--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত নিহত হৈছে হাজাৰ হাজাৰ লোক৷ লাখ লাখ লোকে আশ্ৰয় লৈছে চুবুৰীয়া ৰাষ্ট্ৰত৷ বহু গৃহহীন হোৱাৰ লগতে খাদ্য নাটনিত ভুগিছে বহু লোক৷ এই বিশৃংখলতাৰ মাজতে, সমুখ সমৰৰ পৰা ইউক্ৰেইন ৰক্ষাৰ স্বাৰ্থত যুদ্ধত নামি পৰা এহাল দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়৷ সামৰিক পোছাক পৰিধান কৰিয়ে বিবাহপাশত আবদ্ধ হোৱা দম্পতীক লৈ ইন্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ'বোৰত দেখা পোৱা যুটিটো - লেচিয়া আৰু ভেলেৰী বুলি জানিব পৰা গৈছে৷ আঞ্চলিক প্ৰতিৰক্ষাৰ সৈতে জড়িত হোৱা দম্পতীয়ে কিয়েভতে বিবাহ উদযাপন কৰিছে। লেচিয়াক ফুলৰ থোপা ধৰি থকা অৱস্থাত দেখাৰ লগতে দুয়োৰে হাতত চেম্পেইনৰ গ্লাছ আছে। https://twitter.com/Ukrain_War/status/1500490518010404864?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1500490518010404864%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fworld-news%2Fukraine-war-2-soldiers-get-married-on-battlefield-video-viral-2807933 যুদ্ধৰ গুলী-বাৰুদৰ শব্দৰ মাজতো লেচিয়া আৰু ভেলেৰীক তেওঁলোকৰ সহকৰ্মীসকলে আগুৰি ধৰি স্থানীয় সুৰৰে পৰিবেশটো সুন্দৰ কৰি তুলিছে। এজন সৈনিকক পৰম্পৰাগত ইউক্ৰেনীয় বাদ্যযন্ত্ৰত সুৰ বজোৱা দেখা গৈছে। কইনাগৰাকীক সেনাৰ হেলমেটৰ পৰিৱৰ্তে বগা ওৰণি পিন্ধা আৰু ভেলেৰিৰ হাতত ধৰি থকা দেখা গৈছে। ভিডিঅ'টো প্ৰথমে জাৰ্মান সংবাদ মাধ্যম বিল্ডৰ প্ৰতিবেদক পল ৰঞ্জহেইমাৰে শ্বেয়াৰ কৰিছিল। যদিও বহুকেইখন ইউক্ৰেইনৰ চহৰত ৰাছিয়াই যুদ্ধ বিৰতি ঘোষণা কৰিছে তথাপি ৰাছিয়াক মুঠেই বিশ্বাসত ল'ব পৰা নাই ইউক্ৰেইনে৷ ৰাজধানী ইউক্ৰেইনৰ কিয়েভ আৰু খাৰকিভ, মাৰিয়পোল আৰু চুমিৰ দৰে অন্যান্য চহৰসমূহত বৰ্তমানেও উৎকণ্ঠাৰে দিন কটাইছে জনতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু