--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত নিহত হৈছে হাজাৰ হাজাৰ লোক৷ লাখ লাখ লোকে আশ্ৰয় লৈছে চুবুৰীয়া ৰাষ্ট্ৰত৷ বহু গৃহহীন হোৱাৰ লগতে খাদ্য নাটনিত ভুগিছে বহু লোক৷ এই বিশৃংখলতাৰ মাজতে, সমুখ সমৰৰ পৰা ইউক্ৰেইন ৰক্ষাৰ স্বাৰ্থত যুদ্ধত নামি পৰা এহাল দম্পতীয়ে বিবাহপাশত আবদ্ধ হয়৷ সামৰিক পোছাক পৰিধান কৰিয়ে বিবাহপাশত আবদ্ধ হোৱা দম্পতীক লৈ ইন্টাৰনেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ'বোৰত দেখা পোৱা যুটিটো - লেচিয়া আৰু ভেলেৰী বুলি জানিব পৰা গৈছে৷ আঞ্চলিক প্ৰতিৰক্ষাৰ সৈতে জড়িত হোৱা দম্পতীয়ে কিয়েভতে বিবাহ উদযাপন কৰিছে। লেচিয়াক ফুলৰ থোপা ধৰি থকা অৱস্থাত দেখাৰ লগতে দুয়োৰে হাতত চেম্পেইনৰ গ্লাছ আছে। https://twitter.com/Ukrain_War/status/1500490518010404864?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1500490518010404864%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Fworld-news%2Fukraine-war-2-soldiers-get-married-on-battlefield-video-viral-2807933 যুদ্ধৰ গুলী-বাৰুদৰ শব্দৰ মাজতো লেচিয়া আৰু ভেলেৰীক তেওঁলোকৰ সহকৰ্মীসকলে আগুৰি ধৰি স্থানীয় সুৰৰে পৰিবেশটো সুন্দৰ কৰি তুলিছে। এজন সৈনিকক পৰম্পৰাগত ইউক্ৰেনীয় বাদ্যযন্ত্ৰত সুৰ বজোৱা দেখা গৈছে। কইনাগৰাকীক সেনাৰ হেলমেটৰ পৰিৱৰ্তে বগা ওৰণি পিন্ধা আৰু ভেলেৰিৰ হাতত ধৰি থকা দেখা গৈছে। ভিডিঅ'টো প্ৰথমে জাৰ্মান সংবাদ মাধ্যম বিল্ডৰ প্ৰতিবেদক পল ৰঞ্জহেইমাৰে শ্বেয়াৰ কৰিছিল। যদিও বহুকেইখন ইউক্ৰেইনৰ চহৰত ৰাছিয়াই যুদ্ধ বিৰতি ঘোষণা কৰিছে তথাপি ৰাছিয়াক মুঠেই বিশ্বাসত ল'ব পৰা নাই ইউক্ৰেইনে৷ ৰাজধানী ইউক্ৰেইনৰ কিয়েভ আৰু খাৰকিভ, মাৰিয়পোল আৰু চুমিৰ দৰে অন্যান্য চহৰসমূহত বৰ্তমানেও উৎকণ্ঠাৰে দিন কটাইছে জনতাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক