--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ড আৰু মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই বিধানসভা নিৰ্বাচনৰ বাবে প্ৰায়বোৰ ৰাজনৈতিক দলৰ নেতাই জনসভাত অংশগ্রহণ কৰি প্ৰচাৰ চলোৱাৰ লগতে বিভিন্ন ঠাইত ভোটদাতাৰ ঘৰে ঘৰে গৈও প্ৰচাৰ চলাইছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি, এন ডি পি পি, এন পি এফ দলৰ তাৰকা প্ৰচাৰকসকলে জনসভাসমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ বাবে জনসাধাৰণৰ সঁহাৰি বিচৰা পৰিলক্ষিত হৈছে।

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বহু নেতাৰ সোঁত বৈছে ৰাজ্যখনলৈ। ইয়াৰ মাজতে আজি অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব নাগালেণ্ডলৈ। এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ আহিব অমিত শ্বাহ। তেওঁ নাগালেণ্ডৰ উপৰিও মেঘালয়ৰ শ্বিলঙৰ এক নিৰ্বাচনী সভাও সম্বোধন কৰিব।

নাগালেণ্ডৰ এগৰাকী বিজেপি নেতাই কয় যে," অমিত শ্বাহে গুজৰাটৰ দৰেই নাগালেণ্ডৰ বিজেপি কৰ্মীসকলৰ মনোবল বঢ়াবলৈ আহিব। আমি নিশ্চিত যে নাগালেণ্ডৰ জনসাধাৰণৰ বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা আছে।
'নাগালেণ্ডক বিজেপিৰ প্ৰয়োজন' শীৰ্ষক এখনি চুটি ছবিও নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এখন চুটি ছবি বুধবাৰে মুকলি কৰে বিজেপিয়ে।

উল্লেখ্য যে ৬০ জনীয়া নাগালেণ্ড বিধানসভাত ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আনহাতে ভোটগণনা ২ মাৰ্চত গ্ৰহণ কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু