--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত সংঘটিত হোৱা বহুতো কাহিনী পোহৰলৈ আহিছে, তাৰে কিছুমান সাহসী আৰু কিছুমান আৱেগিক। ইউক্ৰেইনৰ বহু লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে অন্য দেশলৈ ঢাপলি মেলিছে। ইতিমধ্যে প্ৰায় ১০ লাখ লোকে এৰিছে ইউক্ৰেইন। যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটি ১১ বছৰীয়া শিশুৱে অকলে ৰে'লত ১,০০০ কিলোমিটাৰ যাত্ৰা কৰি শ্লোভাকিয়াত উপস্থিত হয়। সাহসী শিশু সেই সময়ত তেওঁৰ লগত আছিল এটা বেগ,মাতৃৰ এখন চিঠি,এখন পাচপোৰ্ট আৰু হাতত লিখা আছিল এটা টেলিফোন নম্বৰ। শ্লোভাকিয়াৰ মন্ত্ৰালয়ে শিশুটোৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, ইয়াৰ পাছতেই একাংশৰ বাবে প্ৰশংসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিশুটি। সাহসী শিশু ১১ বছৰীয়া শিশুটিয়ে দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজিয়াত বাস কৰে। যোৱা সপ্তাহত ৰাছিয়াৰ সেনাই সেই স্থান দখন কৰিছিল। বাতৰি অনুসৰি, তেওঁৰ পিতৃ-মাতৃয়ে অসুস্থ আত্মীয়ৰ যত্ন ল'বলৈ ইউক্ৰেইনত থাকিব লগা হৈছিল। কিন্তু সন্তানটিৰ সুৰক্ষাৰ স্বাৰ্থত শ্লোভাকিয়ালৈ শিশুটিক প্ৰেৰণ কৰে অভিভাৱকে।শ্লোভাকিয়াত শিশুটিৰ কোনো আত্মীয় বাস কৰে। প্ৰাণৰ মমতাত অকলেই শ্লোভাকিয়াত উপস্থিত হয়হি কণমানি ল'ৰাটি। শিশুটিৱে তেওঁৰ হাঁহি, নিৰ্ভীকতা আৰু এজন প্ৰকৃত হিৰ'ৰ দৰে সকলোৰে অন্তৰ জয় কৰিছিল। সাহসী শিশু শ্লোভাকিয়া মন্ত্ৰালয়ৰ স্বেচ্চাসেৱকসকলে শিশুটিৰ খোৱা-বোৱাৰ যত্ন লৈছিল আৰু তেওঁক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ এক গৰম স্থানলৈ লৈ গৈছিল। শ্লোভাকিয়াৰ মন্ত্ৰালয়ে কয় যে "এই কণমানি ল'ৰাটো যোৱা নিশাৰ সকলোতকৈ ডাঙৰ নায়ক”। সাহসী শিশু অৱশেষত ৰাজধানী ব্ৰাটিস্লাভাত থকা আত্মীয়ৰ হাতত শিশুটিক অৰ্পণ কৰে শ্লোভাকিয়াৰ মন্ত্ৰালয়ে। শিশুটিৰ মাতৃয়ে শ্লোভাকিয়াৰ মন্ত্ৰালয়ক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; ১০ মাৰ্চত ঘোষণা হ’ব ফলাফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু