--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় পৰীক্ষাত ফেইল কৰা কাৰণে আত্মহত্যা কৰা বহু ঘটনা শুনিছে, কিন্তু ৯৫.৩ শতাংশ নম্বৰ লাভ কৰিও কোনোবাই আত্মহত্যা কৰিব পাৰে বুলি আপুনি ভাবিব পাৰেনে? 

উত্তৰ প্ৰদেশৰ ফতেহপুৰৰ এক ঘটনা পোহৰলৈ আহিছে। য’ত ৬০০ৰ ভিতৰত ৫৭২ নম্বৰ লাভ কৰিও আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে।

তথ্য অনুসৰি মাত্ৰ তিনি নম্বৰ কম হোৱাৰ বাবে জিলা টপাৰ হ’ব পৰা নাছিল ছাত্ৰীগৰাকী। এই সপোন পূৰণ নোহোৱাৰ পাছত ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰে। সোমবাৰে নিশা হাইস্কুলীয়া ছাত্ৰী গৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাক লৈ পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। অৱশ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা নাই।


থানা এলেকাৰ পাণ্ডেপুৰ গাঁৱৰ নিবাসী যোগেন্দ্ৰ সিঙৰ কন্যা ১৬ বছৰীয়া সাক্ষী দেৱী দশম শ্ৰেণীৰ ছাত্ৰী আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, সাক্ষীয়ে ফিৰোজপুৰৰ কৃষ্ণ ইণ্টাৰ কলেজত পঢ়ি আছিল। চলিত বৰ্ষৰ ২০ এপ্ৰিলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়া হৈছিল। য’ত তেওঁ ৬০০ৰ ভিতৰত ৫৭২ নম্বৰ লাভ কৰি ৯৫.৩ শতাংশ নম্বৰ লাভ কৰিছে।

তিনি নম্বৰ কম হোৱা বাবে স্কুলখনৰ টপাৰ হ’ব নোৱাৰিলে সাক্ষী দেৱী। তিনি নম্বৰ বেছিকৈ পাই অন্য এগৰাকী ছাত্ৰী টপাৰ হ’ল। সাক্ষী পঢ়া-শুনাত মেধাৱী আছিল। ভাল নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ বাবে স্কুলত দুয়োকে সন্মানিত কৰা হৈছিল। স্কুলৰ টপাৰ হ’ব নোৱাৰাৰ বাবে হতাশগ্ৰস্ত হৈ পৰিছিল  ছাত্ৰীগৰাকী। সোমবাৰে নিশা ঘৰৰে নিম গছত চিপ লৈ আত্মহত্যা কৰে সাক্ষী দেৱীয়ে।

ৰাতিপুৱা মাতৃ সাৰ পাই জীয়েকক ওলমি থকা দেখি পৰিয়ালৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যপাল সিঙে এই সন্দৰ্ভত পৰিয়ালৰ লোকৰ পৰা কোনো তথ্য লাভ কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ