--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি হৃদৰোগৰ আশংকা বাঢ়িছে। লগতে হাৰ্ট এটেকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে হৃদৰোগৰ সম্ভাৱনা বাঢ়িছে। যদি আপুনি এনে মাৰাত্মক ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে খাদ্যৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয়। আমি কিছুমান স্বাস্থ্যকৰ ফল-মূলক খাদ্যৰ অংশ হিচাপে লৈ ৰোগৰ পৰা হাত সাৰিব পাৰো।

ব্ৰকলি: ব্ৰকলিক হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত থকা পুষ্টিকৰ উপাদানে হৃদৰোগৰ সম্ভাৱনা দূৰ কৰে। ব্ৰকলি খালে শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি পায় আৰু বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়।

জামু: জামুত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। জামু খোৱাটো হৃদৰোগীৰ বাবে অতি উপকাৰী। জামুত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰলৰ দৰে ৰোগৰ আশংকা দূৰ কৰে।

বাদাম: বাদামত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এইবোৰত ভিটামিন, খনিজ পদাৰ্থ, এন্টি অক্সিডেন্ট আৰু ওমেগা ফেটি এচিড থাকে। আলমণ্ড আৰু আখৰোট হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ইহঁতে কলেষ্টেৰল বৃদ্ধি হোৱাত বাধা দিয়ে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলে।

বিলাহী: বিলাহীত পটাছিয়াম, ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট আদি বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত থকা পুষ্টিকৰ উপাদানসমূহ হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। টমেটো খালে হৃদৰোগৰ আশংকা দূৰত থাকে।

ফ্লেস্ক চিড: ফ্লেস্কচিডত প্ৰচুৰ পৰিমাণে ওমেগা ৩ ফেটি এচিড, ভিটামিন আৰু বহুতো খনিজ পদাৰ্থ থাকে। এইখিনি খালে ৰোগৰ আশংকা দূৰ হয়। হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী। হৃদৰোগীয়ে তিয়াই থোৱা ফ্লেস্কচিড খাব লাগে।

চিয়া বীজ: চিয়া গুটিৰ দ্বাৰা হৃদৰোগৰ আশংকা দূৰ হয়। এইবোৰত উপস্থিত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰল নিয়ন্ত্ৰণৰ কাম কৰে। ওজন কমোৱাতো ইহঁতৰ ফলপ্ৰসূ। চিয়া গুটি খোৱাটো হৃদৰোগীৰ বাবে উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক