--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভাৰতীয় কোম্পানীয়ে এটা আঙুঠিত অভিলেখ সংখ্যক হীৰা খচিত কৰি গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সেই আঙঠিটোত মুঠ ৫০,৯০৭টা হীৰা আছে।

গণি গণি পঞ্চাশ হাজাৰ ন শ সাতটা হীৰা সেই আঙঠিটোত খচিত কৰা হৈছে। এই সাফল্যৰ বাবে হৰি কৃষ্ণ এক্সপ’ৰ্টছ এণ্ড এইচ কে ডিজাইনে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে।

শেহতীয়াকৈ মুম্বাইস্থিত এই প্ৰতিষ্ঠানটোৰ ফুল আকৃতিৰ হীৰা আঙঠিটোৱে গিনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছে। সূৰ্য্যমুখী ফুলৰ ওপৰত বহি আছে এটা পখিলা। ডাঙৰ ফুলটোৰ কেইবাটাও পাহি আছে। এই পাহিবোৰত খচিত কৰা হৈছে  হীৰাবোৰ।

এই আশ্চৰ্যকৰ আঙঠিটো কেনেকৈ তৈয়াৰ কৰা হৈছিল? কোম্পানীটোৰ মতে, আঙঠিটোত ব্যৱহাৰ কৰা সকলো হীৰা পুনঃব্যৱহাৰ কৰা হয়। অৰ্থাৎ আঙঠিটো ক্ৰেতাই ঘূৰাই দিয়া হীৰা আৰু সোণেৰে তৈয়াৰ কৰা হয়। প্ৰতিটো হীৰা স্থাপনৰ কাম কৰিছিল কোম্পানীটোৰ অভিজ্ঞ কৰ্মীসকলে।

গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি এই আঙঠিটোৰ মূল্য ৭৮৫,৬৪৫ ডলাৰ। ভাৰতীয় মুদ্ৰাত সেয়া হ’ল ৬,৪২,২২,৯৪৩ টকা। এই বিশেষ আঙঠিটোক ‘ইউটেৰিয়া’ নাম দিয়া হৈছে, যাৰ অৰ্থ হৈছে ‘প্ৰকৃতিৰ মাজতে আছে এনেকুৱা’।

আঙঠিটোৰ ডিজাইন কৰিবলৈ ৪ মাহ সময় লাগিছিল। সেইদৰে, বনাবলৈ আৰু পাঁচ মাহ লাগে। মুঠতে ৯ মাহৰ পাছত প্ৰস্তুত হয় বিশ্ব অভিলেখ খিতাপ অৰ্জন কৰা ‘ইউটেৰিয়া’ৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল