--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতৰ বাবে এটা ভাল খবৰ লৈ আহিছে মোদীৰ চৰকাৰে৷ এতিয়ালৈকে উত্তৰ ভাৰতত এটাওপাৰমাণৱিক প্ৰকল্প স্থাপন কৰা হোৱা নাছিল যদিও হাৰিয়ানাৰ গোৰখপুৰত স্থাপন কৰা হ'ব প্ৰথমটো পাৰমাণৱিক প্ৰকল্প। শেহতীয়াকৈ  কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে। মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে এই প্ৰকল্পটোৱে  ভাৰতৰ পাৰমাণৱিক ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে  মোদীৰ চৰকাৰে  আঠ বছৰত কেইবাটাও গুতুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল৷  সেইমৰ্মে হাৰিয়ানাত তেনে এটা প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে৷ 

উল্লেখ্য দেশৰ পাৰমাণৱিক প্ৰকল্পৰ  বেছিভাগ দক্ষিণ ভাৰতৰ ৰাজ্য যেনে তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ বা মহাৰাষ্ট্ৰতে   সীমাবদ্ধ আছিল ৷ এতিয়া উত্তৰ ভাৰতেও তেনে এটা প্ৰকল্প লাভ কৰিব৷ সিঙে লগতে কয় যে মোদীৰ  চৰকাৰে ১০ টা পাৰমাণৱিক চুল্লি স্থাপনৰ বৃহৎ অনুমোদন দিছে৷

এক বিবৃতিত পাৰমাণৱিক শক্তি বিভাগে কয় যে হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ গোৰখপুৰ গাঁৱৰ ওচৰত প্ৰেচাৰাইজড হেভি ৱাটাৰ ৰিএক্টৰ (পিএইচডব্লিউআৰ)ৰ প্ৰতিটো থলুৱা ডিজাইনৰ ৭০০ এমডব্লিউই ক্ষমতাৰ দুটা ইউনিট হাৰিয়ানা অনু বিদ্যুৎ পৰিযোজনাৰ (জিএইচএভিপি) অধীনত  কাৰ্যকৰী হৈ আছে। 

এতিয়ালৈকে প্ৰকলপটোৰ নামত  মুঠ আৱণ্টিত ২০,৫৯৪ কোটি টকাৰ  ভিতৰত ৪,৯০৬ কোটি টকা ব্যয় কৰা হৈছে।

ফায়াৰ ৱাটাৰ পাম্প হাউচ (এফডব্লিউপিএইচ), সুৰক্ষা সম্পৰ্কীয় পাম্প হাউচ (এছআৰপিএইচ), ফুয়েল অইল ষ্টোৰেজ এলেকা-১ আৰু ২ (এফ.ও.এছ.এ.-১-২), ভেণ্টিলেচন ষ্টেক, অভাৰহেড টেংক (ও.এইচ.টি.), চুইচয়াৰ্ড নিয়ন্ত্ৰণ ভৱন, সুৰক্ষা সম্পৰ্কীয় সুৰংগ আৰু খাদ, ৰিটেইনিং ৱাল আৰু গাৰ্লেণ্ড ড্ৰেইন আদিৰ কাম চলি আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক