--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত সংঘটিত হোৱা বহুতো কাহিনী পোহৰলৈ আহিছে, তাৰে কিছুমান সাহসী আৰু কিছুমান আৱেগিক। ইউক্ৰেইনৰ বহু লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে অন্য দেশলৈ ঢাপলি মেলিছে। ইতিমধ্যে প্ৰায় ১০ লাখ লোকে এৰিছে ইউক্ৰেইন। যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটি ১১ বছৰীয়া শিশুৱে অকলে ৰে'লত ১,০০০ কিলোমিটাৰ যাত্ৰা কৰি শ্লোভাকিয়াত উপস্থিত হয়। সাহসী শিশু সেই সময়ত তেওঁৰ লগত আছিল এটা বেগ,মাতৃৰ এখন চিঠি,এখন পাচপোৰ্ট আৰু হাতত লিখা আছিল এটা টেলিফোন নম্বৰ। শ্লোভাকিয়াৰ মন্ত্ৰালয়ে শিশুটোৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, ইয়াৰ পাছতেই একাংশৰ বাবে প্ৰশংসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিশুটি। সাহসী শিশু ১১ বছৰীয়া শিশুটিয়ে দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজিয়াত বাস কৰে। যোৱা সপ্তাহত ৰাছিয়াৰ সেনাই সেই স্থান দখন কৰিছিল। বাতৰি অনুসৰি, তেওঁৰ পিতৃ-মাতৃয়ে অসুস্থ আত্মীয়ৰ যত্ন ল'বলৈ ইউক্ৰেইনত থাকিব লগা হৈছিল। কিন্তু সন্তানটিৰ সুৰক্ষাৰ স্বাৰ্থত শ্লোভাকিয়ালৈ শিশুটিক প্ৰেৰণ কৰে অভিভাৱকে।শ্লোভাকিয়াত শিশুটিৰ কোনো আত্মীয় বাস কৰে। প্ৰাণৰ মমতাত অকলেই শ্লোভাকিয়াত উপস্থিত হয়হি কণমানি ল'ৰাটি। শিশুটিৱে তেওঁৰ হাঁহি, নিৰ্ভীকতা আৰু এজন প্ৰকৃত হিৰ'ৰ দৰে সকলোৰে অন্তৰ জয় কৰিছিল। সাহসী শিশু শ্লোভাকিয়া মন্ত্ৰালয়ৰ স্বেচ্চাসেৱকসকলে শিশুটিৰ খোৱা-বোৱাৰ যত্ন লৈছিল আৰু তেওঁক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ এক গৰম স্থানলৈ লৈ গৈছিল। শ্লোভাকিয়াৰ মন্ত্ৰালয়ে কয় যে "এই কণমানি ল'ৰাটো যোৱা নিশাৰ সকলোতকৈ ডাঙৰ নায়ক”। সাহসী শিশু অৱশেষত ৰাজধানী ব্ৰাটিস্লাভাত থকা আত্মীয়ৰ হাতত শিশুটিক অৰ্পণ কৰে শ্লোভাকিয়াৰ মন্ত্ৰালয়ে। শিশুটিৰ মাতৃয়ে শ্লোভাকিয়াৰ মন্ত্ৰালয়ক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; ১০ মাৰ্চত ঘোষণা হ’ব ফলাফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক