--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো আছে এখন আফগানিস্তান! হয়, তেনে মন্তব্যই কৰিছে এগৰাকী ৰাজনীতিকে৷ ৱাইএছআৰটিপিৰ মুৰব্বী ৱাইএছ শৰ্মিলাই কয় যে তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান, কে চন্দ্ৰশেখৰ ৰাও তালিবান! অলপতে তেলেংগানা আৰক্ষীয়ে মহাবুবাবাদৰ বিধায়ক তথা বিআৰএছ নেতা শংকৰ নায়েকৰ বিৰুদ্ধে বিতৰ্কিত  মন্তব্য কৰাৰ বাবে ৱাইএছ শৰ্মিলাক আটক কৰিছিল। 

আৰক্ষীয়ে শৰ্মিলাৰ  বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ ৰ অধীনত শান্তি ভংগ কৰাৰ  উদ্দেশ্যৰে ইচ্ছাকৃতভাবে আনক  অপমান আৰু অনুসূচীত জাতিৰ এছটি পিঅ'এ আইনৰ ধাৰা ৩(১)আৰ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷ এই কথাতে অসন্তুষ্ট হৈ শৰ্মিলাই তেলেংগানাক আফগানিস্তানৰ সৈতে তুলনা কৰাৰ লগতে মুখ্যমন্ত্ৰী কেচিআৰক তালিবান বুলি কয়৷  শৰ্মিলাই কয়, "তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এজন স্বৈৰাচাৰী, অত্যাচাৰী লোক, তেলেংগানাত কোনো ভাৰতীয় সংবিধান নাই, কেৱল কেচিআৰৰ সংবিধানহে আছে। তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান আৰু কেচিআৰ ইয়াৰ তালিবান।"

উল্লেখ্য  শৰ্মিলাই মহাবুবাবাদৰ বিধায়কগৰাকীয়ে  প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে আক্ৰমণ কৰি কৈছিল, "আপুনি জনসাধাৰণক বহুতো প্ৰতিশ্ৰুতি দিছিল, যিবোৰ আপুনি পূৰণ কৰা নাই। যদি আপুনি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে, তাৰ অৰ্থ হৈছে আপুনি এজন নপুংসক " । ইয়াৰ পিছতে শৰ্মিলাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ 

ভাৰত ৰাষ্ট্ৰ সমিতিয়ে মহাবুবাবাদৰ বিধায়কৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে ৱাইএছ শৰ্মিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক