--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰততো আছে এখন আফগানিস্তান! হয়, তেনে মন্তব্যই কৰিছে এগৰাকী ৰাজনীতিকে৷ ৱাইএছআৰটিপিৰ মুৰব্বী ৱাইএছ শৰ্মিলাই কয় যে তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান, কে চন্দ্ৰশেখৰ ৰাও তালিবান! অলপতে তেলেংগানা আৰক্ষীয়ে মহাবুবাবাদৰ বিধায়ক তথা বিআৰএছ নেতা শংকৰ নায়েকৰ বিৰুদ্ধে বিতৰ্কিত  মন্তব্য কৰাৰ বাবে ৱাইএছ শৰ্মিলাক আটক কৰিছিল। 

আৰক্ষীয়ে শৰ্মিলাৰ  বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ ৰ অধীনত শান্তি ভংগ কৰাৰ  উদ্দেশ্যৰে ইচ্ছাকৃতভাবে আনক  অপমান আৰু অনুসূচীত জাতিৰ এছটি পিঅ'এ আইনৰ ধাৰা ৩(১)আৰ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে৷ এই কথাতে অসন্তুষ্ট হৈ শৰ্মিলাই তেলেংগানাক আফগানিস্তানৰ সৈতে তুলনা কৰাৰ লগতে মুখ্যমন্ত্ৰী কেচিআৰক তালিবান বুলি কয়৷  শৰ্মিলাই কয়, "তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এজন স্বৈৰাচাৰী, অত্যাচাৰী লোক, তেলেংগানাত কোনো ভাৰতীয় সংবিধান নাই, কেৱল কেচিআৰৰ সংবিধানহে আছে। তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান আৰু কেচিআৰ ইয়াৰ তালিবান।"

উল্লেখ্য  শৰ্মিলাই মহাবুবাবাদৰ বিধায়কগৰাকীয়ে  প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে আক্ৰমণ কৰি কৈছিল, "আপুনি জনসাধাৰণক বহুতো প্ৰতিশ্ৰুতি দিছিল, যিবোৰ আপুনি পূৰণ কৰা নাই। যদি আপুনি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে, তাৰ অৰ্থ হৈছে আপুনি এজন নপুংসক " । ইয়াৰ পিছতে শৰ্মিলাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ 

ভাৰত ৰাষ্ট্ৰ সমিতিয়ে মহাবুবাবাদৰ বিধায়কৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে ৱাইএছ শৰ্মিলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু