--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হালধি মিহলোৱা গাখীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। হালধি আৰু গাখীৰ উভয়তে থকা ঔষধি গুণে ৰোগ নিৰাময়ৰ কাম কৰে। হালধিত থকা এণ্টি-অক্সিডেণ্ট, এণ্টি-ভাইৰেল আৰু এণ্টি-বেক্টেৰিয়েল গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক সুস্থ কৰি ৰখাত সহায় কৰে। গাখীৰত প্ৰটিন, কেলচিয়াম আৰু চৰ্বিও প্ৰচুৰ পৰিমাণে থাকে। হালধিৰ গাখীৰ খালে কি কি উপকাৰ হয় জানো আহক।

১) বিষ নিৰাময়কাৰী- হালধি মিহলোৱা গাখীৰ খালে মানুহৰ যিকোনো বিষ নিৰাময় হয়।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি- হালধি মিহলোৱা গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। এনেদৰে গাখীৰ খোৱাৰ ফলত চৰ্দি, কাহ, জ্বৰ আদি ৰোগবোৰ আঁতৰত থাকে। শীতকালত প্ৰতি নিশা হালধি মিহলোৱা গাখীৰ খালে ৰোগৰ পৰা হাত সাৰিব পাৰি।

৩) অনিদ্ৰাৰ পৰা পৰিত্ৰাণ- মানসিক চাপৰ পৰা উপশম পাবলৈ টোপনিৰ প্ৰয়োজন। ৰাতি হালধি মিহলোৱা গাখীৰ খালে মানসিক চাপ দূৰ কৰাত সহায় কৰে। ই শৰীৰৰ বিষ দূৰ কৰে, যাৰ ফলত ভাল টোপনি যায়।

৪) পিম্পল আৰু ব্ৰণ আঁতৰায়- হালধিৰ গাখীৰ ছালৰ বাবেও অতি উপকাৰী। এইদৰে গাখীৰ খালে পিম্পল নাইকিয়া হয়। ছালৰ সমস্যা দূৰ কৰাত হালধিৰ গাখীৰ উপকাৰী।

৫) পাচনতন্ত্ৰৰ বাবে উপকাৰী- গাখীৰৰ লগত মিহলি হালধি খোৱাটোও পাচনতন্ত্ৰৰ বাবে উপকাৰী। গাখীৰ হজম কৰিবলৈ অলপ কষ্টকৰ। কিন্তু হালধি  মিহলি গাখীৰ খালে হজম শক্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি নহয়।

৬) ওজন কমে- হালধিৰ গাখীৰ খোৱাটো ওজন কমোৱাৰ বাবে উপকাৰী। ইয়াত কাৰকুমিন থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰে। হালধিৰ গাখীৰেও ভোক নিয়ন্ত্ৰণৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক