জীৱন সিং আৰু ভৰত সিং নামৰ দুজন কৃষকে নিৰাপত্তাৰ বাবে খেতি পথাৰ ঢাকি ৰাখিছে। পথাৰত পৃথকে পৃথকে স্থাপন কৰা হৈছে চিচিটিভি কেমেৰা। পথাৰখন পহৰা দিবলৈ এজন চকীদাৰো নিযুক্তি দিয়া হৈছে। এজন চকীদাৰৰ লগত পহৰা দিয়াৰ বাবে কুকুৰ এটাও থাকে। 

জীৱনে কয় যে যোৱা বছৰ বিক্ৰী হোৱা নহৰুৰ মূল্য চলিত বৰ্ষত চাৰিগুণ বৃদ্ধি পাইছে। বতৰৰ পৰিস্থিতি আৰু নহৰুৰ দাম বৃদ্ধিৰ বাবে এই বছৰ নহৰু উৎপাদনৰ অভাৱ দেখা গৈছে। সেইবাবেই নহৰুৰ দাম বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু