--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্য সলনি হোৱাৰ আশাত লটাৰী বহু লোকেই খেলে। লটাৰী সঁচাকৈয়ে ভাগ্যৰ খেল। লটাৰীয়ে সলাই দিব পাৰে মানুহৰ ভাগ্য। দক্ষিণ চীনত লটাৰীৰ এক ঘটনা পোহৰলৈ আহিছে, যিয়ে সকলোতে চৰ্চা লাভ কৰিছে। লী নামৰ এজন লোকে ধনী হোৱাৰ আশাত মাজে মাজে লটাৰী কিনিছিল। কিন্তু তেওঁ কল্পনাও কৰিব পৰা নাছিল যে তেওঁ লটাৰীত বিপুল পৰিমাণৰ ধন লাভ কৰিব। শেহতীয়াকৈ তেওঁ লটাৰীত জিকিলে বিপুল পৰিমাণৰ ধন।

লটাৰীত লীয়ে ২২ কোটি ইউয়ান (চীনা মুদ্ৰা) লাভ কৰে। ভাৰতীয় টকাত যিটো ২৫০ কোটি টকাতকৈও অধিক।

লটাৰীত কোটিপতি হোৱাৰ পিছতো লীয়ে ঘৰত কথাটো কোৱা নাছিল। গোটেই পৰিয়ালটোৰ পৰা লটাৰী জিকাটো তেওঁ গোপন কৰি ৰাখিছিল।

ক্ৰীড়াৰ বিকাশৰ বাবে চীন চৰকাৰে নিয়মিতভাৱে লটাৰীৰ আয়োজন কৰে। শেহতীয়াকৈ লিয়ে লটাৰীত জয়ী হোৱা ধন সংগ্ৰহ কৰিবলৈ দেশৰ গুৱাংছি প্ৰদেশৰ নানিংত থকা লটাৰী আয়োজক কোম্পানীটোৰ কাৰ্যালয়লৈ গৈছিল।

লিয়ে নানিঙৰ লটাৰী আয়োজক কাৰ্যালয়ৰ পৰা লটাৰীৰ পুৰস্কাৰ লৈছিল। তেতিয়াহে বিষয়টো জানিব পৰা গ’ল। কিন্তু, পত্নী আৰু সন্তানক এই ডাঙৰ খবৰটো কিয় কোৱা নাছিল বুলি সকলোৱে লীক প্ৰশ্ন কৰে।

লীয়ে কয় যে মই মোৰ পত্নী আৰু ল’ৰা-ছোৱালীক লটাৰী জয় কৰাৰ কথা কোৱা নাছিলো কাৰণ তেওঁলোকে হয়তো আত্মতুষ্টি লাভ কৰিব। ফলত তেওঁলোকে ভৱিষ্যতে কঠোৰ পৰিশ্ৰমৰ কথা পাহৰি এলেহুৱা হৈ পৰিব পাৰে। সেয়েহে মই তেওঁলোকক লটাৰী জিকাৰ কথা কোৱা নাছিলো।

উল্লেখ্য যে লটাৰীৰ পৰা পোৱা ধনৰ এক বৃহৎ অংশ লীয়ে দান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ