--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা সেনা প্ৰধান পাৰভেজ মুশ্বাৰফে তাজমহলৰ সৌন্দৰ্য্য দেখি আপ্লুত হৈছিল। পত্নীৰ স’তে মুশ্বাৰফে ২০০১ চনত ভাৰত ভ্ৰমণ কৰিছিল। ভাৰতলৈ আহি তাজমহল পৰিদৰ্শন কৰি আগ্ৰাত তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সৈতে শীৰ্ষ বৈঠকত অংশ লৈছিল।

মুশ্বাৰফৰ সেই ভ্ৰমণৰ সংগী আছিল ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া  কে কে মহম্মদে। পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ পাছতে বিষয়াগৰাকীয়ে উক্ত দিনটোৰ কথা স্মৰণ কৰিছে।

মহম্মদে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, তাজমহল চাই মুশ্বাৰফ ইমানেই আপ্লুত হৈছিল যে তেওঁ কৌতুহলী হৈ পৰিছিল এই স্মৃতিসৌধৰ ডিজাইন আৰু পৰিকল্পনা কোনে কৰিছিল সেই বিষয়ে জানিবলৈ।

মুশ্বাৰফে আচৰিত সুৰত মহম্মদক সুধিছিল, "কোনে এই সুন্দৰ কীৰ্তিচিহ্নটোৰ পৰিকল্পনা কৰিছিল?" মহম্মদে তেওঁক ক’লে যে তাজমহলৰ মূল কাৰিকৰ হৈছে লাহোৰৰ বাসিন্দা উস্তাদ আহমেদ লাহৰী।’’

মহম্মদে ক’লে- ''মুশ্বাৰফে ভাবিছিল যে মই তেওঁৰ প্ৰশ্নৰ উত্তৰত শ্বাহজাহানৰ নাম ক’ম। কিন্তু তাৰ পৰিৱৰ্তে লাহোৰৰ কাৰিকৰজনৰ নাম কওঁতে তেওঁ বেছি সুখী হ’ল।”

শ্বাহজাহান আৰু মুমতাজৰ বিবাহ লাহোৰত হোৱা বুলি জানি মুশ্বাৰফে আনন্দিত হৈছিল। সেইবাৰ ৪৫ মিনিট তাজমহল চৌহদত আছিল মুশ্বাৰফ। মুশ্বাৰফে পত্নীৰ সৈতে অকলে সময় কটাবলৈ ৫ মিনিট সময় বিচাৰিছিল।

পিছত মুশ্বাৰফে তেওঁৰ আত্মজীৱনী ‘লাইন অৱ ফায়াৰ’তো তাজমহলৰ সৌন্দৰ্য্যৰ প্ৰতি তেওঁৰ মোহ প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু