--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে নেমুৰ পানী কিমান উপকাৰী সেই বিষয়ে আমি সকলোৱে জানো। পুৱা সাৰ পোৱাৰ পাছত যদি আপুনি ইয়াক গৰম পানীৰ সৈতে মিহলাই খায়, তেন্তে ওজন কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে নেমু আমাৰ হজম শক্তিত অতি সহায়ক বুলি প্ৰমাণিত হয়, যাৰ বাবে পেটৰ লগত জড়িত বহু সমস্যা নাইকিয়া হয়। 

ইয়াৰ পিছতো যিকোনো বস্তুৰ অত্যধিক ব্যৱহাৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। ভাৰতৰ বিখ্যাত স্বাস্থ্য বিশেষজ্ঞ ‘নিখিল ভাটে’ কয় যে অতিৰিক্তভাৱে নেমুৰ পানী সেৱন কৰাটো আমাৰ শৰীৰৰ বাবে কিয় ভাল নহয়।

অত্যধিক নেমু পানী খোৱাৰ অসুবিধা

১) একাধিক অংগৰ ক্ষতি হ’ব পাৰেঃ নেমু ভিটামিন চিৰ সমৃদ্ধ উৎস। যদি আমাৰ শৰীৰত এই পুষ্টিকৰ পদাৰ্থৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে ই বহুতো গুৰুত্বপূৰ্ণ অংগত প্ৰভাৱ পেলায়, গতিকে বহু চিকিৎসকেও ইয়াক সীমিত পৰিমাণত সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে।

২) পেটৰ বিষঃ  ভিটামিন চি অত্যধিক সেৱন কৰিলে পেটৰ এচিডিক নিঃসৰণ বৃদ্ধি হোৱাৰ আশংকা দেখা যায় কাৰণ ই এচিডিটিৰ সম্ভাৱনা বৃদ্ধি কৰে। এই সমস্যা ইয়াতেই ক্ষান্ত নাথাকে। অধিক নেমুৰ পানী খালে বমি, ডায়েৰিয়া আৰু ওকালিৰ দৰে সমস্যাৰ সৃষ্টি হয়। বহুতে Gastroesophageal Reflux ৰোগত আক্ৰান্ত হয়, তেওঁলোকে নেমুৰ পানী কমকৈ খাব লাগে।

৩) মুখত ঘাঁ হোৱাঃ নেমুৰ বাবে মুখৰ দুৰ্গন্ধ আঁতৰে আৰু দাঁত পৰিষ্কাৰ হয়, কিন্তু যদি আপুনি অতিৰিক্তভাৱে নেমুৰ পানী খায়, তেন্তে ইয়াত উপস্থিত থকা চাইট্ৰিক এচিডে মুখত গুটি আৰু ফোঁহাৰ সৃষ্টি কৰে। 

৪) দুৰ্বল দাঁতঃ যেতিয়াই নেমুৰ পানী খাব তেতিয়াই ষ্ট্ৰ’ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়াৰ ফলত নেমুৰ ৰসৰ সৈতে দাঁতৰ সংস্পৰ্শ কম হ’ব। এনে কৰিলে দাঁতবোৰ দুৰ্বল হোৱাৰ পৰা ৰক্ষা পৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু