--°C
Loading...
Listen to Article
2 min read
80%

ডিজিডেল ডেস্ক : আগতে ভৰিৰ বিষ এটা বয়সৰ পাছত হৈছিল যদিও এতিয়া ই এক সাধাৰণ সমস্যাত পৰিণত হৈছে যিটো প্ৰতিটো বয়সৰ লোকৰ মাজত দেখা যায়। কিবা ক্লান্তিৰ বাবেই হওক বা কোনো চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰৰ বাবেই হওক এই বিষ হয়। ভৰিৰ বিষে আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ নিশা ভৰিৰ বিষ অধিক হোৱা দেখা যায়।

 কিছুমান ক্ষেত্ৰত এই সমস্যাটো আজীৱন থাকি যায় যদিও আজি আমি আপোনাক কিছুমান অতি ফলপ্ৰসূ ঘৰুৱা উপায়ৰ বিষয়ে ক’ম যিবোৰে আপোনাক ভৰিৰ বিষৰ পৰা দিব পাৰে কিছু হ’লেও সকাহ।

 ১. আপেল চাইডাৰঃ-আপেল চাইডাৰ ভিনেগাৰে কেৱল আপোনাৰ ওজন হ্ৰাস কৰাত ফলপ্ৰসূ নহয়, ই আপোনাৰ ভৰিৰ বিষো নিৰাময় কৰিব পাৰে। আপেল চাইডাৰ ভিনেগাৰৰ আছে বিষনাশক গুণ, ই পানীৰে ভৰপূৰ, যিয়ে ভৰিৰ ফুলা আৰু বিষ শান্ত কৰাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ একাপত দুচামুচ আপেল চাইডাৰ ভিনেগাৰ আৰু আধা চামুচ মৌ মিহলাই খালী পেটত খাব লাগে।

 ২. মেথিঃ-যদি ৰাতি ভৰিৰ বিষ বেছি হয়, তেন্তে পাকঘৰত খুব সহজে পোৱা মেথিয়ে আপোনাক বিষৰ পৰা উপশম দিব পাৰে। মেথিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে বিষ উপশম কৰাত সহায়ক হ’ব পাৰে। এই যাদুকৰী ঘৰুৱা ঔষধ বনাবলৈ এচামুচ মেথিৰ গুটি দুগিলাচ পানীত নিশাটো তিয়াই ৰাখিব লাগে। বিষৰ পৰা মুক্তি পাবলৈ খালী পেটত এই পানীখিনি খাব লাগে। এচামুচ মেথিৰ গুটিও দিনে দুবাৰকৈ চোবাই খাব পাৰে। এনে কৰিলে ভৰিৰ বিষত যথেষ্ট উপশম পোৱা যায়।

 ৩. গৰম-ঠাণ্ডা সেকঃ-প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে বিষত সেক দিলে আৰাম পোৱা যায়। বিষৰ পৰা উপশম পাবলৈ ঠাণ্ডা বা গৰম সেক দিব পাৰে। কিন্তু এই সেক গৰম বা ঠাণ্ডা বিষৰ ওপৰত নিৰ্ভৰ কৰে। যদি তেজ চলাচলৰ অভাৱৰ কাৰণে হয় তেন্তে গৰম সেক দিব পাৰে বা আইচ পেক লগাব পাৰে। বিষ হোৱা ঠাইখিনিত কিছু সময়ৰ বাবে গৰম বা ঠাণ্ডা দিনটোত তিনিবাৰকৈ সেক দিব লাগে।

 ৪. যোগাসন অতি প্ৰয়োজনীয়ঃ-যদি আপুনি তেজৰ সঞ্চালন বৃদ্ধি কৰিব বিচাৰে আৰু ভৰিৰ ক্ৰেম্প কম কৰিব বিচাৰে, তেন্তে আপুনি দৈনন্দিন কাম-কাজত যোগাসন অন্তৰ্ভুক্ত কৰিব লাগিব। যোগে আমাক সুস্থ কৰি ৰখাৰ লগতে শৰীৰক বিষমুক্ত কৰি নিৰাময় কৰি তোলাতো সহায় কৰে।

 ৫. সৰিয়হ তেলৰ মালিচ এক ফলপ্ৰসূ চিকিৎসাঃ-আপুনি নিশ্চয় শুনিছে যে ভৰিৰ মালিচ কৰিলে বিষ কম হয়, কিন্তু ইয়াত সৰিয়হৰ তেলৰ মালিচ অতি উপকাৰী। গতিকে যদি ভৰিৰ বিষ হয়, তেন্তে ভৰিত সৰিয়হ তেল দি ভাল মালিচ কৰিব পাৰে। এনে কৰিলে পেশীবোৰৰ জঠৰতা কমি যাব আৰু বিষৰ পৰা উপশম পাব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ