--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে অভিযোগ কৰে যে তেওঁলোকৰ শৰীৰত হঠাতে ঝিনঝিননি অনুভৱ হয়। এনেকুৱা কেতিয়াবা হলে সমস্যা নাই, কিন্তু যদি এইটো প্ৰতিদিনে হ’বলৈ ধৰে তেন্তে ই এক অতি চিন্তাৰ বিষয়। বিশেষজ্ঞসকলৰ মতে কিছুমান বিশেষ ভিটামিনৰ অভাৱ ঘটিলে এনেকুৱা হয়। ভিটামিনৰ অভাৱৰ বাবে স্নায়ুৰ ক্ষতি আৰম্ভ হয় আৰু পাছত আপুনিও পক্ষাঘাতৰ বলি হ’ব পাৰে। স্নায়ুবোৰ সুস্থ কৰি ৰখাত ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভিটামিনৰ অভাৱ হলে ঝিনঝিননি অনুভৱ হয়।

বিশেষজ্ঞসকলৰ মতে ভিটামিন বি ১, বি ৬, বি ১২, বি ৯ আৰু ভিটামিন ই ৰ অভাৱত হাত ভৰি ঝিনঝিনায়। কেতিয়াবা এন্টিঅক্সিডেন্টৰ অভাৱতো এনে হয়। ভিটামিন বি ১২ য়ে স্নায়ুসমূহক সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ চাৰিওফালে দেহৰক্ষী স্তৰ হিচাপে কাম কৰে। এন্টিঅক্সিডেন্টেও স্নায়ু উন্নত কৰে।

যদিহে ঝিনঝিননিৰ সমস্যাটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে, তেন্তে বিশেষজ্ঞসকলে কয় যে খাই-বৈ খাই ইয়াক প্ৰতিহত কৰিব পাৰি। আপুনি এই খাদ্য সমূহ আপোনাৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু দৈনিক ব্যায়াম কৰিব লাগিব। ভিটামিন বি ১ৰ বাবে খাদ্যত শস্য, বীন, মচুৰ দাইল, বাদাম আৰু মাংস অন্তৰ্ভুক্ত কৰিব লাগিব। 

ভিটামিন বি ৬ৰ বাবে আলু, বাদাম, শস্যজাতীয় খাদ্য, মাছ আৰু কুকুৰাক খাদ্যৰ অংশ কৰি লওক। সেউজীয়া পাতযুক্ত শাক-পাচলি, সূৰ্যমুখী গুটি আৰু কিডনী বিন আদিত প্ৰচুৰ পৰিমাণে ভিটামিন বি ৯ পোৱা যায়। দুগ্ধজাত সামগ্ৰী - গাখীৰ, দৈ, পনিৰ আৰু মাখন ব্যৱহাৰ কৰিব পাৰি ভিটামিন বি ১২ৰ বাবে। ভিটামিন ইৰ বাবে খাদ্যত সূৰ্যমুখী ফুলৰ গুটি, আলমণ্ড আৰু ব্ৰকলি খাব লাগে।

এনেদৰে খাদ্যত গুৰুত্ব দিলে এই সমস্যাৰ পৰা মুক্ত হব পাৰিব। কিন্তু সমস্যা দীঘলীয়া হৈ গৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ