--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ড আৰু মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায়বোৰ ৰাজনৈতিক দলৰ নেতাই জনসভাত অংশগ্রহণ কৰি প্ৰচাৰ চলোৱাৰ লগতে বিভিন্ন ঠাইত ভোটদাতাৰ ঘৰে ঘৰে গৈও প্ৰচাৰ চলাইছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি, এন ডি পি পি, এন পি এফ দলৰ তাৰকা প্ৰচাৰকসকলে জনসভাসমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ বাবে জনসাধাৰণৰ সঁহাৰি বিচৰা পৰিলক্ষিত হৈছে।

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু নেতাৰ সোঁত বৈছে ৰাজ্যখনলৈ। ইয়াৰ মাজতে আজি অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব নাগালেণ্ডলৈ। এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। তেওঁ নাগালেণ্ডৰ উপৰিও মেঘালয়ৰ শ্বিলঙৰ এক নিৰ্বাচনী সভাও সম্বোধন কৰিব।

নাগালেণ্ডৰ এগৰাকী বিজেপি নেতাই কয় যে," অমিত শ্বাহে গুজৰাটৰ দৰেই নাগালেণ্ডৰ বিজেপি কৰ্মীসকলৰ মনোবল বঢ়াবলৈ আহিব। আমি নিশ্চিত যে নাগালেণ্ডৰ জনসাধাৰণৰ বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা আছে।
'নাগালেণ্ডক বিজেপিৰ প্ৰয়োজন' শীৰ্ষক এখনি চুটি ছবিও নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এখন চুটি ছবি বুধবাৰে মুকলি কৰে বিজেপিয়ে।

উল্লেখ্য যে ৬০ জনীয়া নাগালেণ্ড বিধানসভাত ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে ভোটগণনা ২ মাৰ্চত গ্ৰহণ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক