--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলী সেনাৰ যুঁজ খন এতিয়া আৰু গাজাতে সীমাবদ্ধ হৈ থকা নাই। এতিয়া এই যুঁজৰ উত্তাপে দহিছে তুৰ্কীকো। হাজাৰ হাজাৰ পেলেষ্টাইনী সমৰ্থকে তুৰস্কত থকা মাৰ্কিন বায়ু সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ কথাই চিন্তিত কৰি তুলিছে আমেৰিকাক। উল্লেখ্য তুৰস্কত থকা মাৰ্কিন বায়ুসেনাৰ ঘাটিত পাৰমাণৱিক অস্ত্ৰ মজুত আছে বুলি চৰ্চা চলি আহিছে। 

প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱাৰ  দৃশ্যত দেখা গৈছে যে আৰক্ষীয়ে তুৰ্কী আৰু পেলেষ্টাইনী  পতাকা উৰুৱাই শ্ল'গান দিয়া জনতাক ছত্ৰভঙ্গ  দিয়াবলৈ  কন্দুৱা গেছ নিক্ষেপ কৰিছেআৰু পানী হিলৈও ব্যৱহাৰ কৰিছে। উল্লেখ্য  দেওবাৰে পেলেষ্টাইনৰ সমৰ্থকৰ এক ৰেলীত শ শ লোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য থকা বিমান ঘাটিটোত  আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন গাজাৰ বিষয়ত  আলোচনাৰ বাবে আঙ্কাৰাত উপস্থিত হোৱাৰ কেইঘণ্টামানৰ পূৰ্বে এই আক্ৰমণৰ ঘটনাটো ঘটিছে।  

গাজাত মানৱীয় সংকট অধিক অৱনমিত  হোৱাৰ  ইজৰাইলক  সমালোচনা কৰি আহিছে তুৰ্কীয়ে। ,  হামাছৰ সদস্যসকলক আতিথ্য দিয়াৰ সময়ত দুয়ো খন দেশৰ মাজত সংঘাত চলি আহিছে।   ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ তুৰস্কতে অজৰাইল আৰু আমেৰিকা বিৰোধী  প্ৰতিবাদৰ ঢৌ উঠিছে। প্ৰতিবাদৰ ফুটেজত দেখা গৈছে যে প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে স্থাপন কৰা  বেৰিকেড বোৰ ভাঙি পেলাইছিল আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। 

 প্ৰতিবাদকাৰীসকলক আৰক্ষীৰ ওপৰত প্লাষ্টিকৰ চকী, শিল আৰু অন্যান্য সামগ্ৰী নিক্ষেপ কৰা দেখা গৈছিল। আৰক্ষীৰ সৈতে সংঘৰ্ষ হোৱাৰ বাবেই   আইএইচএইচ নামৰ সংস্থাটোৱে  পৰিকল্পনাতকৈ আগতে ইয়াৰ সমদল সমাপ্ত ঘোষণা কৰিছিল। সোমবাৰে তেওঁৰ তুৰ্কীৰ বিদেশ মন্ত্ৰী হাকান ফিদানৰ সৈতে গাজা সন্দৰ্ভত আলোচনাৰ বাবে ব্লিঙ্কেন আঙ্কাৰাত উপস্থিত  হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক