--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে অভিযোগ কৰে যে তেওঁলোকৰ শৰীৰত হঠাতে ঝিনঝিননি অনুভৱ হয়। এনেকুৱা কেতিয়াবা হলে সমস্যা নাই, কিন্তু যদি এইটো প্ৰতিদিনে হ’বলৈ ধৰে তেন্তে ই এক অতি চিন্তাৰ বিষয়। বিশেষজ্ঞসকলৰ মতে কিছুমান বিশেষ ভিটামিনৰ অভাৱ ঘটিলে এনেকুৱা হয়। ভিটামিনৰ অভাৱৰ বাবে স্নায়ুৰ ক্ষতি আৰম্ভ হয় আৰু পাছত আপুনিও পক্ষাঘাতৰ বলি হ’ব পাৰে। স্নায়ুবোৰ সুস্থ কৰি ৰখাত ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভিটামিনৰ অভাৱ হলে ঝিনঝিননি অনুভৱ হয়।

বিশেষজ্ঞসকলৰ মতে ভিটামিন বি ১, বি ৬, বি ১২, বি ৯ আৰু ভিটামিন ই ৰ অভাৱত হাত ভৰি ঝিনঝিনায়। কেতিয়াবা এন্টিঅক্সিডেন্টৰ অভাৱতো এনে হয়। ভিটামিন বি ১২ য়ে স্নায়ুসমূহক সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ চাৰিওফালে দেহৰক্ষী স্তৰ হিচাপে কাম কৰে। এন্টিঅক্সিডেন্টেও স্নায়ু উন্নত কৰে।

যদিহে ঝিনঝিননিৰ সমস্যাটো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে, তেন্তে বিশেষজ্ঞসকলে কয় যে খাই-বৈ খাই ইয়াক প্ৰতিহত কৰিব পাৰি। আপুনি এই খাদ্য সমূহ আপোনাৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু দৈনিক ব্যায়াম কৰিব লাগিব। ভিটামিন বি ১ৰ বাবে খাদ্যত শস্য, বীন, মচুৰ দাইল, বাদাম আৰু মাংস অন্তৰ্ভুক্ত কৰিব লাগিব। 

ভিটামিন বি ৬ৰ বাবে আলু, বাদাম, শস্যজাতীয় খাদ্য, মাছ আৰু কুকুৰাক খাদ্যৰ অংশ কৰি লওক। সেউজীয়া পাতযুক্ত শাক-পাচলি, সূৰ্যমুখী গুটি আৰু কিডনী বিন আদিত প্ৰচুৰ পৰিমাণে ভিটামিন বি ৯ পোৱা যায়। দুগ্ধজাত সামগ্ৰী - গাখীৰ, দৈ, পনিৰ আৰু মাখন ব্যৱহাৰ কৰিব পাৰি ভিটামিন বি ১২ৰ বাবে। ভিটামিন ইৰ বাবে খাদ্যত সূৰ্যমুখী ফুলৰ গুটি, আলমণ্ড আৰু ব্ৰকলি খাব লাগে।

এনেদৰে খাদ্যত গুৰুত্ব দিলে এই সমস্যাৰ পৰা মুক্ত হব পাৰিব। কিন্তু সমস্যা দীঘলীয়া হৈ গৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু