--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আঙুলি ঘঁহিও শৰীৰৰ বিভিন্ন অংগত হোৱা বিষৰ পৰা মুক্তি পাব পাৰি। প্ৰাচীন জাপানী কলা অনুসৰি প্ৰতিটো আঙুলি নিৰ্দিষ্ট ৰোগ আৰু আৱেগৰ সৈতে সম্পৰ্কিত। আমাৰ হাতৰ পাঁচটা আঙুলি শৰীৰৰ বিভিন্ন অংশৰ সৈতে সংযুক্ত হৈ আছে। 

আমাৰ হাতৰ আঙুলিবোৰৰ উদ্বেগ, ভয় আৰু খজুৱতি উপশম কৰাৰ ক্ষমতা আছে। আঙুলিৰ ওপৰত মৃদু চাপ প্ৰয়োগ কৰিলে শৰীৰৰ বহু অংশত তাৰ প্ৰভাৱ পৰে।সেয়ে বিশৰ ক্ষেত্ৰত  পেইনকিলাৰ খোৱাৰ সলনি আপুনি এই সহজ আৰু কাৰ্যকৰী পদ্ধতি ব্যৱহাৰ কৰি আৰাম পাব পাৰে। বিশেষজ্ঞসকলে কোৱা অনুসৰি কেৱল হাতৰ আঙুলি ঘঁহি শৰীৰৰ যিকোনো অংশৰ বিষৰ পৰা কিদৰে সকাহ পাব পাৰি সেয়া জানো আহক। 


বুঢ়া আঙুলি – হাতৰ বুঢ়া আঙুলি আমাৰ হাঁওফাঁওৰ সৈতে সংলগ্ন হৈ আছে। যদি আপোনাৰ হৃদস্পন্দন দ্ৰুত হয়, বুঢ়া আঙুলিটো লাহে লাহে  মালিচ কৰক আৰু লাহে লাহে টানি দিয়ক। ই আপোনাক আৰাম দিব।   

 তৰ্জনী আঙুলি – এই আঙুলিটো অন্ত্ৰৰ নলীৰ সৈতে জড়িত হৈ থাকে। 
যদি আপোনাৰ পেটৰ বিষ হয়, এই আঙুলিটো লাহে লাহে ঘঁহি দিয়ক, বিষ কম অনুভৱ হ'ব।

মধ্যমা আঙুলি – এই আঙুলিটো সংবহন প্ৰণালী আৰু তেজ সঞ্চালন প্ৰণালীৰ সৈতে সংযোজিত। যদি আপুনি মূৰ ঘূৰোৱা বা হঠাতে নাৰ্ভাছ অনুভৱ কৰে, এই আঙুলিটো মালিচ কৰিলে তাৎক্ষণিকভাবে সকাহ পাব।

অনামিকা আঙুলি – এই আঙুলিটো আপোনাৰ মন-মেজাজৰ সৈতে সম্পৰ্কিত। যদি কোনো কাৰণত আপোনাৰ মন বেয়া লাগে বা আপুনি শান্তি বিচাৰে, তেন্তে এই আঙুলিটো লাহে লাহে  মালিচ কৰক আৰু টানি দিয়ক।  আপুনি ইয়াৰ পৰা ভাল ফলাফল পাব, আপোনাৰ মন ফৰকাল হ’ব।

কেঞা আঙুলি– কেঞা আঙুলি আমাৰ বৃক্ক আৰু মূৰৰ সৈতে সম্পৰ্কিত বুলি বিশেষজ্ঞসকলে কয়। যদি আপোনাৰ মূৰৰ বিষ হয়, তেন্তে এই আঙুলিটো লাহে লাহে টিপক আৰু মালিচ কৰক, আপোনাৰ মুৰৰ বিষ নাইকিয়া হ'ব। কেঞা আঙুলি মালিচ কৰিলে বৃক্ক স্বাস্থ্যৱান হৈ থাকে। 

 (এয়া স্বাস্থ্য বিষয়ক লেখা এটাৰ সাৰাংশহে। আমি ইয়াৰ বৈজ্ঞানিক সত্যতা পৰীক্ষা কৰি চোৱা নাই)



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন