--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভিটামিন-বি ১২ৰ অভাৱ তেতিয়া হয় যেতিয়া আপোনাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে ভিটামিন-বি১২ নাপায় বা খাদ্যৰ পৰা ভিটামিন-বি১২ সঠিকভাৱে শোষণ কৰিব নোৱাৰে। ইয়াৰ বাবে শৰীৰে সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়। ভিটামিন-বি১২ৰ অভাৱ চিনাক্ত কৰাটো সহজ নহয়। কিন্তু ৰক্তহীনতা এটা ডাঙৰ পাৰ্শ্বক্ৰিয়া যদিও সকলোৱে ইয়াৰ সন্মুখীন হোৱাটো বাধ্যতামূলক নহয়। ইয়াৰ বাহিৰেও এনে বহুতো লক্ষণ আছে যাৰ দ্বাৰা ভিটামিন-বি১২ৰ অভাৱ ধৰা পেলাব পাৰি।

চুলিৰ লগত জড়িত ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণসমূহ

 ভিটামিন বি ১২ য়ে ৰক্তকণিকা তৈয়াৰ কৰাত সহায় কৰে, যিয়ে আপোনাৰ চুলিৰ শিপালৈ অক্সিজেন কঢ়িয়াই লৈ যায়। যেতিয়া ভিটামিন-বি১২ৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে, তেতিয়া আপোনাৰ চুলিৰ গুৰিবোৰে নতুন চুলি গজাব নোৱাৰিবও পাৰে। ইয়াৰ ফলত চুলি সৰিবলৈ ধৰে। ভিটামিন-বি১২ৰ অভাৱত ৰক্তহীনতাও হ’ব পাৰে, যিটো আইৰণৰ অভাৱৰ লগত জড়িত, আৰু চুলি সৰাও হ’ব পাৰে। যদি আপুনি বয়সত সৰু আৰু আপোনাৰ চুলি ধূসৰ হৈ পৰিছে, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে ভিটামিন-বি১২ৰ অভাৱ। গৱেষণা অনুসৰি ভিটামিন-বি১২ৰ অভাৱত চুলিবোৰ অকালতে ধূসৰ হৈ পৰিব পাৰে।

ভিটামিন-বি১২ৰ অভাৱৰ অন্যান্য লক্ষণসমূহ

চুলি সৰা আৰু অকালতে ধূসৰ হোৱাৰ উপৰিও ভিটামিন-বি১২ৰ অভাৱত আন বহুতো ক্ষতি হয়। ইয়াৰ ভিতৰত অস্বাভাৱিক ক্লান্তি, মূৰ ঘূৰোৱা, মূৰ্চা যোৱা, মূৰৰ বিষ, মাইগ্ৰেইন আদি অন্যতম। নখ দুৰ্বল আৰু ভংগুৰ হোৱাটোও ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ। আন আন লক্ষণসমূহ হ’ল- সহজে সংক্ৰমিত হোৱা, উশাহ-নিশাহ লোৱাত কষ্ট পোৱা, কৰ্কশ হোৱা, পেশী দুৰ্বল হোৱা, বিষ হোৱা আদি।

কোনবোৰ খাদ্যত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে থাকে?

ভিটামিন বি ১২ যুক্ত খাদ্য সেৱন কৰিলে এই অভাৱৰ পৰা হাত সাৰিব পাৰি আৰু লগতে ইয়াক শুধৰাই দিব পাৰি। যদি অভাৱ বেছি হয় তেন্তে চিকিৎসকে পৰিপূৰক আৰু বেজীৰ পৰামৰ্শ দিব। ভিটামিন বি ১২ সাধাৰণতে মাংস যেনে যকৃত আৰু বৃক্ক অংশত পোৱা যায়। মাছ যেনে চাৰ্ডিন, টুনা, ট্ৰাউট, আৰু ছালমনত পোৱা যায়। কণীতো ভাল পৰিমাণে ভিটামিন ১২ থাকে। ইয়াৰ উপৰিও দৈ, পনিৰ, গাখীৰ আদি দুগ্ধজাত সামগ্ৰীত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ