--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকাল আৰম্ভ হৈছে। এনে পৰিস্থিতিত গৰমৰ পৰা হাত সাৰিবলৈ সকলোৱে হাতকটা কাপোৰ পিন্ধি ভালপায়। যদি আপুনিও হাতকটা কাপোৰ পিন্ধি ভাল পায়, কিন্তু হাতৰ চৰ্বিৰ বাবে আপোনাৰ প্ৰিয় কাপোৰ পিন্ধিবলৈ লাজ পায়, তেন্তে আপুনি লাজ কৰাৰ প্ৰয়োজন নাই কাৰণ ইয়াত আমি আপোনাক ক’ম কেনেকৈ চৰ্বিৰ পৰা মুক্তি কৰিব পাৰি হাত দুখনক। 

হাতৰ চৰ্বিৰ পৰা মুক্তি পাবলৈ এই পদ্ধতিসমূহ মানি চলক

স্কিপিংঃ হাতৰ ওলমি থকা চৰ্বি টোন কৰিবলৈ আপুনি স্কিপিঙৰ সহায় ল’ব পাৰে। স্কিপিং কৰিলে মানুহৰ হাত দুখন ঘূৰি থাকে। যাৰ কাৰণে হাতলৈ ঘাম আহে আৰু বাহুৰ চৰ্বি দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে। এইটো এটা অতি ভাল কাৰ্ডিঅ’ এক্সাৰচাইজ। যিটো দৈনিক কৰিলে হাতৰ ওলমি থকা চৰ্বিৰ পৰা মুক্তি পাব পাৰি।

পুশ্বআপঃ হাতৰ চৰ্বিত অশান্তি পোৱা মানুহে পুশ্বআপ কৰিবই লাগিব। কাৰণ পুশ্বআপ এটা অতি ভাল ব্যায়াম যিয়ে আপোনাৰ বাহু দুটা ফিট কৰি ৰাখিবলৈ কাম কৰে। এই ব্যায়ামটো কৰাটো অলপ কঠিন যেন লাগে। কিন্তু পুশ্বআপে কেৱল হাতৰ চৰ্বি কমোৱাই নহয় গোটেই শৰীৰৰ চৰ্বিও কমোৱাৰ কাম কৰে।

ছিজাৰ এক্সাৰচাইজঃ হাতত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাৰ বাবে ছিজাৰ এক্সাৰচাইজ এটা ভাল উপায়। এই ব্যায়ামটো কৰি থাকোঁতে এজন ব্যক্তিয়ে থিয় হৈ দুয়োখন হাত পোন কৰি তাৰপাছত হাত দুখন লৰচৰ কৰিব লাগে। এই ব্যায়াম বহুবাৰ কৰিলে হাতত জমা হোৱা চৰ্বি কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু