--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত দশকৰ আগতে নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। কোৱা হয় যে কেৱল পথটো নিৰ্মাণৰ বাবেই তিনি হাজাৰৰো অধিক শ্ৰমিকৰ মৃত্যু হৈছিল। বিশ্বৰ আটাইতকৈ বিপজ্জনক ৰাষ্ট্ৰীয় ঘাইপথ সৃষ্টিৰ আঁৰতো চীন আছে। 

১৯৫০ চনৰ এপ্ৰিল মাহৰ পৰা ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰম্ভ হয়। চীনে বিশ্বৰ অন্যতম দুৰ্গম অঞ্চলৰ ওপৰত এই পথটো নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৫০ চনত যেতিয়া ছিচুয়ান-তিব্বত পথ নিৰ্মাণ আৰম্ভ হৈছিল, তেতিয়া চীনৰ হাতত পথ নিৰ্মাণৰ বাবে অত্যাধুনিক যন্ত্ৰপাতি নাছিল। গতিকে শ্ৰমিকসকলে সাধাৰণ মেচিনেৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে।

কোৱা হয় যে শ্ৰমিকসকলে ড্ৰিলিং মেচিন, কোদাল, আনকি হাতুৰীৰ দৰে সাধাৰণ সঁজুলিৰে ছিচুয়ান-তিব্বত পথ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। শ্ৰমিকৰ লগতে স্থানীয় ৰাইজেও পথ নিৰ্মাণৰ কামত জড়িত হৈ পৰে। ছিচুয়ান-তিব্বত পথ নিৰ্মাণত শ্ৰমিকসকলকো সহায় কৰে সেনাই। এই পথ নিৰ্মাণত তিনি হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱালে।

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্গম আৰু শত্ৰুতাপূৰ্ণ পৰিৱেশত পথ নিৰ্মাণৰ সময়ত প্ৰতি দুই কিলোমিটাৰত গড়ে তিনিজন শ্ৰমিকৰ মৃত্যু হয়। ১৯৫০ চনত এই পথ নিৰ্মাণ আৰম্ভ হোৱাৰ চাৰি বছৰৰ পাছত ১৯৫৪ চনৰ ২৫ ডিচেম্বৰত ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথ জনসাধাৰণৰ বাবে মুকলি কৰা হয়।

পূবে চেংডুৰ পৰা পশ্চিমে লাছালৈকে বিস্তৃত ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য দুহাজাৰ কিলোমিটাৰতকৈও অধিক। ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথটো মুঠ ১৪টা বৰফেৰে আবৃত পৰ্বতৰ মাজেৰে বিস্তৃত হৈ আছে। এই পৰ্বতবোৰৰ উচ্চতা ৪০০০ৰ পৰা ৫০০০ মিটাৰৰ ভিতৰত।

১৬খন নদীৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথ। সমগ্ৰ অঞ্চলটোত মুঠ ৮টা ফল্ট জ’ন আছে। ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা মূৰৰ পৰা আনটো মূৰলৈ যাবলৈ কমেও ১২ৰ পৰা ১৫ দিন সময় লাগে। অৱশ্যে এই পথটোত বহু বিপদৰ সৃষ্টি হৈছে।

ভূমিস্খলনৰ লগতে হিমস্খলনও সম্ভৱ। বাৰিষাৰ সময়তো ছিচুয়ান-তিব্বত পথটো বিপদজনক। পথৰ মাজত বোকা জমা হৈ ‘বোকা ফান্দ’ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’লে গাড়ী দুৰ্ঘটনাৰ বিপদ বাঢ়ি যায়। ছিচুয়ান-তিব্বত পথৰ মাজেৰে যোৱা ১৪টা পাহাৰৰ অধিকাংশতে গোটেই বছৰটো বৰফ গলি যোৱা দেখা নাযায়। গতিকে পথেৰে যাত্ৰা কৰাৰ সময়ত বেছিভাগ সময়তে বতৰ অনুকূল নহয়।

ছিচুয়ান-তিব্বত পথত মুঠ ৪৩০ খন দলং আৰু ৩৭৮১ টা কালভাৰ্ট আছে। ৮ কোটি কিলোগ্ৰাম শিলেৰে নিৰ্মাণ কৰা হৈছে ছিচুয়ান-তিব্বত ৰাষ্ট্ৰীয় ঘাইপথ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে