--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কিবা নহয় কিবা ভিডিঅ' ভাইৰেল হৈয়ে থাকে। শেহতীয়াকৈ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভাৰতত নমকিন আৰু স্নেকছ প্ৰস্তুত কৰা এক বিশাল কোম্পানী হালদিৰাম বুধবাৰে ৰাতিপুৱাৰ পৰা ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰি আছে।হালদিৰামৰ 'ফলাহাৰি মিক্সাৰ' নামৰ এবিধ স্নেকছৰ পেকেটত লিখা উৰ্দু ভাষাক লৈ বিতৰ্কৰ সৃষ্টি কৰে এগৰাকী মহিলা সাংবাদিকে। এই ভিডিঅ'টোত সুদৰ্শন টিভি চেনেলৰ এগৰাকী মহিলা সাংবাদিকক দেখা গৈছে। 


মহিলা সাংবাদিকগৰাকী নয়ডাৰ হালদিৰামৰ আউটলেটত উপস্থিত হয় আৰু হালধিৰামৰ এটা স্নেকছৰ পেকেটত 'উৰ্দু' ভাষা লিখা দেখি হৈ-হাল্লাৰ সৃষ্টি কৰে। দোকানৰ মেনেজাৰক তেওঁ সুধিছিল যে পেকেটত উৰ্দু ভাষা কিয় লিখা হৈছে। 'ফলাহাৰি মিক্সাৰ' ব্ৰততো খাব পাৰি তেন্তে পেকেটটোৰ পিছফালে উৰ্দু ভাষা কিয় লিখা হ'ল? মেনেজাৰজনক সাংবাদিকগৰাকীয়ে বাৰে বাৰে সুধিছিল যে এই স্নেকছত পশুৰ তেল ব্যৱহাৰ কৰা হৈছে নেকি? সাংবাদিকৰ প্ৰশ্নত মেনেজাৰগৰাকী বিৰক্ত হৈ পৰে। সাংবাদিকগৰাকীয়ে পুনৰ প্ৰশ্ন কৰে উপবাসত খাব পৰা এই স্নেকছত উৰ্দু কিয় লিখা হ'ল? আপুনি কি লুকুৱাব বিচাৰে? 


এই সন্দৰ্ভত মেনেজাৰগৰাকীয়ে কয় যে ''আপুনি যি কৰে কৰক। মই এই বিষয়ে একো নকওঁ। আমাৰ ইয়ালৈ ভিন্ন গ্ৰাহক আহে। গতিকে যদি এয়া কোনো গ্ৰাহকৰ বাবে সুবিধাজনক হয়, তেন্তে আপোনাৰ আপত্তি কি?'' এই সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ'টো ওলোৱাৰ লগে লগে হালদিৰামে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ কৰে।ভিডিঅ'টো দেখি মানুহে বিভিন্ন মতামত দিছিল। সকলোৱে হালদিৰামৰ দোকানৰ মেনেজাৰৰ সাহসিকতাৰ প্ৰশংসা কৰি আছে কেনেকৈ তেওঁ সাংবাদিকগৰাকীৰ সন্মুখত সম্পূৰ্ণৰূপে সংযত হৈ আছিল। 

দৰাচলতে পেকেটটোত উৰ্দু নহয় আৰবী ভাষা লিখা আছিল। স্নেকছত কি কি উপাদান ব্যৱহাৰ কৰা হৈছে সেয়া ইংৰাজীৰ লগতে আৰৱীতো লিখা হৈছিল। কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰীৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ প্ৰায়ে এনেকুৱা কৰে। বহু লোকেই মহিলা সাংবাদিকগৰাকীক কঠোৰ সমালোচনা কৰিছে। অনেক লোকে কৈছে যে ''নিজৰ চেনেলৰ টিআৰপি বৃদ্ধি কৰিবলৈ কাৰোবাক এনেদৰে হাৰাশাস্তি কৰাটো কিমান যুক্তিসংগত? ইয়াৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱা উচিত।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ