--°C
Loading...
Listen to Article
2 min read
80%

পুনৰ ইউক্ৰেইনৰ ওপৰত গুৰুতৰ অভিযোগ ৰাছিয়াৰ

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ১২ দিনত ভৰি দিলে। এতিয়ালৈ বহু লোকে মৃত্যুক সাৱটি ল’লে। ইয়াৰ ভিতৰত দুয়োদেশৰ সামৰিক বাহিনীৰ লগতে ইউক্ৰেইন নিবাসী নাগৰিকসকলৰ লগতে অন্য দেশৰ নাগৰিকো অন্তৰ্ভুক্ত আছিল। ভাৰতৰো দুগৰাকী ছাত্ৰই যুদ্ধৰ মাজতে প্ৰাণ হেৰুৱালে। ইয়াৰ পাছতো যুদ্ধ সমাপ্ত হোৱা নাই। অৱশ্যে অংশকালীনভাৱে যুদ্ধ বিৰতিৰ প্ৰস্তাৱত দুয়ো দেশ সৈমান হৈছিল। ইউক্ৰেইনৰ মাৰিয়পোল আৰু ভলোভকাত আক্ৰমণ বন্ধ কৰা হ’ব বুলি ৰাছিয়াই ঘোষণা কৰিছিল। সাধাৰণ লোকসকলক উদ্ধাৰ কৰাৰ বাবেই এই সিদ্ধান্তত উপনীত হৈছিল সংঘৰ্ষত লিপ্ত দেশ দুখন। পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী এটা নিৰ্দিষ্ট সময়ত যুদ্ধৰ সামৰিক কাৰ্য বন্ধ হৈছিল। যুদ্ধৰ ক্লান্তিৰ অৱসাদগ্ৰস্ত আৰু আঘাতপ্ৰাপ্ত লোকসকল বাংকাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছিল। কিন্তু যুদ্ধ-বিৰতিৰ সিদ্ধান্ত কথাৰ মাজতেই সীমাবদ্ধ হৈ থাকিল। ৰাছিয়াৰ গোলাবৰ্ষণ গোটেই দিনটো অব্যাহত আছিল। যি উদ্দেশ্যে যুদ্ধ-বিৰতি ঘোষণা কৰা হৈছিল, সেই উদ্দেশ্য ৰূপায়িত নহ’ল। উদ্ধাৰ অভিযান তৎক্ষণাৎ বন্ধ কৰিব লগা হৈছিল। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাত ৰাছিয়া আৰু ইউক্ৰেইন উভয়ে প্ৰতিশ্ৰুতি দিছিল যে যুদ্ধ-ভূমিৰ মাজত আবদ্ধ হৈ থকা নিৰীহ লোকসকলক উদ্ধাৰ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। যুদ্ধৰ আৰম্ভণিৰ পৰাই ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগ, মিছা তথ্য প্ৰদানকে ধৰি বহুতো অভিযোগ উত্থাপিত হৈছে। আনকি ৰাছিয়াই কালি এটা প্ৰতিবেদনত দাবী কৰিছিল যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি ইউক্ৰেইনৰ পৰা পলাই গৈছিল। তেওঁ এইটোও কৈছিল যে তেওঁ পোলেণ্ডত আশ্ৰয় লৈছে। কিন্তু পৰৱৰ্তী সময়ত জেলেনস্কিয়ে সেই দাবী খাৰিজ কৰে আৰু ইনষ্টাগ্ৰাম যোগে তেওঁৰ স্থিতি ৰাজহুৱা কৰে। তেওঁ কিয়েভৰ কাৰ্যালয়ত বহি ভিডিঅ’টো ইনষ্টাগ্ৰামত মাধ্যমত শ্বেয়াৰ কৰিছিল। কিন্তু জেলেনস্কিৰ এই দাবীৰ প্ৰতি পৰৱৰ্তী সময়ত মস্কোৱে নিজৰ মতামত দিয়াৰ পৰা বিৰত আছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে আজি ৰাছিয়াৰ ফালৰ পৰা আন এটা খবৰহে প্ৰকাশ পাইছে; ৰাছিয়া-ইউক্ৰেইন শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ডেনিছ কিৰিভক হত্যা কৰা হৈছে। ৰাছিয়াই দাবী কৰা মতে ইউক্ৰেনে তেওঁক দেশদ্ৰোহৰ অভিযোগত হত্যা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক