--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ’৯০ৰ দশকত বলীউডৰ বহু চলচ্চিত্ৰক এক অনন্য মাত্ৰা দিবলৈ সক্ষম হৈছিল মাধুৰী দীক্ষিতে। আশে-পাশে সুদৰ্শন নায়ক থাকিলেও মাধুৰীৰ নামটো নুশুনাকৈ যে ব’ক্স অফিছত কিমান ছবিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে সেয়া গণনাৰো অতীত! ইন্দ্ৰ কুমাৰৰ 'ৰাজা'ও এনেকুৱা এখন চলচ্চিত্ৰ। সেই ছবিখনতে হেনো বলীউডৰ জনপ্ৰিয় তাৰকা নানা পাটেকাৰে মাধুৰীৰ কামত হস্তক্ষেপ কৰিছিল। স্মৰ্তব্য যে, এই ছবিখনত তেওঁক দেখিবলৈ নাপালেও কিন্তু নানা পাটেকাৰে সেই ছবিখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ছবিখনৰ নায়ক সঞ্জয় কাপুৰৰ ককাদেউতাৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। কিন্তু ‘ৰাজা'ৰ দৃশ্যগ্ৰহণৰ সময়ত, মাধুৰীৰ কামত ইমানেই হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল যে, পৰিচালক ইন্দ্ৰ কুমাৰে নানাক বাদ দিয়াৰ বাহিৰে কোনো উপায় বিচাৰি পোৱা নাছিল। ২৭ বছৰ পূৰণি এই ঘটনাৰ প্ৰেক্ষাপট আজি পুনৰ পোহৰলৈ অহাৰ কাৰণ কি? আচলতে ‘ৰাজা’ৰ সেই যুটিটোক পুনৰ একেলগে দেখিবলৈ পাব অনুৰাগীয়ে। কৰণ জোহৰৰ ‘দ্য ফেম গেম’ৰ ৱেব ছিৰিজখনত দুয়োকে দেখিবলৈ পোৱা যাৱ বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। ইফালে, ৱেব চিৰিজৰ পৃথিৱীত মাধুৰী দীক্ষিতৰ এয়া প্ৰথম আত্মপ্ৰকাশ। অনুৰাগীৰ মাজত কৌতূহল বৃদ্ধি পোৱাটো স্বাভাৱিক। 'দ্য ফেম গেম'ৰ ক্ষেত্ৰতো একেই কথাৰ অৱতাৰণা হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় ২৫ বছৰৰ পিছত, পুনৰ একেলগে মাধুৰী দীক্ষিত আৰু সঞ্জয় কাপুৰ। ১৯৯৭ চনত, তেওঁলোকক 'মহব্বত'ত দেখা গৈছিল। ছবিখনে ব’ক্স অফিছত প্ৰত্যাশিত জনপ্ৰিয়তা নাপালেও আজিও অনুৰাগীৰ মন আৰু মননত সজীৱ হৈ আছে ‘ৰাজা’। ইন্দ্ৰ কুমাৰৰ 'ৰাজা' ইমান সফল হৈছিল যে বহুলোকে ছবিখনৰ নাম 'ৰাণী' থোৱাৰ কথা কৈছিল। ইমান দিনৰ পাছত, মাধুৰী-সঞ্জয়ৰ যুটিৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে বহু স্মৃতিকথাই অগাদেৱা কৰিছে। পৰিচালক ইন্দ্ৰই 'ৰাজা'ত পৰেশ ৰাৱালৰ চৰিত্ৰত নানা পাটেকাৰৰ কথাকে ভাবিছিল। ছবিখনৰ বাবে তেওঁ কেইবাদিনো কাম কৰিছিল। ছবিখনৰ বাবে তেওঁ এটা গীতৰ দৃশ্যগ্ৰহণো এৰায় চলিছিল বুলি কোৱা হয়। অৱশ্যে, ছবিখনৰ মুক্তিৰ পাছত, নানা পাটেকাৰক দেখিবলৈ নাপালে অনুৰাগীয়ে। কিন্তু কিয়? সেই কথাকে এক সাক্ষাত্‍কাৰত প্ৰকাশ কৰিছে ইন্দ্ৰ কুমাৰে। তেওঁ কয়, ‘নানাই প্ৰতিটো খুঁটিনাটি বিষয়ক লৈ মন্তব্য কৰিবলৈ লৈছিল। তেওঁ ছবিখনৰ এটা দৃশ্যত মাধুৰীয়ে কেনেদৰে অভিনয় কৰিব সেই বিষয়েও অবাঞ্ছিত পৰামৰ্শ দিছিল। আনকি দিলীপ তাহিল বা মুকেশ খান্নাৰ প্ৰসংগতো নানাৰ 'বাণী'ৰ কোনো অভাৱ নাছিল।’ নানা পাটেকাৰে কৰা কামখিনিৰ দায়িত্ব আছিল পৰিচালকৰ। এই সকলোবোৰ দেখাৰ পাছত, বিৰক্ত হৈ পৰিছিল পৰিচালক ইন্দ্ৰ। তেওঁ কৈছিল,‘যেতিয়া অভিনেতাই পৰিচালকৰ কাম কৰা আৰম্ভ কৰে, তেতিয়া পৰিচালকে বুজিব লাগে যে ছবিখনৰ ফলাফল শেষত বেয়া হ'ব নতুবা অভিনেতাসকলে বেয়া কাম কৰিব।’ এনে কেতবাৰ কাৰ্যৰ বাবে ছুপাৰহিট ছবিৰ পৰা বাদ পৰিছিল নানা পাটেকাৰ। দশকপুৰণি কথাবোৰ সম্প্ৰতি পুনৰ স্মৃতিৰ কেনভাছত সজীৱ হৈ উঠিছে অনুৰাগীৰ তথা বলীউড কলা-কুশলীৰ। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু