--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কিবা নহয় কিবা ভিডিঅ' ভাইৰেল হৈয়ে থাকে। শেহতীয়াকৈ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভাৰতত নমকিন আৰু স্নেকছ প্ৰস্তুত কৰা এক বিশাল কোম্পানী হালদিৰাম বুধবাৰে ৰাতিপুৱাৰ পৰা ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড কৰি আছে।হালদিৰামৰ 'ফলাহাৰি মিক্সাৰ' নামৰ এবিধ স্নেকছৰ পেকেটত লিখা উৰ্দু ভাষাক লৈ বিতৰ্কৰ সৃষ্টি কৰে এগৰাকী মহিলা সাংবাদিকে। এই ভিডিঅ'টোত সুদৰ্শন টিভি চেনেলৰ এগৰাকী মহিলা সাংবাদিকক দেখা গৈছে। 


মহিলা সাংবাদিকগৰাকী নয়ডাৰ হালদিৰামৰ আউটলেটত উপস্থিত হয় আৰু হালধিৰামৰ এটা স্নেকছৰ পেকেটত 'উৰ্দু' ভাষা লিখা দেখি হৈ-হাল্লাৰ সৃষ্টি কৰে। দোকানৰ মেনেজাৰক তেওঁ সুধিছিল যে পেকেটত উৰ্দু ভাষা কিয় লিখা হৈছে। 'ফলাহাৰি মিক্সাৰ' ব্ৰততো খাব পাৰি তেন্তে পেকেটটোৰ পিছফালে উৰ্দু ভাষা কিয় লিখা হ'ল? মেনেজাৰজনক সাংবাদিকগৰাকীয়ে বাৰে বাৰে সুধিছিল যে এই স্নেকছত পশুৰ তেল ব্যৱহাৰ কৰা হৈছে নেকি? সাংবাদিকৰ প্ৰশ্নত মেনেজাৰগৰাকী বিৰক্ত হৈ পৰে। সাংবাদিকগৰাকীয়ে পুনৰ প্ৰশ্ন কৰে উপবাসত খাব পৰা এই স্নেকছত উৰ্দু কিয় লিখা হ'ল? আপুনি কি লুকুৱাব বিচাৰে? 


এই সন্দৰ্ভত মেনেজাৰগৰাকীয়ে কয় যে ''আপুনি যি কৰে কৰক। মই এই বিষয়ে একো নকওঁ। আমাৰ ইয়ালৈ ভিন্ন গ্ৰাহক আহে। গতিকে যদি এয়া কোনো গ্ৰাহকৰ বাবে সুবিধাজনক হয়, তেন্তে আপোনাৰ আপত্তি কি?'' এই সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ'টো ওলোৱাৰ লগে লগে হালদিৰামে ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ কৰে।ভিডিঅ'টো দেখি মানুহে বিভিন্ন মতামত দিছিল। সকলোৱে হালদিৰামৰ দোকানৰ মেনেজাৰৰ সাহসিকতাৰ প্ৰশংসা কৰি আছে কেনেকৈ তেওঁ সাংবাদিকগৰাকীৰ সন্মুখত সম্পূৰ্ণৰূপে সংযত হৈ আছিল। 

দৰাচলতে পেকেটটোত উৰ্দু নহয় আৰবী ভাষা লিখা আছিল। স্নেকছত কি কি উপাদান ব্যৱহাৰ কৰা হৈছে সেয়া ইংৰাজীৰ লগতে আৰৱীতো লিখা হৈছিল। কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰীৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ প্ৰায়ে এনেকুৱা কৰে। বহু লোকেই মহিলা সাংবাদিকগৰাকীক কঠোৰ সমালোচনা কৰিছে। অনেক লোকে কৈছে যে ''নিজৰ চেনেলৰ টিআৰপি বৃদ্ধি কৰিবলৈ কাৰোবাক এনেদৰে হাৰাশাস্তি কৰাটো কিমান যুক্তিসংগত? ইয়াৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱা উচিত।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ