--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতবৰ্ষৰ অৰ্থনীতিক লৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে কিছুোতথ্য প্ৰকাশ কৰিছে৷ প্ৰবল খৰচৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বৃদ্ধিৰ হাৰৰ অনুমান ০.২ শতাংশ বৃদ্ধি কৰি ৬.৩ শতাংশলৈ বৃদ্ধি কৰিছে। কিন্তু ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ এই পৰিসংখ্যা আৰ বি আইৰ অনুমান ৬.৫ শতাংশতকৈ কম। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জুলাই মাহত আই এম এফে ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.১ শতাংশ বুলি অনুমান কৰিছিল।

মঙলবাৰে প্ৰকাশ কৰা ‘ৱৰ্ল্ড ইকনমিক আউটলুক’ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে যে ২০২৩ চনৰ এপ্ৰিল-জুন সময়ছোৱাত ভাৰতত খৰচ আশা কৰাতকৈ অধিক  হৈ আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ২০২৩ আৰু ২০২৪ দুয়োটা বৰ্ষতে ভাৰতীয় জিডিপিৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ বুলি অনুমান কৰা হৈছে। কিন্তু সম্পত্তিৰ বজাৰত হোৱা বিশাল সংকট আৰু কম বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব সংস্থাটোৱে ২০২৩ চনৰ বাবে চীনৰ বৃদ্ধিৰ হাৰৰ অনুমান ০.২ শতাংশৰ পৰা ৫ শতাংশ আৰু ২০২৪ চনৰ বাবে ০.৩ শতাংশৰ পৰা ৪.২ শতাংশ হ্ৰাস কৰিছে। এইদৰে ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ চলিত বিত্তীয় বৰ্ষত চীনতকৈ অধিক হ’ব।

আই এম এফে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, উচ্চ সুতৰ হাৰ আৰু বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে বিশ্ব অৰ্থনীতিৰ গতি হেৰুৱাইছে। সেয়েহে ২০২৩ চনৰ বিশ্বব্যাপী বৃদ্ধিৰ হাৰৰ পূৰ্বাভাস ৩ শতাংশলৈ হ্ৰাস কৰা হৈছে। ২০২৪ চনত বিশ্ব অৰ্থনীতিৰ গতি আৰু অধিক মন্থৰ হৈ ২.৯ শতাংশলৈ হ্ৰাস পাব। আই এম এফৰ মুখ্য অৰ্থনীতিবিদ পিয়েৰ-অলিভিয়াৰ গৌৰিচান্সে কয় যে, কৰোনা আৰু ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণকে ধৰি কেইবাটাও জোকাৰণিৰ ফলত ক’ভিডৰ পূৰ্বৰ ধাৰাতকৈ তিনি বছৰত বিশ্বৰ অৰ্থনৈতিক উৎপাদন ৩৭০০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আমাৰ গতিবেগ আটাইতকৈ বেছি হ’ব
দেশ -২০২৩ ২০২৪
ভাৰত- ৬.৩% ৬.৩%
চীন -৫.০% ৪.২%
উদীয়মান দেশসমূহ- ৪.০% ৪.০%
আমেৰিকা- ২.১% ১.৫%
জাপান -২.০% ১.০%
ছৌদি আৰব -০.৮% ৪.০%
ইউৰো প্ৰচলিত এলেকা- ০.৭% ১.২%
ব্ৰিটেইন- ০.৫% ০.৬%
জাৰ্মানী -০.৫% ০.৯%

বিশ্ব বেংকৰ প্ৰাক্তন মুখ্য অৰ্থনীতিবিদ কৌশিক বসুৱে কয় যে পশ্চিমীয়া দেশ আৰু চীনৰ মাজত ব্যৱধান বৃদ্ধি পোৱাৰ বাবে ভাৰত বিশ্বত ভাল অৱস্থাত আছে। ভাৰতক বিশেষ কৰি তোলা গণতন্ত্ৰ, মুক্ত সংবাদ মাধ্যম আৰু ধৰ্মনিৰপেক্ষতাৰ তিনিটা স্তম্ভ দেশখনে ধৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে কাৰণ এইবোৰে অৰ্থনৈতিক বিকাশৰ ভেটি স্থাপন কৰে।


আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ দ্বাৰা ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বিকাশৰ হাৰৰ প্ৰক্ষেপণৰ মাজতে বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া দেশৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে কঠোৰ পৰিশ্ৰমী আৰু নিষ্ঠাবান নেতা থাকে, তেতিয়া অসাধাৰণ ফলাফল অহাটো নিশ্চিত।


আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে মঙলবাৰে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ পূৰ্বাভাস ০.২ শতাংশ বৃদ্ধি কৰি ৬.৩ শতাংশলৈ বৃদ্ধি কৰাৰ বিপৰীতে ২০২৪ চনৰ বিশ্বৰ বৃদ্ধিৰ হাৰৰ পূৰ্বাভাস ২০২৩ চনৰ তিনি শতাংশৰ পৰা ২.৯ শতাংশলৈ হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ