--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাৰতীয় কোম্পানীয়ে এটা আঙুঠিত অভিলেখ সংখ্যক হীৰা খচিত কৰি গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সেই আঙঠিটোত মুঠ ৫০,৯০৭টা হীৰা আছে।

গণি গণি পঞ্চাশ হাজাৰ ন শ সাতটা হীৰা সেই আঙঠিটোত খচিত কৰা হৈছে। এই সাফল্যৰ বাবে হৰি কৃষ্ণ এক্সপ’ৰ্টছ এণ্ড এইচ কে ডিজাইনে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে।

শেহতীয়াকৈ মুম্বাইস্থিত এই প্ৰতিষ্ঠানটোৰ ফুল আকৃতিৰ হীৰা আঙঠিটোৱে গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সূৰ্য্যমুখী ফুলৰ ওপৰত বহি আছে এটা পখিলা। ডাঙৰ ফুলটোৰ কেইবাটাও পাহি আছে। এই পাহিবোৰত খচিত কৰা হৈছে  হীৰাবোৰ।

এই আশ্চৰ্যকৰ আঙঠিটো কেনেকৈ তৈয়াৰ কৰা হৈছিল? কোম্পানীটোৰ মতে, আঙঠিটোত ব্যৱহাৰ কৰা সকলো হীৰা পুনঃব্যৱহাৰ কৰা হয়। অৰ্থাৎ আঙঠিটো ক্ৰেতাই ঘূৰাই দিয়া হীৰা আৰু সোণেৰে তৈয়াৰ কৰা হয়। প্ৰতিটো হীৰা স্থাপনৰ কাম কৰিছিল কোম্পানীটোৰ অভিজ্ঞ কৰ্মীসকলে।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি এই আঙঠিটোৰ মূল্য ৭৮৫,৬৪৫ ডলাৰ। ভাৰতীয় মুদ্ৰাত সেয়া হ’ল ৬,৪২,২২,৯৪৩ টকা। এই বিশেষ আঙঠিটোক ‘ইউটেৰিয়া’ নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে ‘প্ৰকৃতিৰ মাজতে আছে এনেকুৱা’।

আঙঠিটোৰ ডিজাইন কৰিবলৈ ৪ মাহ সময় লাগিছিল। সেইদৰে, বনাবলৈ আৰু পাঁচ মাহ লাগে। মুঠতে ৯ মাহৰ পাছত প্ৰস্তুত হয় বিশ্ব অভিলেখ খিতাপ অৰ্জন কৰা ‘ইউটেৰিয়া’ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে