--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শাৰিৰীক অৱস্থা অৱনতি ঘটিছে নেকি ভ্লাদিমিৰ পুটিনৰ? ইউক্ৰেইন যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ শাৰিৰীক অৱস্থাক লৈ মাজে মাজে কেতবোৰ খবৰ পোৱা যায়। শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুযায়ী, ভয়ংকৰ অসুখত ভুগিছে পুটিনে।

 

ব্ৰিটিছ সংবাদমাধ্যম 'এক্সপ্ৰেছ’ত প্ৰকাশিত এক বাতৰি অনুযায়ী, পুটিনৰ হাতত ক’লা দাগ দেখা গৈছে। পুটিনৰ কেইখনমান শেহতীয়া ছৱিৰ ওপৰত ভিত্তি কৰিয়েই এই বাতৰি প্ৰকাশ কৰা হৈছে।

 

সামাজিক মাধ্যমত বিয়পি পৰা ফটোকেইখনত পুটিনৰ হাতত ক’লা দাগ স্পষ্টৰূপে দেখা পোৱা গৈছে। বিশ্লেষকসকলৰ মতে, এইসমূহ হৈছে পুটিনৰ হাতৰ ধমনীত দিয়া ইনজেকচনৰ দাগ।

 

কিন্তু শৰীৰৰ আন অংশসমূহৰ সলনি কিয় হাতত ইনজেকচন দিয়া হ’ল, সেই বিষয়ে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। পুটিনক ইমানেই ইনজেকচন দিয়া হৈছে নে যে তেওঁৰ হাতৰ বাদে শৰীৰৰ আন একো অংশ বাকী থকা নাই! ভয়ানক অসুখত ভুগি আছে নেকি পুটিন?

 

উল্লেখ্য যে কেইমাহমান আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিপ’ৰ্টত দাবী কৰা হৈছিল যে পুটিন কেঞ্চাৰত আক্ৰান্ত হৈছে। একেটা ৰিপ’ৰ্টতে কোৱা হৈছিল যে চলিত বৰ্ষৰে মাৰ্চ মাহত পুটিনক হত্যা কৰিবলৈ পৰিকল্পনা কৰা হৈছিল।

 

পুটিনৰ বয়স প্ৰায় ৭০ৰ উচৰা-উচৰি। স্বাভাৱিকভাৱেই বাৰ্ধক্যজনিত কিছু অসুস্থতা তেওঁৰ আছে। কিন্তু শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যক লৈ হোৱা চৰ্চাই নতুন উদ্ৰেকৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক