--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ’৯০ৰ দশকত বলীউডৰ বহু চলচ্চিত্ৰক এক অনন্য মাত্ৰা দিবলৈ সক্ষম হৈছিল মাধুৰী দীক্ষিতে। আশে-পাশে সুদৰ্শন নায়ক থাকিলেও মাধুৰীৰ নামটো নুশুনাকৈ যে ব’ক্স অফিছত কিমান ছবিয়ে জনপ্ৰিয়তা অৰ্জন কৰিছে সেয়া গণনাৰো অতীত! ইন্দ্ৰ কুমাৰৰ 'ৰাজা'ও এনেকুৱা এখন চলচ্চিত্ৰ। সেই ছবিখনতে হেনো বলীউডৰ জনপ্ৰিয় তাৰকা নানা পাটেকাৰে মাধুৰীৰ কামত হস্তক্ষেপ কৰিছিল। স্মৰ্তব্য যে, এই ছবিখনত তেওঁক দেখিবলৈ নাপালেও কিন্তু নানা পাটেকাৰে সেই ছবিখনত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ছবিখনৰ নায়ক সঞ্জয় কাপুৰৰ ককাদেউতাৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল। কিন্তু ‘ৰাজা'ৰ দৃশ্যগ্ৰহণৰ সময়ত, মাধুৰীৰ কামত ইমানেই হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল যে, পৰিচালক ইন্দ্ৰ কুমাৰে নানাক বাদ দিয়াৰ বাহিৰে কোনো উপায় বিচাৰি পোৱা নাছিল। ২৭ বছৰ পূৰণি এই ঘটনাৰ প্ৰেক্ষাপট আজি পুনৰ পোহৰলৈ অহাৰ কাৰণ কি? আচলতে ‘ৰাজা’ৰ সেই যুটিটোক পুনৰ একেলগে দেখিবলৈ পাব অনুৰাগীয়ে। কৰণ জোহৰৰ ‘দ্য ফেম গেম’ৰ ৱেব ছিৰিজখনত দুয়োকে দেখিবলৈ পোৱা যাৱ বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। ইফালে, ৱেব চিৰিজৰ পৃথিৱীত মাধুৰী দীক্ষিতৰ এয়া প্ৰথম আত্মপ্ৰকাশ। অনুৰাগীৰ মাজত কৌতূহল বৃদ্ধি পোৱাটো স্বাভাৱিক। 'দ্য ফেম গেম'ৰ ক্ষেত্ৰতো একেই কথাৰ অৱতাৰণা হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰায় ২৫ বছৰৰ পিছত, পুনৰ একেলগে মাধুৰী দীক্ষিত আৰু সঞ্জয় কাপুৰ। ১৯৯৭ চনত, তেওঁলোকক 'মহব্বত'ত দেখা গৈছিল। ছবিখনে ব’ক্স অফিছত প্ৰত্যাশিত জনপ্ৰিয়তা নাপালেও আজিও অনুৰাগীৰ মন আৰু মননত সজীৱ হৈ আছে ‘ৰাজা’। ইন্দ্ৰ কুমাৰৰ 'ৰাজা' ইমান সফল হৈছিল যে বহুলোকে ছবিখনৰ নাম 'ৰাণী' থোৱাৰ কথা কৈছিল। ইমান দিনৰ পাছত, মাধুৰী-সঞ্জয়ৰ যুটিৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে বহু স্মৃতিকথাই অগাদেৱা কৰিছে। পৰিচালক ইন্দ্ৰই 'ৰাজা'ত পৰেশ ৰাৱালৰ চৰিত্ৰত নানা পাটেকাৰৰ কথাকে ভাবিছিল। ছবিখনৰ বাবে তেওঁ কেইবাদিনো কাম কৰিছিল। ছবিখনৰ বাবে তেওঁ এটা গীতৰ দৃশ্যগ্ৰহণো এৰায় চলিছিল বুলি কোৱা হয়। অৱশ্যে, ছবিখনৰ মুক্তিৰ পাছত, নানা পাটেকাৰক দেখিবলৈ নাপালে অনুৰাগীয়ে। কিন্তু কিয়? সেই কথাকে এক সাক্ষাত্‍কাৰত প্ৰকাশ কৰিছে ইন্দ্ৰ কুমাৰে। তেওঁ কয়, ‘নানাই প্ৰতিটো খুঁটিনাটি বিষয়ক লৈ মন্তব্য কৰিবলৈ লৈছিল। তেওঁ ছবিখনৰ এটা দৃশ্যত মাধুৰীয়ে কেনেদৰে অভিনয় কৰিব সেই বিষয়েও অবাঞ্ছিত পৰামৰ্শ দিছিল। আনকি দিলীপ তাহিল বা মুকেশ খান্নাৰ প্ৰসংগতো নানাৰ 'বাণী'ৰ কোনো অভাৱ নাছিল।’ নানা পাটেকাৰে কৰা কামখিনিৰ দায়িত্ব আছিল পৰিচালকৰ। এই সকলোবোৰ দেখাৰ পাছত, বিৰক্ত হৈ পৰিছিল পৰিচালক ইন্দ্ৰ। তেওঁ কৈছিল,‘যেতিয়া অভিনেতাই পৰিচালকৰ কাম কৰা আৰম্ভ কৰে, তেতিয়া পৰিচালকে বুজিব লাগে যে ছবিখনৰ ফলাফল শেষত বেয়া হ'ব নতুবা অভিনেতাসকলে বেয়া কাম কৰিব।’ এনে কেতবাৰ কাৰ্যৰ বাবে ছুপাৰহিট ছবিৰ পৰা বাদ পৰিছিল নানা পাটেকাৰ। দশকপুৰণি কথাবোৰ সম্প্ৰতি পুনৰ স্মৃতিৰ কেনভাছত সজীৱ হৈ উঠিছে অনুৰাগীৰ তথা বলীউড কলা-কুশলীৰ। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু