--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানত পাকিস্তানৰ বিত্তীয় সংকট শীৰ্ষত উপনীত হৈছে। সমান্তৰালভাৱে  খাদ্যসংকটো বৃদ্ধি পাইছে। শেহতীয়াকৈ, পাকিস্তানৰ সংকটৰ কেইবাটাও ভিডিঅ' আৰু ছবিও পোহৰলৈ আহিছে।

পাকিস্তানত খাদ্যৰ বাবে লুণ্ঠন আৰম্ভ হৈছে। কিন্তু ইয়াৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ঋণ বিচাৰিবলৈ লজ্জিত হয়। এক চৰকাৰী অনুষ্ঠানত তেওঁ লজ্জা প্ৰকাশ কৰে। যদি পাকিস্তানৰ সংবাদ মাধ্যম নিউজ ইণ্টাৰনেচনেলত প্ৰকাশিত প্ৰতিবেদনটো সঁচা হয়, শ্বাহবাজে যি কৈছে তাৰ অৰ্থ হৈছে যে পাৰমাণৱিক সশস্ত্ৰ দেশ হোৱা স্বত্বেও পাকিস্তানে বিদেশৰ ওচৰত সহায়ৰ বাবে হাত পতাটো লাজৰ বিষয়।

শনিবাৰে, শ্বাহবাজে পাকিস্তানৰ আমোলা নিযুক্তি পৰীক্ষা পিএএছ উত্তীৰ্ণৰ সৈতে এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। একেটা অনুষ্ঠানতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ অস্বস্তি প্ৰকাশ কৰে। "বিদেশৰ পৰা ধন ধাৰ লোৱাটো এটা সমাধান হ'ব নোৱাৰে," শ্বাহবাজে এক চৰকাৰী অনুষ্ঠানত কয়। কাৰণ  পাকিস্তানে এই টকা সূতৰ সৈতে ঘূৰাই দিব লাগিব। অৱশ্যে, একে সময়তে তেওঁ ধনৰ বাবে আন দেশৰ প্ৰতিও অসন্তুষ্টি প্ৰকাশ কৰে। পাকিস্তানী সংবাদ মাধ্যমৰ মতে শ্বাহবাজে কয়, "পাৰমাণৱিক অস্ত্ৰ থকা এখন দেশে ভিক্ষা কৰিব লগাটো লজ্জাৰ বিষয়। ''

বৰ্তমান পাকিস্তানৰ  সাধাৰণ নাগৰিকসকলেও  খাদ্য সংগ্ৰহ কৰোঁতে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰিছে। ৰুটি  হৈছে দেশখনৰ  মুখ্য খাদ্য, সমগ্ৰ দেশতে ঘেঁহুৰ অভাৱ হৈছে। ঘেঁহু আৰু ময়দাৰ মূল্য বৃদ্ধি পাইছে। পাকিস্তান পৰিসংখ্যা ব্যুৰো (পিবিএছ)ৰ মতে, অন্যান্য খাদ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। ২০২২ চনৰ জানুৱাৰীত প্ৰতি কিলোগ্ৰামত ৩৬ টকা মূল্যৰ পিঁয়াজৰ মূল্য এই বছৰৰ জানুৱাৰীত প্ৰতি কিলোগ্ৰামত ২২০ টকাত উপনীত হৈছিল।  ইয়াৰ বাহিৰেও, দৈনিক সামগ্ৰী যেনে মুৰ্গী, গাখীৰ, পিঠা, কলৰ মূল্য প্ৰায় আকাশচুম্বী হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক