--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৰিয়ানাত সংকটত পৰিছে বিজেপি৷ তিনিজনকৈ নিৰ্দলীয় বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে বিজেপি চৰকাৰ খন ভাঙি যোৱাটো নিশ্চিত হৈছে৷ মঙলবাৰে তিনিজন নিৰ্দলীয় বিধায়কে নৱাব সিং চাইনী নেতৃত্বাধীন চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল আৰু কংগ্ৰেছৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছিল। ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কৈছে যে কালিৰ ঘটনাই চৰকাৰৰ ওপৰত  প্ৰভাৱ পেলাব নোৱাৰে। তেওঁ এইবুলিও  দাবী কৰে যে কেইবাজনো বিৰোধী বিধায়ক বিজেপি চৰকাৰৰ সৈতে যোগাযোগত আছে।

 নিৰ্দলীয় বিধায়ক সোমবীৰ চাংৱান, ৰণধীৰ গোলেন আৰু ধৰমপাল গোণ্ডেয়ে মঙলবাৰে শিবিৰ সলনি কৰে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা আৰু প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী উদয় ভানৰ উপস্থিতিত তিনিওজন বিধায়কে এখন সংবাদমেলত কংগ্ৰেছক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত কংগ্ৰেছে হাৰিয়ানাত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে। খট্টৰে অৱশ্যে কয়, " বিৰোধীৰ  কেইবাজনো বিধায়কে আমাৰ সৈতে যোগাযোগ কৰি আছে। বহু নেতা আমাৰ সমৰ্থনত ওলাই আহিছে। কেইদিনমানৰ পিছত এয়া  প্ৰকাশ কৰা হ'ব যে কিমান জন নেতা আমাৰ সৈতে সম্পৰ্কত আছে।’’ জ্যেষ্ঠ বিজেপি নেতাজনে লগতে দাবী কৰে  যে গেৰুৱা দলটোৱে আগন্তুক নিৰ্বাচনত হাৰিয়ানাৰ ১০ খন আসনৰ সকলোবোৰতে জিকিব। কংগ্ৰেছে অৱশ্যে দাবী কৰিছে যে বিজেপিয়ে বিধানসভাত ইয়াৰ "সংখ্যগৰিষ্ঠতা" হেৰুৱাইছে। সেয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন তৎক্ষণাৎ জাৰি কৰিব লাগে।

 বিজেপিয়ে ইতিমধ্যে জেজেপিৰ সমৰ্থন হেৰুৱাইছে। এইবাৰ, নিৰ্দলীয় তিনি ধিধায়কেও  সমৰ্থন প্ৰত্যাহাৰ কৰিছে। ফলস্বৰূপে, ৯০ খন আসন থকা হাৰিয়ানা বিধানসভাত বিজেপিৰ শিবিৰ কঁপি উঠিছে। ৰাজ্য খনত বিজেপিৰ  ৪০ জন বিধায়ক আছে। কংগ্ৰেছ নেতাসকলে মুখ্যমন্ত্ৰী নৱাব সিং চাইনীৰ পদত্যাগ দাবী কৰিছে। হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন এই বছৰৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। তাৰ আগতে চৰকাৰ ভংগ হোৱাৰ আশংকাই দেখা দিছে৷  হাৰিয়ানাত চৰকাৰ গঠন কৰিবলৈ এটা ৰাজনৈতিক দলক ৪৬ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। এতিয়া, বিধানসভাত বৰ্তমানৰ দলৰ স্থিতিয়ে দেখুৱাইছে যে বিজেপিৰ ৪০ জন বিধায়ক আছে। হাৰিয়ানাত বিজেপিৰ হাৰিয়ানা লোকহিত পাৰ্টিৰ (এইচএলপি) বিধায়কৰ  লগতে  কমেও তিনিজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে।এতিয়া  মুঠতে, শাসকীয় বিজেপিৰ ৪৪  জন বিধায়কৰ সমৰ্থন আছে –চৰকাৰ গঠন কৰিব পৰাকৈ প্ৰয়োজনীয় সীমাতকৈ এতিয়া বিজেপিৰ দুখন আসন কম হৈ আছে।  এজন কম বিধায়ক থাকিলেও, বিজেপিয়ে ৰাজ্যখনত চৰকাৰ ৰক্ষা  কৰিব নোৱাৰিব। হাৰিয়ানা বিধানসভাত কংগ্ৰেছৰ ৩০ জন বিধায়ক আছে। তিনিজন বিধায়কৰ সমৰ্থনত, ইয়াৰ সংখ্যা ৩৩  হৈ আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু