--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতৰ বাবে এটা ভাল খবৰ লৈ আহিছে মোদীৰ চৰকাৰে৷ এতিয়ালৈকে উত্তৰ ভাৰতত এটাওপাৰমাণৱিক প্ৰকল্প স্থাপন কৰা হোৱা নাছিল যদিও হাৰিয়ানাৰ গোৰখপুৰত স্থাপন কৰা হ'ব প্ৰথমটো পাৰমাণৱিক প্ৰকল্প। শেহতীয়াকৈ  কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে। মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে এই প্ৰকল্পটোৱে  ভাৰতৰ পাৰমাণৱিক ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে  মোদীৰ চৰকাৰে  আঠ বছৰত কেইবাটাও গুতুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল৷  সেইমৰ্মে হাৰিয়ানাত তেনে এটা প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে৷ 

উল্লেখ্য দেশৰ পাৰমাণৱিক প্ৰকল্পৰ  বেছিভাগ দক্ষিণ ভাৰতৰ ৰাজ্য যেনে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ বা মহাৰাষ্ট্ৰতে   সীমাবদ্ধ আছিল ৷ এতিয়া উত্তৰ ভাৰতেও তেনে এটা প্ৰকল্প লাভ কৰিব৷ সিঙে লগতে কয় যে মোদীৰ  চৰকাৰে ১০ টা পাৰমাণৱিক চুল্লি স্থাপনৰ বৃহৎ অনুমোদন দিছে৷

এক বিবৃতিত পাৰমাণৱিক শক্তি বিভাগে কয় যে হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ গোৰখপুৰ গাঁৱৰ ওচৰত প্ৰেচাৰাইজড হেভি ৱাটাৰ ৰিএক্টৰ (পিএইচডব্লিউআৰ)ৰ প্ৰতিটো থলুৱা ডিজাইনৰ ৭০০ এমডব্লিউই ক্ষমতাৰ দুটা ইউনিট হাৰিয়ানা অনু বিদ্যুৎ পৰিযোজনাৰ (জিএইচএভিপি) অধীনত  কাৰ্যকৰী হৈ আছে। 

এতিয়ালৈকে প্ৰকলপটোৰ নামত  মুঠ আৱণ্টিত ২০,৫৯৪ কোটি টকাৰ  ভিতৰত ৪,৯০৬ কোটি টকা ব্যয় কৰা হৈছে।

ফায়াৰ ৱাটাৰ পাম্প হাউচ (এফডব্লিউপিএইচ), সুৰক্ষা সম্পৰ্কীয় পাম্প হাউচ (এছআৰপিএইচ), ফুয়েল অইল ষ্টোৰেজ এলেকা-১ আৰু ২ (এফ.ও.এছ.এ.-১-২), ভেণ্টিলেচন ষ্টেক, অভাৰহেড টেংক (ও.এইচ.টি.), চুইচয়াৰ্ড নিয়ন্ত্ৰণ ভৱন, সুৰক্ষা সম্পৰ্কীয় সুৰংগ আৰু খাদ, ৰিটেইনিং ৱাল আৰু গাৰ্লেণ্ড ড্ৰেইন আদিৰ কাম চলি আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু