--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আঙুলি ঘঁহিও শৰীৰৰ বিভিন্ন অংগত হোৱা বিষৰ পৰা মুক্তি পাব পাৰি। প্ৰাচীন জাপানী কলা অনুসৰি প্ৰতিটো আঙুলি নিৰ্দিষ্ট ৰোগ আৰু আৱেগৰ সৈতে সম্পৰ্কিত। আমাৰ হাতৰ পাঁচটা আঙুলি শৰীৰৰ বিভিন্ন অংশৰ সৈতে সংযুক্ত হৈ আছে। 

আমাৰ হাতৰ আঙুলিবোৰৰ উদ্বেগ, ভয় আৰু খজুৱতি উপশম কৰাৰ ক্ষমতা আছে। আঙুলিৰ ওপৰত মৃদু চাপ প্ৰয়োগ কৰিলে শৰীৰৰ বহু অংশত তাৰ প্ৰভাৱ পৰে।সেয়ে বিশৰ ক্ষেত্ৰত  পেইনকিলাৰ খোৱাৰ সলনি আপুনি এই সহজ আৰু কাৰ্যকৰী পদ্ধতি ব্যৱহাৰ কৰি আৰাম পাব পাৰে। বিশেষজ্ঞসকলে কোৱা অনুসৰি কেৱল হাতৰ আঙুলি ঘঁহি শৰীৰৰ যিকোনো অংশৰ বিষৰ পৰা কিদৰে সকাহ পাব পাৰি সেয়া জানো আহক। 


বুঢ়া আঙুলি – হাতৰ বুঢ়া আঙুলি আমাৰ হাঁওফাঁওৰ সৈতে সংলগ্ন হৈ আছে। যদি আপোনাৰ হৃদস্পন্দন দ্ৰুত হয়, বুঢ়া আঙুলিটো লাহে লাহে  মালিচ কৰক আৰু লাহে লাহে টানি দিয়ক। ই আপোনাক আৰাম দিব।   

 তৰ্জনী আঙুলি – এই আঙুলিটো অন্ত্ৰৰ নলীৰ সৈতে জড়িত হৈ থাকে। 
যদি আপোনাৰ পেটৰ বিষ হয়, এই আঙুলিটো লাহে লাহে ঘঁহি দিয়ক, বিষ কম অনুভৱ হ'ব।

মধ্যমা আঙুলি – এই আঙুলিটো সংবহন প্ৰণালী আৰু তেজ সঞ্চালন প্ৰণালীৰ সৈতে সংযোজিত। যদি আপুনি মূৰ ঘূৰোৱা বা হঠাতে নাৰ্ভাছ অনুভৱ কৰে, এই আঙুলিটো মালিচ কৰিলে তাৎক্ষণিকভাবে সকাহ পাব।

অনামিকা আঙুলি – এই আঙুলিটো আপোনাৰ মন-মেজাজৰ সৈতে সম্পৰ্কিত। যদি কোনো কাৰণত আপোনাৰ মন বেয়া লাগে বা আপুনি শান্তি বিচাৰে, তেন্তে এই আঙুলিটো লাহে লাহে  মালিচ কৰক আৰু টানি দিয়ক।  আপুনি ইয়াৰ পৰা ভাল ফলাফল পাব, আপোনাৰ মন ফৰকাল হ’ব।

কেঞা আঙুলি– কেঞা আঙুলি আমাৰ বৃক্ক আৰু মূৰৰ সৈতে সম্পৰ্কিত বুলি বিশেষজ্ঞসকলে কয়। যদি আপোনাৰ মূৰৰ বিষ হয়, তেন্তে এই আঙুলিটো লাহে লাহে টিপক আৰু মালিচ কৰক, আপোনাৰ মুৰৰ বিষ নাইকিয়া হ'ব। কেঞা আঙুলি মালিচ কৰিলে বৃক্ক স্বাস্থ্যৱান হৈ থাকে। 

 (এয়া স্বাস্থ্য বিষয়ক লেখা এটাৰ সাৰাংশহে। আমি ইয়াৰ বৈজ্ঞানিক সত্যতা পৰীক্ষা কৰি চোৱা নাই)



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক