--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলী সেনাৰ যুঁজ খন এতিয়া আৰু গাজাতে সীমাবদ্ধ হৈ থকা নাই। এতিয়া এই যুঁজৰ উত্তাপে দহিছে তুৰ্কীকো। হাজাৰ হাজাৰ পেলেষ্টাইনী সমৰ্থকে তুৰস্কত থকা মাৰ্কিন বায়ু সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ কথাই চিন্তিত কৰি তুলিছে আমেৰিকাক। উল্লেখ্য তুৰস্কত থকা মাৰ্কিন বায়ুসেনাৰ ঘাটিত পাৰমাণৱিক অস্ত্ৰ মজুত আছে বুলি চৰ্চা চলি আহিছে। 

প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলোৱাৰ  দৃশ্যত দেখা গৈছে যে আৰক্ষীয়ে তুৰ্কী আৰু পেলেষ্টাইনী  পতাকা উৰুৱাই শ্ল'গান দিয়া জনতাক ছত্ৰভঙ্গ  দিয়াবলৈ  কন্দুৱা গেছ নিক্ষেপ কৰিছেআৰু পানী হিলৈও ব্যৱহাৰ কৰিছে। উল্লেখ্য  দেওবাৰে পেলেষ্টাইনৰ সমৰ্থকৰ এক ৰেলীত শ শ লোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য থকা বিমান ঘাটিটোত  আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন গাজাৰ বিষয়ত  আলোচনাৰ বাবে আঙ্কাৰাত উপস্থিত হোৱাৰ কেইঘণ্টামানৰ পূৰ্বে এই আক্ৰমণৰ ঘটনাটো ঘটিছে।  

গাজাত মানৱীয় সংকট অধিক অৱনমিত  হোৱাৰ  ইজৰাইলক  সমালোচনা কৰি আহিছে তুৰ্কীয়ে। ,  হামাছৰ সদস্যসকলক আতিথ্য দিয়াৰ সময়ত দুয়ো খন দেশৰ মাজত সংঘাত চলি আহিছে।   ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ তুৰস্কতে অজৰাইল আৰু আমেৰিকা বিৰোধী  প্ৰতিবাদৰ ঢৌ উঠিছে। প্ৰতিবাদৰ ফুটেজত দেখা গৈছে যে প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে স্থাপন কৰা  বেৰিকেড বোৰ ভাঙি পেলাইছিল আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। 

 প্ৰতিবাদকাৰীসকলক আৰক্ষীৰ ওপৰত প্লাষ্টিকৰ চকী, শিল আৰু অন্যান্য সামগ্ৰী নিক্ষেপ কৰা দেখা গৈছিল। আৰক্ষীৰ সৈতে সংঘৰ্ষ হোৱাৰ বাবেই   আইএইচএইচ নামৰ সংস্থাটোৱে  পৰিকল্পনাতকৈ আগতে ইয়াৰ সমদল সমাপ্ত ঘোষণা কৰিছিল। সোমবাৰে তেওঁৰ তুৰ্কীৰ বিদেশ মন্ত্ৰী হাকান ফিদানৰ সৈতে গাজা সন্দৰ্ভত আলোচনাৰ বাবে ব্লিঙ্কেন আঙ্কাৰাত উপস্থিত  হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ