--°C
Loading...
Listen to Article
2 min read
80%

ডিজিডেল ডেস্ক : আগতে ভৰিৰ বিষ এটা বয়সৰ পাছত হৈছিল যদিও এতিয়া ই এক সাধাৰণ সমস্যাত পৰিণত হৈছে যিটো প্ৰতিটো বয়সৰ লোকৰ মাজত দেখা যায়। কিবা ক্লান্তিৰ বাবেই হওক বা কোনো চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰৰ বাবেই হওক এই বিষ হয়। ভৰিৰ বিষে আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ নিশা ভৰিৰ বিষ অধিক হোৱা দেখা যায়।

 কিছুমান ক্ষেত্ৰত এই সমস্যাটো আজীৱন থাকি যায় যদিও আজি আমি আপোনাক কিছুমান অতি ফলপ্ৰসূ ঘৰুৱা উপায়ৰ বিষয়ে ক’ম যিবোৰে আপোনাক ভৰিৰ বিষৰ পৰা দিব পাৰে কিছু হ’লেও সকাহ।

 ১. আপেল চাইডাৰঃ-আপেল চাইডাৰ ভিনেগাৰে কেৱল আপোনাৰ ওজন হ্ৰাস কৰাত ফলপ্ৰসূ নহয়, ই আপোনাৰ ভৰিৰ বিষো নিৰাময় কৰিব পাৰে। আপেল চাইডাৰ ভিনেগাৰৰ আছে বিষনাশক গুণ, ই পানীৰে ভৰপূৰ, যিয়ে ভৰিৰ ফুলা আৰু বিষ শান্ত কৰাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিবলৈ একাপত দুচামুচ আপেল চাইডাৰ ভিনেগাৰ আৰু আধা চামুচ মৌ মিহলাই খালী পেটত খাব লাগে।

 ২. মেথিঃ-যদি ৰাতি ভৰিৰ বিষ বেছি হয়, তেন্তে পাকঘৰত খুব সহজে পোৱা মেথিয়ে আপোনাক বিষৰ পৰা উপশম দিব পাৰে। মেথিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে বিষ উপশম কৰাত সহায়ক হব পাৰে। এই যাদুকৰী ঘৰুৱা ঔষধ বনাবলৈ এচামুচ মেথিৰ গুটি দুগিলাচ পানীত নিশাটো তিয়াই ৰাখিব লাগে। বিষৰ পৰা মুক্তি পাবলৈ খালী পেটত এই পানীখিনি খাব লাগে। এচামুচ মেথিৰ গুটিও দিনে দুবাৰকৈ চোবাই খাব পাৰে। এনে কৰিলে ভৰিৰ বিষত যথেষ্ট উপশম পোৱা যায়।

 ৩. গৰম-ঠাণ্ডা সেকঃ-প্ৰায়ে আপুনি নিশ্চয় শুনিছে যে বিষত সেক দিলে আৰাম পোৱা যায়। বিষৰ পৰা উপশম পাবলৈ ঠাণ্ডা বা গৰম সেক দিব পাৰে। কিন্তু এই সেক গৰম বা ঠাণ্ডা বিষৰ ওপৰত নিৰ্ভৰ কৰে। যদি তেজ চলাচলৰ অভাৱৰ কাৰণে হয় তেন্তে গৰম সেক দিব পাৰে বা আইচ পেক লগাব পাৰে। বিষ হোৱা ঠাইখিনিত কিছু সময়ৰ বাবে গৰম বা ঠাণ্ডা দিনটোত তিনিবাৰকৈ সেক দিব লাগে।

 ৪. যোগাসন অতি প্ৰয়োজনীয়ঃ-যদি আপুনি তেজৰ সঞ্চালন বৃদ্ধি কৰিব বিচাৰে আৰু ভৰিৰ ক্ৰেম্প কম কৰিব বিচাৰে, তেন্তে আপুনি দৈনন্দিন কাম-কাজত যোগাসন অন্তৰ্ভুক্ত কৰিব লাগিব। যোগে আমাক সুস্থ কৰি ৰখাৰ লগতে শৰীৰক বিষমুক্ত কৰি নিৰাময় কৰি তোলাতো সহায় কৰে।

 ৫. সৰিয়হ তেলৰ মালিচ এক ফলপ্ৰসূ চিকিৎসাঃ-আপুনি নিশ্চয় শুনিছে যে ভৰিৰ মালিচ কৰিলে বিষ কম হয়, কিন্তু ইয়াত সৰিয়হৰ তেলৰ মালিচ অতি উপকাৰী। গতিকে যদি ভৰিৰ বিষ হয়, তেন্তে ভৰিত সৰিয়হ তেল দি ভাল মালিচ কৰিব পাৰে। এনে কৰিলে পেশীবোৰৰ জঠৰতা কমি যাব আৰু বিষৰ পৰা উপশম পাব পাৰি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক