ডিজিটেল ডেস্কঃ ডায়েবেটিছ এতিয়া সমগ্ৰ বিশ্বৰে এক চিন্তাৰ বিষয় হৈ পৰিছে। ভাৰততো ডায়েবেটিছ ৰোগী দিনক দিনে বৃদ্ধি পাই গৈছে। আমাৰ দেশত ডায়েবেটিছ এতিয়া মহামাৰীৰ দৰে বিয়পি পৰিছে। বিশ্বৰ ডায়েবেটিছ ৰোগীৰ ১৭ শতাংশ লোক ভাৰততেই বাস কৰে। সম্ভৱতঃ সেইবাবেই ভাৰতক ডায়েবেটিছৰ ৰাজধানী বুলি কোৱা হয়। ডায়েবেটিছে কেৱল স্বাস্থ্যকেই প্ৰভাৱিত নকৰে, ই সঞ্চয়ৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাই আহিছে।
দেশত প্ৰতি ১০ জনৰ ভিতৰত ১ জন লোকৰেই ডায়েবেটিছ আছে। জীৱনশৈলীৰ সৈতে জৰিত স্বাস্থ্যৰ লগতে, ই আপোনাৰ সঞ্চয়ৰ ওপৰতো প্ৰভাৱ পেলাইছে। এক শেহতীয়া প্ৰতিবেদন অনুসৰি ডায়েবেটিছৰ বাবদ একোজন লোকৰ ব্যয় বছৰি প্ৰায় ১১ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ হয়।এনে খৰচৰ ভিতৰত থাকে ঔষধ, ইনচুলিন, চিকিৎসক আৰু সঘনাই তেজ পৰীক্ষা কৰাৰ ব্যয় আদি।
ডায়েবেটিছে শৰীৰৰ বহুতো অংশ প্ৰভাৱিত কৰে। এই ৰোগে বৃক্ক আৰু যকৃতৰ ক্ষতি কৰিব পাৰে৷ ই হৃদৰোগৰ আক্ৰমণৰ আশংকা বৃদ্ধি কৰে
এক অধ্যয়ন অনুসৰি, ভাৰতৰ মুঠ ডায়েবেটিক ৰোগীৰ এক তৃতীয়াংশৰো অধিক লোকে মাহে ২০,০০০ টকাৰ কম উপাৰ্জন কৰে। কম উপাৰ্জনকাৰী পৰিয়াল এটাই তেওঁলোকৰ উপাৰ্জনৰ ২০ শতাংশলৈকে ডায়েবেটিকৰ চিকিৎসাত ব্যয় কৰিবলগীয়া হয়। যদি পৰিয়ালত এনে এজনতকৈ অধিক ব্যক্তি থাকে তেন্তে ব্যয় আৰু ভালে খিনি বৃদ্ধি পায়।
সেয়ে আৰ্থিক ভাবে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় বহু লোক। ডায়েবেটিছৰ ক্ষেত্ৰত এটা স্বাস্থ্য সন্মত জীৱনশৈলী মানি চলাটেোৱেই বুদ্ধিমানৰ কাম। জিভা নিয়ন্ত্ৰণ কৰিব পাৰিলেহে ডায়েবেটিছৰ পৰা সকাহ পাই থাকিব পাৰি। অন্যথা নাখাবলগীয়া খাদ্যৰ প্ৰতি থকা অত্যধিক লোভ সম্বৰণ কৰিব নোৱাৰিলে ৰোগ বিধে কেতিয়াবা ভাবিব নোৱাৰা বিপদো ঘটাব পাৰে।সেয়ে প্ৰয়োজন মাথো সচেতনতাৰ।