--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান পাৰভেজ মুশ্বাৰফে তাজমহলৰ সৌন্দৰ্য্য দেখি আপ্লুত হৈছিল। পত্নীৰ স’তে মুশ্বাৰফে ২০০১ চনত ভাৰত ভ্ৰমণ কৰিছিল। ভাৰতলৈ আহি তাজমহল পৰিদৰ্শন কৰি আগ্ৰাত তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে শীৰ্ষ বৈঠকত অংশ লৈছিল।

মুশ্বাৰফৰ সেই ভ্ৰমণৰ সংগী আছিল ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া  কে কে মহম্মদে। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ পাছতে বিষয়াগৰাকীয়ে উক্ত দিনটোৰ কথা স্মৰণ কৰিছে।

মহম্মদে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, তাজমহল চাই মুশ্বাৰফ ইমানেই আপ্লুত হৈছিল যে তেওঁ কৌতুহলী হৈ পৰিছিল এই স্মৃতিসৌধৰ ডিজাইন আৰু পৰিকল্পনা কোনে কৰিছিল সেই বিষয়ে জানিবলৈ।

মুশ্বাৰফে আচৰিত সুৰত মহম্মদক সুধিছিল, "কোনে এই সুন্দৰ কীৰ্তিচিহ্নটোৰ পৰিকল্পনা কৰিছিল?" মহম্মদে তেওঁক ক’লে যে তাজমহলৰ মূল কাৰিকৰ হৈছে লাহোৰৰ বাসিন্দা উস্তাদ আহমেদ লাহৰী।’’

মহম্মদে ক’লে- ''মুশ্বাৰফে ভাবিছিল যে মই তেওঁৰ প্ৰশ্নৰ উত্তৰত শ্বাহজাহানৰ নাম ক’ম। কিন্তু তাৰ পৰিৱৰ্তে লাহোৰৰ কাৰিকৰজনৰ নাম কওঁতে তেওঁ বেছি সুখী হ’ল।”

শ্বাহজাহান আৰু মুমতাজৰ বিবাহ লাহোৰত হোৱা বুলি জানি মুশ্বাৰফে আনন্দিত হৈছিল। সেইবাৰ ৪৫ মিনিট তাজমহল চৌহদত আছিল মুশ্বাৰফ। মুশ্বাৰফে পত্নীৰ সৈতে অকলে সময় কটাবলৈ ৫ মিনিট সময় বিচাৰিছিল।

পিছত মুশ্বাৰফে তেওঁৰ আত্মজীৱনী ‘লাইন অৱ ফায়াৰ’তো তাজমহলৰ সৌন্দৰ্য্যৰ প্ৰতি তেওঁৰ মোহ প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক