--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় পৰীক্ষাত ফেইল কৰা কাৰণে আত্মহত্যা কৰা বহু ঘটনা শুনিছে, কিন্তু ৯৫.৩ শতাংশ নম্বৰ লাভ কৰিও কোনোবাই আত্মহত্যা কৰিব পাৰে বুলি আপুনি ভাবিব পাৰেনে? 

উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ এক ঘটনা পোহৰলৈ আহিছে। য’ত ৬০০ৰ ভিতৰত ৫৭২ নম্বৰ লাভ কৰিও আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে।

তথ্য অনুসৰি মাত্ৰ তিনি নম্বৰ কম হোৱাৰ বাবে জিলা টপাৰ হ’ব পৰা নাছিল ছাত্ৰীগৰাকী। এই সপোন পূৰণ নোহোৱাৰ পাছত ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰে। সোমবাৰে নিশা হাইস্কুলীয়া ছাত্ৰী গৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাক লৈ পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। অৱশ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা নাই।


থানা এলেকাৰ পাণ্ডেপুৰ গাঁৱৰ নিবাসী যোগেন্দ্ৰ সিঙৰ কন্যা ১৬ বছৰীয়া সাক্ষী দেৱী দশম শ্ৰেণীৰ ছাত্ৰী আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, সাক্ষীয়ে ফিৰোজপুৰৰ কৃষ্ণ ইণ্টাৰ কলেজত পঢ়ি আছিল। চলিত বৰ্ষৰ ২০ এপ্ৰিলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়া হৈছিল। য’ত তেওঁ ৬০০ৰ ভিতৰত ৫৭২ নম্বৰ লাভ কৰি ৯৫.৩ শতাংশ নম্বৰ লাভ কৰিছে।

তিনি নম্বৰ কম হোৱা বাবে স্কুলখনৰ টপাৰ হ’ব নোৱাৰিলে সাক্ষী দেৱী। তিনি নম্বৰ বেছিকৈ পাই অন্য এগৰাকী ছাত্ৰী টপাৰ হ’ল। সাক্ষী পঢ়া-শুনাত মেধাৱী আছিল। ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ বাবে স্কুলত দুয়োকে সন্মানিত কৰা হৈছিল। স্কুলৰ টপাৰ হ’ব নোৱাৰাৰ বাবে হতাশগ্ৰস্ত হৈ পৰিছিল  ছাত্ৰীগৰাকী। সোমবাৰে নিশা ঘৰৰে নিম গছত চিপ লৈ আত্মহত্যা কৰে সাক্ষী দেৱীয়ে।

ৰাতিপুৱা মাতৃ সাৰ পাই জীয়েকক ওলমি থকা দেখি পৰিয়ালৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যপাল সিঙে এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা কোনো তথ্য লাভ কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু