--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতি বছৰে ১ আগষ্ট দিনটো বিশ্ব হাওঁফাওঁৰ কৰ্কট দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিষয়ে মানুহক সজাগ কৰা হয়। হাওঁফাওঁৰ কৰ্কট ৰোগক অন্যতম বিপজ্জনক ৰোগ হিচাপে গণ্য কৰা হয় যদিও বহু প্ৰকাৰৰ কৰ্কট ৰোগ আছে, কিন্তু কিছুদিনৰ পৰা হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা অধিক দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

 হাওঁফাওঁৰ কৰ্কট ৰোগ দুই প্ৰকাৰৰ-

১. Small Cell Lung Cancer- এই কেন্সাৰ বেছিকৈ ধূমপান কৰা লোকৰ ক্ষেত্ৰত দেখা যায়। ই আটাইতকৈ দ্ৰুতগতিত বিয়পি পৰা কৰ্কট ৰোগৰ ভিতৰত অন্যতম। বহু সময়ত ইয়াৰ বিষয়ে জনা সময়লৈকে এই কেন্সাৰ বিয়পি পৰে।

২. Non-Small Cell Lung Cancer- হাওঁফাওঁত হোৱা এটা স্বাভাৱিক কৰ্কট ৰোগ। এই কৰ্কট ৰোগ প্ৰায় ৮০ শতাংশ লোকৰ ক্ষেত্ৰত হোৱা দেখা যায়। এডিন’কাৰ্চিনোমা, স্কাৱামছ চেল কাৰ্চিনোমা আৰু লাৰ্জ চেল কাৰ্চিনোমাৰ ফলত ইয়াৰ সৃষ্টি হয়।

 হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ-

* তীব্ৰ কাহ

* বুকুত বিষ হয়

* শ্বাস-প্ৰশ্বাসৰ সমস্যা

* কাহিলে তেজ ওলোৱা

* ভাগৰ অনুভৱ হোৱা

* ওজন কমিবলৈ ধৰা

 হাওঁফাওঁৰ কৰ্কট ৰোগৰ কাৰণ আৰু কোনে বেছি আশংকাত ভোগে-

ধূমপান কৰা বা অধিক ধঁপাত সেৱন কৰা লোকসকলৰ হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি। দীৰ্ঘদিন ধোঁৱাৰ সংস্পৰ্শলৈ আহিলেও কৰ্কট ৰোগ হ’ব পাৰে। কেতিয়াবা হাওঁফাওঁৰ পৰা ওলাই অহা কোষবোৰ বাঢ়ি যায় যাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ