--°C
Loading...
Listen to Article
2 min read
80%

পুনৰ ইউক্ৰেইনৰ ওপৰত গুৰুতৰ অভিযোগ ৰাছিয়াৰ

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ১২ দিনত ভৰি দিলে। এতিয়ালৈ বহু লোকে মৃত্যুক সাৱটি ল’লে। ইয়াৰ ভিতৰত দুয়োদেশৰ সামৰিক বাহিনীৰ লগতে ইউক্ৰেইন নিবাসী নাগৰিকসকলৰ লগতে অন্য দেশৰ নাগৰিকো অন্তৰ্ভুক্ত আছিল। ভাৰতৰো দুগৰাকী ছাত্ৰই যুদ্ধৰ মাজতে প্ৰাণ হেৰুৱালে। ইয়াৰ পাছতো যুদ্ধ সমাপ্ত হোৱা নাই। অৱশ্যে অংশকালীনভাৱে যুদ্ধ বিৰতিৰ প্ৰস্তাৱত দুয়ো দেশ সৈমান হৈছিল। ইউক্ৰেইনৰ মাৰিয়পোল আৰু ভলোভকাত আক্ৰমণ বন্ধ কৰা হ’ব বুলি ৰাছিয়াই ঘোষণা কৰিছিল। সাধাৰণ লোকসকলক উদ্ধাৰ কৰাৰ বাবেই এই সিদ্ধান্তত উপনীত হৈছিল সংঘৰ্ষত লিপ্ত দেশ দুখন। পূৰ্ব নিৰ্ধাৰিত সিদ্ধান্ত অনুযায়ী এটা নিৰ্দিষ্ট সময়ত যুদ্ধৰ সামৰিক কাৰ্য বন্ধ হৈছিল। যুদ্ধৰ ক্লান্তিৰ অৱসাদগ্ৰস্ত আৰু আঘাতপ্ৰাপ্ত লোকসকল বাংকাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছিল। কিন্তু যুদ্ধ-বিৰতিৰ সিদ্ধান্ত কথাৰ মাজতেই সীমাবদ্ধ হৈ থাকিল। ৰাছিয়াৰ গোলাবৰ্ষণ গোটেই দিনটো অব্যাহত আছিল। যি উদ্দেশ্যে যুদ্ধ-বিৰতি ঘোষণা কৰা হৈছিল, সেই উদ্দেশ্য ৰূপায়িত নহ’ল। উদ্ধাৰ অভিযান তৎক্ষণাৎ বন্ধ কৰিব লগা হৈছিল। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাত ৰাছিয়া আৰু ইউক্ৰেইন উভয়ে প্ৰতিশ্ৰুতি দিছিল যে যুদ্ধ-ভূমিৰ মাজত আবদ্ধ হৈ থকা নিৰীহ লোকসকলক উদ্ধাৰ কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। যুদ্ধৰ আৰম্ভণিৰ পৰাই ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগ, মিছা তথ্য প্ৰদানকে ধৰি বহুতো অভিযোগ উত্থাপিত হৈছে। আনকি ৰাছিয়াই কালি এটা প্ৰতিবেদনত দাবী কৰিছিল যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি ইউক্ৰেইনৰ পৰা পলাই গৈছিল। তেওঁ এইটোও কৈছিল যে তেওঁ পোলেণ্ডত আশ্ৰয় লৈছে। কিন্তু পৰৱৰ্তী সময়ত জেলেনস্কিয়ে সেই দাবী খাৰিজ কৰে আৰু ইনষ্টাগ্ৰাম যোগে তেওঁৰ স্থিতি ৰাজহুৱা কৰে। তেওঁ কিয়েভৰ কাৰ্যালয়ত বহি ভিডিঅ’টো ইনষ্টাগ্ৰামত মাধ্যমত শ্বেয়াৰ কৰিছিল। কিন্তু জেলেনস্কিৰ এই দাবীৰ প্ৰতি পৰৱৰ্তী সময়ত মস্কোৱে নিজৰ মতামত দিয়াৰ পৰা বিৰত আছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে আজি ৰাছিয়াৰ ফালৰ পৰা আন এটা খবৰহে প্ৰকাশ পাইছে; ৰাছিয়া-ইউক্ৰেইন শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ডেনিছ কিৰিভক হত্যা কৰা হৈছে। ৰাছিয়াই দাবী কৰা মতে ইউক্ৰেনে তেওঁক দেশদ্ৰোহৰ অভিযোগত হত্যা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু